গছে গছে ন-কুঁহিপাতে তোমাকেই আদৰিব।
কপৌ-কেতেকী,চম্পা-তগৰ,বকুল আদি গোন্ধই যিমানেই আমোল-মোলাই উঠিব
তোমালৈ হেঁপাহ দুগুণে বাঢ়িব।
শিমলু ,পলাশ, মদাৰৰ ৰঙা পাহিয়ে যিমানেই ধৰাৰ
বুকু ৰাঙলী কৰি তুলিব
তোমালৈ মনত সিমানেই পৰিব।
নানা চৰাই গছৰ ডালত পৰি
গীত জুৰিব
কুলি-কেতেকীৰ মৌ-মিঠা মাতে মন পুলকিত কৰিব।
ন-পানী পাই মাছবোৰে আনন্দত যিদৰে উজাবলৈ ধৰিব
তোমাৰ মোৰ মৰমবোৰ সেইদৰে বাঢ়িব।
প্ৰকৃতিৰ শোভা বিৰাজ ছয় ঋতুৰ তুমিয়েই বসন্ত,
সেয়ে "ঋতুৰাজ" তোমাৰেই আন নাম।