অসমীয়া সাহিত্য জগতত মফিজুদ্দিন আহমদ হাজৰিকাৰ অৱদান | দশমী শইকীয়া

সাহিত্য হৈছে এটা জাতিৰ দাপোণস্বৰূপ ৷ ই জাতিটোৰ সপোনৰ কঠিয়াতলী ৷ য’ত অংকুৰিত হয় সোণালী ভৱিষ্যত ৷  সমাজত বৰ্তি থকা আবেগ অনুভূতি, ৰীতি নীতি আদি বিভিন্ন দিশ সাহিত্যৰ যোগেদি প্ৰতিফলিত হয় ৷ অসমীয়া সাহিত্যৰ এটি উজ্জ্বল জ্যোতিষ্কৰ নাম হৈছে "মফিজুদ্দিন আহমদ হাজৰিকা" ৷  জ্ঞানমালিনীৰ কবি ৰূপে খ্যাত হাজৰিকাদেৱে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে  ৷  ১৮৯৬ চনৰ মে’ মাহত প্ৰকাশ পোৱা তেখেতৰ প্ৰথম কবিতাপুথি 'জ্ঞানমালিনী' য়ে সাহিত্যিকসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷
          অসম বুৰঞ্জী খ্যাত ইছমাইল ছিদ্দিকী ওৰফে বাঘ হাজৰিকাৰ বংশধৰ মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হৈছিল ১৮৭০ চনৰ ৩০ আগষ্ট তাৰিখে ডিব্ৰুগড় জিলাত ৷  তেখেতৰ পিতৃৰ নাম আছিল হিম্মতুদ্দিন আহমদ আৰু মাতৃৰ নাম আছিল ৰাহনুৰী ৷ হাজৰিকাদেৱ আছিল এওঁলোকৰ দ্বিতীয় পুত্ৰ সন্তান ৷ এইজনা মহান সাহিত্যিকৰ ১৯৫৮ চনৰ ২৯ অক্টোবৰ তাৰিখে মৃত্যু ঘটে ৷
     নিজ জন্মস্থান ডিব্ৰুগড়তে শিক্ষা জীৱনৰ পাতনি মেলা হাজৰিকাদেৱে ১৮৯২ চনত তাৰে চৰকাৰী হাইস্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ হয় ৷ দুখৰ কথা এয়ে যে পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি তেখেতে সিমানতে পঢ়া জীৱনৰ সামৰণি মাৰে ৷
    উত্তৰ লখিমপুৰত ফৰেষ্টাৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলা হাজৰিকা দেৱে তাৰে শ্বেখ পীয়ৰ আলি হাজৰিকাৰ কন্যা হাফিজা খাতুনৰ লগত বিবাহপাশত আৱদ্ধ হৈ সাংসাৰিক জীৱনৰ আৰম্ভণি কৰে ৷ অৱসৰ গ্ৰহণ কৰা সময়লৈ তেওঁ চিভিল পেস্কাৰ পদবী লাভ কৰিবলৈ সক্ষম হৈছিল ৷
  অসমীয়া সাহিত্যৰ বুৰঞ্জীত বিশিষ্ট আসন লাভ কৰা সাহিত্যিক সকলৰ ভিতৰত অন্যতম আছিল মফিজুদ্দিন আহমদ হাজৰিকা ৷ অসমীয়া সাহিত্য জগতলৈ এখেতৰ অৱদান আছিল আপুৰুগীয়া ৷ তেখেতৰ সাহিত্যিক অৱদানৰ চানেকি বহন কৰি ফুৰিছে তেখেতৰ অনবদ্য, অনুপম সৃষ্টি 'জ্ঞানমালিনী' আৰু 'তত্ত্ব পাৰিজাত' নামৰ দুখন কবিতাপুথিয়ে ৷ অসমীয়া কাব্য সাহিত্যত জ্ঞানমালিনী হ’ল এক অভিনৱ জ্যোতিৰেখা ৷ ইয়াৰ চমৎকাৰী বিষয়বস্তু আৰু সামৰ্থক ৰূপায়ণে পণ্ডিত সমাজক ততালিকে আকৰ্ষণ কৰিছিল ৷
