অহংকাৰ | পুতলী কোঁছ

Rinku Rajowar
0
" বাপেৰৰ টকা নাই যদি কিয় পঢ়িবলৈ পঠাইছিল  ? আগতে জানিব লাগে বাহিৰত পঢ়ালে কিমান টকা খৰচ হয় ... ... " খুৰাকৰ ধমকত তাইৰ শোকে খুন্দা মাৰি ধৰিছিল যদিও সাহস গোটাই কৈছিল --- " ঘৰৰ মালিকক দিবলৈ ঘৰ ভাড়া পাঁচশ টকা দিলেই হ'ব । দেউতাৰ এক্সিডেণ্টটো নোহোৱা হ'লে ... ... "
     " নাই নাই , মই দিব নোৱাৰোঁ । টকা কি গছত লাগে নেকি  ? " ... ... ... 
        সময়ে কাৰ লগত কি কৰে কোনেও ক'ব নোৱাৰে । তাই শিক্ষকতা কৰি পোৱা টকা দহ হাজাৰ নি খুৰাকৰ হাতত তুলি দি কয় ... ... " তুমি টকাৰ চিন্তা কৰিব নালাগে , অতি সোনকালেই ভাল হৈ উঠা ... ... "
                          
✍🏻 পুতলী কোঁছ
     ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)