ফাগুন | পদুম লইং

আধৰুৱা হেপাঁহৰ ৰুক্ষতাত         
তোমাক পাহৰিলো বুলি কোনে ক'লে               
কলিজাখনতো সাৰুৱাই আছিল      
সেয়ে ছাগৈ নিবিচাৰিলেও
গছৰ সৰাপাতে ভায়'লিন  বজালে        
তোমালৈ মোৰ আজিও মনত পৰে
        কিম্বা 
তোমাৰো ছাগে মোলৈ 
       বহু মনত পৰে 
সেয়ে ছাগৈ নিবিচাৰিলেও
তুমি মোলৈ বুলি বোৱাই আনিলা
বতাহৰ তালে তালে 
এজাক ৰিম্ ঝিম্ বৰষুণ
আজি শীতৰ প্ৰথমটো সন্ধিয়াৰ পৰত
             

Post a Comment

Previous Post Next Post