ফাগুন ৰে বা বলে লিহিৰি লিহিৰি বনতে -হেমেন হাজৰিকা

Aditi Tanti
1
আজি ফাগুনৰ পুৱা বেলাতে মেলে ওন্দোলাই আনিলে সেই ফাগুন মনত উতলাই কৰা ফাগুন শিমলু , মদাৰে আকাশ বতাহ ৰাঙলী কৰি জনাই দিলে ফাগুন আহিল বুলি । লিহিৰি বনত ফাগুনৰ বা বলি আমাৰো মনবোৰ উতলাই কৰি তোলা নাইনে ? জুই জ্বলা ফাগুন , উতনুৱা ফাগুন । অপূৰ্ব মাদকতা ফাগুনৰ । ফাগুনত পছোৱা বলে সেয়েহে কবিয়ে লিখিছে- ফাগুন আহে পলাশ ফুলে পছোৱা বতাহ বয় । এই ফাগুনতে মদাৰ ফুলে , শিমলু ফুলে এজাৰ ফুলে পলাশ ফুলে গতিকে আকাশ ৰাঙলী নহৈ পাৰেনে ? শীতৰ পংকিলতা খেদি ফাগুনে আজি ৰঙৰ মেলা পাতিছে । নৈৰ পাৰৰ বুঢ়া শিমলুৰ লঠঙা ডালত তেজৰঙী আবিৰ , পিছপৰি লোৱা নাই পলাশ মদাৰো । কাৰ শোণিতেৰে ৰাঙলী আজি পলাশ, শিমলু মদাৰৰ পাহি । প্ৰকৃতিৰ চিৰপৰিচিত বাটেৰে ফাগুন আহিছে । 
    গীতিকাৰ সকলো পিছপৰি থকা নাই ফাগুনৰ গুণগান কৰিবলৈ ফাগুন ৰে বা বলে লিহিৰি লিহিৰি বনতে কিয় জানো মৌ পৰে কাৰোবাৰে হাহিতে চিনাকি পিৰিতি লাগিছে ।
আদি অনেক গীত ফাগুনৰ । ফাগুন আহিলে তেজ ৰঙা হৈ পৰে আকাশ । শিমলু মদাৰ পলাশৰ সেন্দূৰীয়া ৰঙেৰে নতুনকৈ সজাই তোলে ফাগুনক ।
কি মে অনাবিল আনন্দৰ মূহুৰ্ত ।
ফাগুন মানেনো কি ? ফাগুনে যি কথা কয় চালে চকু ফিৰাই আনিব নোৱাৰা , দুনাই চাবলৈ মন যোৱা ৰঙা ৰঙেৰে ৰঙীন হোৱা এখন দলিচা ।
   ধুলিয়ৰি খোজাত সৰাপাতৰ বিননি শুনি ফাগুনক গালি নাপাৰিবা । ফাগুনৰো আছে নিজৰ পৰিভাষা , যাৰ অৰ্থ কিন্তু সচাই অভিনৱ । ফাগুন দেখাত কিন্তু ৰিক্ত , অথচ ফাগুনৰ বুকুত আছে প্ৰাণৱন্ত সুৰৰ ঝংকাৰ । ফাগুন মানেই ঊন্মনা মলয়া-পচোৱাৰ আকলুৱা পৰশ । তাৰ পৰশত আমাৰ মন হয় স্পন্দিত , ফ্ৰেমেই বাহ সাজে বুকুত । নীল আকাশৰ বুকুৱেদি উৰি উৰি যায় যৌৱনপ্ৰাপ্ত প্ৰেমীক চৰাইবোৰ । আশাই বৰঘৰ বান্ধে হৃদয়ত । দূৰ দিগন্তত বিলিন হৈ যোৱা কহুৱা তুলা । মৌপিয়া চৰাইৰ চুমাত ৰঙা হোৱা মদাৰৰ ৰঙা ৰঙা পাহিনে শিমলুৰ ৰঙা বুকু । ফাগুন মানেইতো চিৰাল ফটা ৰ'দ নহয় । ফাগুন দেখোন ৰঙৰ উৎসৱ । ৰঙা ফাগুনেই লৈ আহে সেউজীয়া বসন্তৰ প্ৰতিশ্ৰুতি । ফাগুন মানেই হালধীয়া সৰিয়হৰ মিঠা মিঠা হাহি 
