মৈদামঃ পিৰামিডৰ ভাৰতীয় সংস্কৰণ | কল্যাণ মৰাণ

©Admin
0
খ্ৰীষ্টপূৰ্ব ২০০০ বছৰৰ পূৰ্বেই টাই সংস্কৃতি গঢ় লৈ উঠিছিল।এই সংস্কৃতিৰ জন্মৰ স্থান হ'ল চীনদেশ। বিখ্যাত ইতিহাসবিদ্‌ উইলহাৰ্ম এবাৰহাৰ্ডে  লিখি থৈ গৈছে," টাই সংস্কৃতি এক বিশাল আৰু চহকী সংস্কৃতি"। চীনৰ এই টাই সংস্কৃতি অৱশেষত বিশ্বৰ বিশেষকৈ এছিয়া মহাদেশৰ সর্বত্ৰে বিয়পি পৰে। এছিয়া মহাদেশৰ থাইলেণ্ড, ভিয়েটনাম, ম্যানমাৰ, টাইৱান, মঙ্গোলিয়া, তিব্বত আদি দেশত এই টাই সংস্কৃতিৰ প্ৰভাৱ বিদ্যমান।

১২২৮ খ্ৰী:ত অসমলৈ ব্ৰহ্মদেশৰ পৰা প্রবজন কৰি অহা আহোমসকল দৰাচলতে এই টাই সংস্কৃতিৰে অন্তৰ্গত অন্যতম লোক আছিল। চাওলুং চুকাফাৰ নেতৃত্বত পাটকাই পৰ্বত পাৰ হৈ অহা এই লোকসকলে ইৰাৱতী ইয়াংচিকিয়াঙৰ পাৰৰ সভ্যতা আৰু সংস্কৃতিৰ সৈতে লুইতপৰীয়া সভ্যতা সংস্কৃতিৰ মিলন ঘটায়।অসমলৈ প্ৰবজন কৰা টাইসকলে তেওঁলোকৰ অন্যান্য সংস্কৃতিৰ লগত মৃতকক মৈদাম দিয়া বা শ সৎকাৰ কৰা সংস্কৃতিও লগত লৈ আনিছিল।

মৈদাম হৈছে টাই ভাষাৰ শব্দ। মৈদামৰ সম্পূৰ্ণ নামটো হৈছে "ফ্ৰাঙ  মৈদাম" আৰু এই শব্দটো " ফ্ৰাঙ মাই"ৰ পৰা আহিছে।ইয়াৰ অৰ্থ হল" ময় দাম"দিয়া।"ময়" মানে জিৰণি আৰু "দাম" মানে মৃতক। অৰ্থাৎ মৈদাম মানে হ'ল "মৃতকৰ জিৰণি লোৱা ঠাই"।

কিছুসংখ্যক  ভাৰতীয় ইতিহাসবিদ তথা প্ৰত্নতত্ববিদে চৰাইদেউৰ মৈদামক  পিৰামিড ভাৰতীয় সংস্কৰণ আখ্যা দিব বিচাৰে। ইজিপ্তৰ পিৰামিড হ'ল বিশ্বৰ অন্যতম এক আশ্চৰ্য্য।  জ্যামিতিক আকাৰৰ এই পিৰামিড নামটো গ্ৰীক শব্দ "Pyramis"ৰ পৰা আহিছে। ইতিহাসবিদে মত্‌পোষণ কৰিছে যে মৈদাম আৰু পিৰামিডৰ মাজত বহুত সাদৃশ্য আছে। মৈদামত শ সৎকাৰ কৰাৰ দৰে পিৰামিডটো শ সৎকাৰ কৰা হয়। লগতে পিৰামিড আৰু মৈদামৰ গঠন ৰীতিও প্ৰায় একেই। সেয়ে এনে দৃষ্টিকোণৰ পৰা মৈদামক  পিৰামিড ভাৰতীয় সংস্কৰণ আখ্যা দিয়াটো এক প্ৰকাৰৰ গ্ৰহণযোগ্য।

পৃথিৱীৰ অধিকাংশ ৰাজতান্ত্ৰিক  দেশত ৰজা স্বৰ্গী হ'লে নতুন এজনক ৰজা পাতিহে পূৰ্বৰ ৰজা স্বৰ্গী হোৱাৰ বাতৰি প্ৰচাৰ কৰা হৈছিল। আহোমসকলো এইক্ষেত্ৰত ব্যতিক্ৰম নাছিল। তেওঁলোকে নতুন স্বৰ্গদেউৰ আদেশত স্বৰ্গী ৰজাৰ শ হেঙুল হাইতালেৰে বুলাই সোণ পানী খটাই তৈয়াৰ কৰা পেৰাত তুলি তলিচা পাৰি ভৰাই ৰাখিছিল আৰু ইফালে মৈদাম তৈয়াৰ কৰা কাম আৰম্ভ কৰিছিল। মৃত শ টো যাতে গেলি নাযায় তাৰ বাবে ঔষধ প্ৰয়োগ কৰি বহুদিনলৈ অবিকৃত অৱস্থাত ৰাখিছিল।

মৈদাম কেইবা প্ৰকাৰে সজা হৈছিল। মৈদামত তিনি চাৰি কোঠলীয়া  আৰু দুই মহলীয়া ঘৰো তৈয়াৰ কৰা হৈছিল। প্ৰথমাৱস্থাত তেনে ঘৰ শাল কাঠেৰে নিৰ্মিত আৰু পাছলৈ শিল, ইটাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল।মৈদাম নিৰ্মাণ কাৰ্য্যত শামুক, চূণ,শিল, গুৰ, শণ , বৰালি মাছ, মাটিমাহ,তেল, ধূনা, লঠিয়া শিল,ফলা শিল, কটা শিল, ইটা আৰু গা ইটাৰ ব্যৱহাৰ কৰিছিল।