   অসমীয়া কাব্য সাহিত্যত আধুনিক ভাৱধাৰাৰে আৰু আধ্যাত্মিকতাৰে আত্মপ্ৰকাশ কৰা ' জ্ঞানমালিনী ' এখন জীৱনবোধৰ দাপোণস্বৰূপ ৷ আজিৰ পৰা প্ৰায় ১২৪ বছৰ পূৰ্বে প্ৰকাশিত এই কবিতা পুথিখন এক জ্ঞানবৰ্ধক কাব্য বুলি আজিও চৰ্চিত হৈ আছে ৷
   জ্ঞানমালিনীৰ বাহিৰেও তেখেতে ' মালিনীৰ বীণ ' আৰু ' তত্ত্ব পাৰিজাত ' নামৰ আন দুখন কবিতাপুথি ৰচনা কৰিছিল ৷ তেখেতৰ অন্য এখন কবিতাপুথি  ' হাফেজ ফুলনি ' তেখেতৰ মৃত্যুৰ পৰৱৰ্তী সময়ত হেৰাই যায় ৷ উদ্ধাৰ হোৱা হ’লে সম্ভৱতঃ অসমীয়া কাব্যিক ক্ষেত্ৰখনত আৰু অধিক উন্নতমানৰ কবিতাৰ সমাহাৰ ঘটিলহেঁতেন ৷ কবিৰ জীৱনকালত প্ৰকাশ পোৱা একমাত্ৰ কবিতাপুথিখন হৈছে 'জ্ঞানমালিনী' ৷ 'তত্ত্ব পাৰিজাত' মাত্ৰ চাৰিটা কবিতাৰ সমষ্টিৰে এখনি সৰু পুথি ৷
    মফিজুদ্দিন আহমদ হাজৰিকাই অসমীয়া সাহিত্য ক্ষেত্ৰখনলৈ বিশেষ বৰঙনি আগবঢ়াই গৈছে ৷ তেখেত ১৯৩০ চনত গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভা অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল ৷ লগতে তেখেতে অসম চৰকাৰৰ পৰা সাহিত্যিক পেন্সন লাভ কৰিছিল ৷ তেখেতে নিভাঁজ ঘৰুৱা ভাষাত ইছলামীয় চুফীবাদৰ নতুন ভাৱধাৰা অসমীয়া কাব্যজগতত জ্ঞানমালিনীৰ যোগেদিয়েই পোন প্ৰথমে সন্নিবিষ্ট কৰে ৷ ভাষা হিচাপে নিভাঁজ ঘৰুৱা শব্দৰ চয়নত লেখা এই পুথিখন হ’ল হাড়ে হিমজুৱে এখন অসমীয়া কবিতাপুথি ৷ ভাৱৰ ফালৰ পৰাও ই আধ্যাত্মিকতাৰ উচ্চস্থান লাভ কৰা পুথি ৷ অসমীয়া কাব্য সাহিত্যলৈ চুফীবাদৰ ধাৰা জ্ঞানমালিনীয়েই কঢ়িয়াই আনে ৷
  জ্ঞানমালিনীত মুঠ ছয়টা কবিতা সন্নিৱিষ্ট হৈ আছে ৷ সেই কেইটা হৈছে-
১/ মৰিশালীখনি
২/ মনিচুনি বেলি
৩/ দিনকণা
৪/ বিশ্বখনিকৰ
৫/ মইমতালি ভাৱৰ উছন
৬/ আত্মন
    জ্ঞানমালিনী কবিতাপুথিত সন্নিৱিষ্ট মৰিশালি খনি কবিতাটি তেখেতে ২২ বছৰ বয়সতে ৰচনা কৰি   উলিয়ায় ৷ এই কবিতাপুথিখনৰ পাতনি(সামাজিক) অসমীয়া সাহিত্যৰ এক বিশেষ গদ্যৰূপে সমাদৃত হৈ আহিছে ৷ হাজৰিকাৰ কবিতাত একসত্তাৰ ওপৰত থকা গভীৰ বিশ্বাস প্ৰতিফলিত হয় ৷ যেনে :
   " দেখা নাই যদিস্যাতো , আছে ত্ৰিলোকৰ
     নিশ্চয় নিশ্চয় এটি বিশ্বখনিকৰ ৷"  - (বিশ্বখনিকৰ)