ফাগুন মানেই সৃষ্টিৰ পথাৰত অপাৰ আনন্দত কৃষ্টিৰ বীজ সিঁচা আলি- আই- লৃগাঙৰ বতৰ । ফাগুন মানেই ঐনিতমৰ লহৰ ,গুমৰাগ নাচোনৰ ধ্বনিত মুখৰিত হয় সমগ্ৰ আকাশ বতাহ ফাগুন আহিলে গছে বনে নৈ আদিয়ে বহু কথাই কৈ যায় আমাক । ফাগুনৰ প্ৰথম জাক বৰষুণত তিতাৰ মাদকতাই সুকীয়া । ফাগুন আহিয়েই প্ৰকৃতিগত ভাবে পথাৰৰ নৰাবোৰ বুঢ়া হয় । , পথাৰ সাৰুৱা কৰে অনাগত খেতিৰ বাবে । পোৱা নোপোৱা, মান অভিমান, ঠেহপেচ আদি সকলোবোৰৰ সমাহাৰেই থাকে ফাগুনৰ বুকুত ।সেই সময়তে আমে মলিয়াই কটালে মুক্তি পেলাই , শীতৰ পৰশত লঠঙা ফালে কুঁহিপাত মেলে তাৰেইতো বতৰাদি আকাশ ৰঙা কৰি বুলি উঠে ফাগুন । মতলীয়া ফাগুনে লাহে লাহে কঢ়িয়াই আনিব আশাৰ বতাহ এজাক । আকাশ বতাহ মুখৰিত হ'ব মদাৰৰ ৰঙেৰে । ৰিঙা ৰিঙা মনবোৰে বিচাৰিও থমকি ল'ব কিবা এটা চঞ্চল বতৰা । এয়াই ফাগুন । ফাগুনক কবিয়ে বন্দী কৰি থয় শব্দৰে । ফাগুনক আকি পেলাই কোনো চিত্ৰকৰে । কিযে মায়া এই ফাগুনৰ । সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যই সেয়েহে লিখিছিল ফাগুনে মায়া সমানে /ৰাতি হ'লে শুকান ফালে ফালে / সোণ জ্বলি উঠে / হিয়া ভাঙি অমাতৰ মাত মাতে কেতেকীয়ে । এয়াই ফাগুনৰ মায়া কিয়নো কিয়নো ফাগুনৰ ৰঙচুৱা অন্তৰৰ হেঁপাহ । 
হাউলি বতাহে আমাৰ মনবোৰ সাতোৰঙী চিলাৰদৰে উৰুৱাই নিয়ে । চঞ্চলা ফাগুনক হাতৰ মুঠিত সাঁচি থব নোৱাৰি , কেতিয়া ওলাই যায় ধৰিবকে নোৱাৰি । ফাগুন যিমান চঞ্চল , সিমানেই কিন্তু গহীনো । ফাগুনৰ ৰং ৰূপ অপাৰ । আচলতে ফাগুনে আমাৰ জীৱনটোনো কি , তাকো উপলদ্ধি কৰোৱাই । ধুমূহাৰ হাততো যে সময় থমকি নৰয় তাৰো সঠিক নিৰ্দেশনা প্ৰদান কৰে । 
    এই বলীয়া ফাগুনতে সমগ্ৰ দেশজুৰি পালন কৰা হয় হোলি বা ফাকুৱা । এই হোলি শব্দটো কৰ পৰা আহিল তাৰ এক প্ৰবাদ আছে । দ্বৈতৰাজ হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ তেওৰ ভনীয়েক হোলিকাক নিৰ্দেশ দিছিল । হোলিকাই নিজৰ শৰীৰৰ পৰা ওলোৱা জুইৰে প্ৰহ্লাদক ভষ্মীভুত কৰিবলৈ গৈ নিজেই নি:শেষ হৈ গ'ল । হোলিকাই নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদ ওচৰত ক্ষমা-ভিক্ষা মাগিলে । প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পাছতো