জগতৰ পৰমসত্তাৰ ওপৰত তেখেত আছিল গভীৰ বিশ্বাসী ৷ এই কথা তেখেতৰ কবিতাইদি নিগৰি ওলায় ৷ তেখেতৰ দৃষ্টিত পৰমসত্তা সকলোতে বিৰাজমান –
" সকলোতে আছে তেওঁ
কিন্তু নেদেখে কেওঁ
ওৰণিৰে মুখ ঢাকি থাকে ওচৰত ৷"

'দিনকণা' কবিতাটিত অদৃষ্টবাদী কবি হাজৰিকাই সকলো আশা ভৰসা বিশ্বস্ৰষ্টাৰ ওপৰতে ন্যস্ত কৰিছে ৷ কবিতাটিত ফুটি উঠিছে মানৱতাৰ চৰম নিসঙ্গতা আৰু সহায়হীনতা ৷ কবিয়ে এই পৃথিৱীৰ জ্বালা যন্ত্ৰণাৰ পৰা উদ্ধাৰৰ বাবে জগতস্ৰষ্টা পৰমশক্তিক আহ্বান জনাইছে –
"  কেৱেঁ নেতাৰিলে মোক
নেলাগিলে কাৰো বেথা,
তুমিয়েহে তৰোৱাহি
ভাঙ্গি এই মহা লেঠা
জগতিৰ গতি তুমি,
অনাথৰ নাথ শুনো;
তেন্তে এই বিলৈ মোৰ
চাই আছা কেনেকৈনো ?"

মৰিশালিখনি কবিতাটোৰ মাজেৰে কবিয়ে বাস্তৱতাৰ গভীৰ জ্ঞান প্ৰকাশ কৰি তুলিছে ৷ বৈৰাগ্য আৰু বেদনা ভৰা মোহ মায়াৰ পৰা মুক্তি লাভ কৰাৰ অনুভূতি ফুটাই তুলিছে ৷ কবিয়ে কয় যে সংসাৰৰ ধনজন সকলো মিছা ৷ পৰম সত্য কেৱল বিশ্বস্ৰষ্টা ৷ আত্মন কবিতাৰ জৰিয়তে এই কথা কবিয়ে ব্যক্ত কৰিছে –
" দেখিছ তো নিতে, তোৰ সন্মুখতে
কত লোকে ধন ঘটি নানা মতে,
এৰি এৰি গৈছে য’ৰ বস্তু ততে,
যেনে আহিছিল তেনে ৷"

নিজ জন্মস্থান ডিব্ৰুগড়ৰ মনোৰম ৰূপ তেখেতৰ 'মনিচুনি বেলি' নামৰ কবিতাটিৰ মাজেৰে সহজ- সৰল ভাষাত তুলি ধৰাৰ প্ৰয়াস কৰিছে –
" গধূলি হৈছে      মলয়া বৈছে
      বেলিটি গৈছে বুৰি
সোণালী বৰণে         পৰি হাবি বনে
           চমকে পৃথিৱীজুৰি ৷"

প্ৰকৃতিৰ অপৰূপ মনোমোহা পৰিৱেশৰ কথা হাজৰিকাদেৱে নিজ কলমেৰে ধৰি ৰখাৰ প্ৰয়াস কৰিছে ৷ শব্দৰ সাৱলীল ব্যৱহাৰে প্ৰকৃতি চিত্ৰন আৰু সুন্দৰ কৰি তুলিছে ৷ ডিব্ৰু নদীক লৈ লিখা কথাই ইয়াৰ প্ৰমাণ –
" ৰাঙলী ছবিটি         বুকুৰে সাবটি
              নাচিছে ডিব্ৰু নৈ
জপনা জাপিছে           ৰখীয়া চাপিছে
             দমৰা দামুৰি লৈ ৷"

শব্দৰ খেলত হাজৰিকাদেৱ পাৰ্গত আছিল ৷ তাৰ নিদৰ্শন –
"  চৰাই চিৰিকতি       আহিছে উলটি
                  আপোন বাহলৈ বুলি
হালোৱা হজুৱা                   কানীয়া ভঙুৱা
                টোকো পজাঁলৈ ঘূৰি ৷"

    কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ জ্ঞানমালিনীৰ উপৰিও আন এখন উল্লেখযোগ্য সৰু কবিতাপুথি হৈছে - ' তত্ত্ব পাৰিজাত ' ৷ তেখেতৰ মৃত্যুৰ পাছত এই কবিতাপুথিখন প্ৰকাশ কৰা হয় ৷ পুথিখন আকাৰত সৰু হ’লেও ইয়াৰ কাব্যিক মূল্য অতি বেছি ৷
     ইয়াত উল্লেখিত " মাজ নিশাৰ ' মই' চিতনি " নামৰ কবিতাটিৰ মাজেৰে কবিৰ নিজক জনাৰ যি হাবিয়াস সেই কথা প্ৰকাশ পাইছে ৷ আমি ক’ৰ পৰা আহিছোঁ, ক’লৈ যাম এই প্ৰশ্নৰে মাজনিশাৰ 'মই' চিতনি –
  " আহিলো বা ক’ত ?
আহিলো বা কিয় ?
যামনো ক’লৈ ?
কোনে আজি মোক
দিবহি বুজায়
অতিকৈ নিখুতকৈ ?৷"

হাজৰিকাৰ ' বুঢ়া মাজী আৰু ভগা নাও ' কবিতাটি এটি প্ৰতীকাত্মক কবিতা ৷ এই সংসাৰখন এখনি ভগা নাৱৰ প্ৰতীক আৰু আমি জীৱবোৰ প্ৰত্যেকেই একোজন এই নাৱৰ অসহায় মাজী ৷ কবিৰ ভাষাৰে –
" বুঢ়া মাজী ভগা নাও উটি আহিছে ,
দুই হাতে প্ৰাণটাকি বঠা মাৰিছে ৷"

হাজৰিকাদেৱৰ কবিতা আধ্যাত্মিকতাবাদৰ ৰসেৰে পৰিপূৰ্ণ ৷ ইয়াত আৱেগ, অনুভূতি, বিৰহ , বেদনা,  সকলোৰে সমাহাৰ দেখিব পোৱা যায় ৷ অসমৰ সমাজ জীৱনৰ এক সৰ্বাঙ্গ সুন্দৰ চিত্ৰ অংকন কৰিবলৈ সক্ষম হৈছে ৷ জীৱন অভিজ্ঞতাৰে পৰিপূৰ্ণ হাজৰিকাদেৱৰ কবিতাসমূহ অসমীয়া সাহিত্যৰ জীৱনী শক্তি ৷ জ্ঞানমালিনীৰ মূল তত্ত্বই আছিল হিন্দু মুছলমানৰ ঐক্যতা ৷ আধ্যাত্মিক তথা দাৰ্শনিক চিন্তাধাৰাৰ ফল হৈছে জ্ঞানমালিনী ৷ যিয়ে অসমীয়া কবিতাৰ ক্ষেত্ৰখন চহকী কৰি ৰাখিছে ৷ তেখেতৰ পৰমশক্তিৰ ওপৰত বিশ্বাস অতুলনীয় ৷ প্ৰতিটো কবিতাত ইয়াৰ নিদৰ্শন পোৱা যায় ৷ কবিতাৰ যোগেদি সামাজিক সচেতনতাৰ বাৰ্তা বিলোৱা মফিজুদ্দিন হাজৰিকাদেৱ আছিল অসমীয়া কাব্যিক সাহিত্যৰ ভোটাতৰা ৷ সমাজৰ প্ৰচলিত অন্যায় অবিচাৰসমূহ কবিতাৰ মাধ্যমেৰে আতৰোৱাৰ চেষ্টা কৰিছিল ৷ যুৱ প্ৰজন্মক সঠিক পথৰ সন্ধানৰ বাবে কবিতাৰ মাধ্যমৰে বুজাই গৈছে ৷ তেখেতৰ ভাষাৰে –
" হেৰা ! হেৰা ! টপ্‌ টলৌ ডেকাল’ৰাহত !
অলপতে কিয় এনে হৈছা উধাৱত ?
আলি বাটে চালি ধৰি , ধিতিঙালি কৰি ,
অতপালি কৰা কিয় , মূৰে ভৰি কাঢ়ি ? "

আমি সকলোৱে নিজৰ ৰূপ, যৌৱনক লৈ অহংকাৰত নিমজ্জিত হৈ থাকোঁ ৷ হাজৰিকাদেৱে কবিতাৰ পংক্তিৰে বুজায় গৈছে ই ক্ষণস্থায়ী ৷ ইয়াৰ বাবে অহংকাৰ কৰাৰ কোনো সকাম নাই ৷ –
" ডেকা বয়সৰ হায় !      সেই চেহেৰাটি পায়
   ফুৰা আজি তোমালোকে অহংকাৰ কৰি,
  এই চাই থাকোঁতেই,        দুদিনৰ পাছতেই,
    ৰাহুকালে আহি নিব তাকো হৰি ৷"

পৰমজনৰ প্ৰতি প্ৰেম,সৃষ্টি , সৃষ্টিৰ ৰহস্য ভেদৰ ব্যাকুলতা , বৈষয়িক বাসনাৰ প্ৰতি বিৰাগ আদি ভাৱ  জ্ঞানমালিনী আৰু তত্ত্ব পাৰিজাতৰ কবিতাসমূহৰ জৰিয়তে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে ৷ কবিতাপুথি জ্ঞানমালিনীয়ে ৰোমাণ্টিক কবিতাৰ স্বাক্ষৰ সুস্থৰ ভাৱে বহন কৰিছে ৷ জোনাকী যুগৰ লেখকসকলৰ সমসাময়িক হ’লেও এখেত জোনাকী কাকতৰ সৈতে জড়িত নাছিল ৷ তেখেতে সহজসৰল ঘৰুৱা ভাষা , জতুৱা ঠাঁচৰ প্ৰয়োগৰ জৰিয়তে আধ্যাত্মিক কাব্যানুভূতি প্ৰকাশ কৰিছে ৷
  দীননাথ দত্তই জ্ঞানমালিনী সম্পৰ্কে এনেদৰে মত প্ৰকাশ কৰিছে –
"  জ্ঞানমালিনী অসমীয়া ভাষাৰ কাব্য ফুলনিত এপাহী অপূৰ্ব স্বৰ্গীয় পাৰিজাত ৷ ইয়াৰ পদ আৰু কথা …অতি সোৱাদ ; ভাৱ বিলাক তাতোকৈ ওখ ৷ ইয়াৰ প্ৰত্যেক শাৰীতে অতি উচ্চ ঘৰুৱা কথা বিলাকৰ সাজপাৰ পিন্ধি এটি মৌ সনা উদাস আধ্যত্মিক ভাৱ যেন বোৱা দি বৈছে; পঢ়ি থাকোঁ মানে এৰিবৰ মনকে নেযায় আৰু লগে লগে সংসাৰ ভাবত জলা কলা হোৱা মনো চেচা লাগি যায় ৷ "
ইয়াৰ পৰা জানিব পাৰি যে জ্ঞানমালিনীয়ে কিমান দ কৈ পঢ়ুৱৈৰ মনত সাচ বহুৱাবলৈ সক্ষম হৈছে ৷ তেখেতে অসমীয়া কাব্য সাহিত্যক এক নতুন ধাৰা দিবলৈ দেহে কেহে খাটিছিল ৷ তেখেতৰ অৱদান সদায় চিৰস্মৰণীয় হৈ ৰ’ব ৷ হাজৰিকাদেৱে নিজ সাধনাৰে অসমীয়া সাহিত্যক ভাৱ আৰু ভাষাৰে চহকী কৰি থৈ গৈছে ৷ জীৱনবোধৰ জ্ঞান বিলোৱা জ্ঞানমালিনী কবি সদায় অসমীয়া সাহিত্যত জিলিকি ৰ’ব ৷

শেষত কবিৰ ভাষাৰে –
" অনন্ত আত্মাৰ  অনন্ত যুঁজত
জিকাৰু নিছান তুলি
মাতিছে আমাক , অন্তত বাটত
আগুৱা হ’বলৈ বুলি ৷"


✍️ দশমী শইকীয়া
গোলাঘাট

Post a Comment

Previous Post Next Post