বছৰত অন্তত: এদিন মানুহে হোলিকাক স্মৰণ কৰিব । এই হোলিকাৰ পৰাই হোলি শব্দৰ সৃষ্টি হৈছে বুলি ক'ব পাৰি । সেয়ে বিভিন্ন ঠাইত ফাকূৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয় । ফাকুৱাৰ লগত জড়িত অসমৰ এই উৎসৱক ফল্গুৎসৱ বা দৌল উৎসৱ বোলা হয় । ফাকুৱাত ইজনে সিজনক হেঁপাহৰ আবিৰ সানি মৰম যাচে । এয়া অন্তৰৰ আবেগ , হিয়াৰ অকুণ্ঠ মৰম । এই হোলি অথবা ফাকুৱা বসন্ত কালত পালন কৰা হয় । বিভিন্ন তৰহৰ ৰঙেৰে ভৰি পৰে দোকান পোহাৰ । কিমান যে ৰং । ৰং ৰং নানা ৰং কিনিবলৈ যাও সেই ৰং পৃথিৱীত আমি চটিয়াও । ফাকুৱা হৈছে ৰঙৰ উছৱ । ৰঙৰ উছবে আমাৰ সকলোৰে জীৱনলৈ ৰং কঢ়িয়াই আনক ।
   প্ৰকৃতাৰ্থত দৌলযাত্ৰা বছৰত দূবাৰকৈ পালন কৰা হয় । প্ৰথম শাওন মাহৰ পুৰ্ণিমা তিথিত , এই দৌলযাত্ৰাক ঝুলন মাত্ৰা বুলিহে কোৱা হয় , ঝুলন যাত্ৰাৰ প্ৰচাৰ অসমত বেছি নহয় , ফাগুন বা চত মাহৰ পূৰ্ণিমা তিথিত হোৱা দৌল উৎসৱ কৰে মানূহে দৌলযাত্ৰা বুলি উদযাপন কৰে ।
     ঋতুৰ ভিতৰত এই উৎসৱ বসন্তত হয় কাৰণে ইয়াক বসন্তোৎসৱ বুলিও কোৱা হয় । শীতৰ সেমেকা দিনবোৰ গৈ আকাশ ফৰকাল হয় । পলাশ শিমলু আৰু মাৰে বসন্তক আদৰি আনে ফাগুনত, ফাগুনে প্ৰকৃতিত নানা ৰঙৰ সমাহাৰ আনি মন-প্ৰাণ পুলকিত কৰি তোলে ।ৰঙৰ সমাহাৰত সকলোৰে মনত এক উন্মাদনাৰ সৃষ্টি কৰে । 
   ফাগুনে নিৰাশাৰ মাজত আনাৰ বতৰা কঢ়িয়াই দুখৰ বুকুতো সুখৰ খৰাকাজাই ফুলাই তদুপৰি প্ৰচণ্ড ধুমুহাতো হাওলি নপৰাকৈ থকাৰ সাহস দিয়ে ফাগুনে । ৰঙৰ উৎসৱৰ আৰু এক কাহিনী আছে ৰাজ গণিকা বসন্ত সেনাই যিদিনা চাৰু দত্তৰ প্ৰণয় পাশত আবদ্ধ হৈছিল সেইদিনা মদন কামদেৱৰ মন্দিৰত মদন মহোৎসৱ উদযাপন কৰা হৈছিল । প্ৰেমৰ ঋতু বসন্তক জাগৃত কৰিবলৈ যেন প্ৰাচীন কালৰ পৰাই এক পৰম্পৰা গঢ়ি উঠিছিল । পুৰুষ নাৰীয়ে মহা আনন্দৰে ইজনে সিজনৰ গালৈ ৰং নিক্ষেপ কৰি মনৰ আনন্দ প্ৰকাশ কৰিছিল । কালক্ৰমত এই উৎসৱ হোলীলৈ পৰিবৰ্তন হৈছিল এয়াই বসন্তোৎসৱ ।

       

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. ফাগুন মানেই ৰঙৰ উলাহ, নতুনৰ সুবাস, ভাল লাগিল পঢ়ি আপোনাৰ লেখাটো।

    ReplyDelete
Post a Comment