মৈদাম নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা শব্দবোৰ খুবেই মন কৰিবলগীয়া। মৈদামৰ ভিতৰৰ মূলকোঠাটোৰ নাম গহ্বৰ।ইয়াতেই ৰজাৰ শ পেৰা ৰখা হয়।এই কোঠাটো চৌপাশৰ মাটিৰ সমতলতকৈ কিছু তলত থাকে। দুমহলীয়া মৈদামৰ ওপৰ অংশক"ওপৰ তলা"আৰু তলৰ অংশক "তলৰ তলা" বুলি কোৱা হয়।মাটিৰ সমান্তৰালকৈ শিল ইটাৰ ভেঁটিটোক "খুৰাপাট" আৰু ওপৰলৈ উঠা খটখটিক "জখলা" বুলি কোৱা হয়।মৈদামৰ ওপৰৰ ওখ অংশক"ঘটচুলা" আৰু মাটিৰ ঢিপৰ ওপৰৰ বাটচৰাৰ দৰে সজা সৰু ঘৰটোক কোৱা হয় "চৌচালিৰ"।

এইটো উল্লেখযোগ্য যে মৃতকসকলে জীৱিত কালত ব্যৱহাৰ কৰা সকলো সামগ্ৰী মৈদাম দিওঁতে লগত দিয়া হৈছিল। ১৮৪৬ চনত "অৰুনোদই" কাকতত মৈদাম সম্পৰ্কত এটা প্ৰবন্ধ প্ৰকাশিত হৈছিল।তাত উল্লেখ আছে যে"মৃত স্বৰ্গদেউক স্থাপন কৰা কোঠালিৰ ওপৰত সাত খলপীয়া সোণৰ বৈ দিয়া চন্দ্ৰতাপ আৰি দিয়া হৈছিল। মাটিত সোণৰ দাপোন মৰা চালপীৰা আৰু সেই পীৰাৰ চাৰিওচুকে সোনেৰে বন্ধা চাৰিটা খুটি।এই খুতিত আঠুৱা তৰি দিয়ে। পীৰাৰ ওপৰত ৰূপৰ পাতি, সোণ আৰু বাখৰৰ বনকৰা গাৰো তাতে অলংকাৰৰ সৈতে ৰজাৰ মৰাশ শুৱাই থয়। পীৰাৰ কাষতে সোণ, হীৰা,বাখৰ খটোৱা হেংদাং আৰু  পাঁচ খন ডাঙৰ শৰাই,সোণৰ কটাৰী,ৰূপৰ তামোল, সোণৰ ধপাঁত থোৱা টেমা আৰু ৰূপৰ সাঁফৰ মৰা চিলিম আদি থোৱা হয়।" আহোমসকলে মৈদাম দিওঁতে মৃত স্বৰ্গদেউ জীয়াই থকা অৱস্থাত আলপৈচান ধৰা লগুৱা লিগিৰী আদিক জীৱন্তে সমাধি দিছিল বুলি জনৰৱ আছে। কিন্তু এয়া বৰ্তমানলৈ বিতৰ্কমূলক বিষয় হৈ আছে।

আহোমসকলে কিন্তু তেওঁলোকৰ ছশ বছৰীয়া শাসনৰ শেষৰ ফালে মৈদাম দিয়া প্ৰথা বন্ধ কৰি মৰাশত জুই দিয়াৰ প্ৰথা গ্ৰহণ কৰে। বুৰঞ্জীৰ পৰা প্ৰাপ্ত তথ্যানুসৰি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা আহোমসকলে মৰাশত খৰি দিবলৈ লয়। Tai Ahom Religion গ্ৰন্থত এই সম্পৰ্কে কৈছে-" the change from burial to cremation a Hindu practice was enforced by the Bor Raja Phuleshwari,the non Ahom wife of Hso-Tan-Hpa or Siva Singha a elevation from the Ahom royal marriage custom." তথাপি আহোম পণ্ডিতে ইংৰাজৰ দিনলৈ কোনোমতে মৈদাম প্ৰথা প্ৰচলিত কৰি ৰাখিছিল।কিন্তু আহোম সাম্ৰাজ্য ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ যোৱাৰ পাছত মৈদাম দিয়া প্ৰথা চিৰ দিনলৈ এৰি দিলে।

ইংৰাজসকল অহাৰ পাছত অসমৰ ঐতিহ্যমণ্ডিত মৈদামৰ ওপৰত অবাধ অবৈধ খননকাৰ্য চলি লুট পাট,চুৰি আদি ঘটনা ঘটিবলৈ আৰম্ভ হ'ল। উল্লেখযোগ্য যে ইংৰাজৰ পূৰ্বেও এই মৈদামত চুৰি কাৰ্য হৈছিল। বিশেষকৈ মীৰজুমলাই অসম আক্ৰমণ কৰি মৈদাম খান্দি বহু অৰ্থ, ধন,সোণ আদি কঢ়িয়াই লৈ গৈছিল। পুৰন্দৰ সিংহই আনকি টকাৰ অভাৱত কিছুমান মৈদাম খন্দাই বহু ধন সোণ উলিয়ায় লৈছিল বুলি বুৰঞ্জীত উল্লেখ আছে। মানৰ আক্ৰমণৰ দিনতো মৈদামত লুণ্ঠন কাৰ্য চলি থাকিল। কিন্তু এইবোৰ লুণ্ঠনতকৈ অসম চাহ কোম্পানীয়েহে মৈদামৰ ওপৰত অধিক লুণ্ঠন তথা ধ্বংস যজ্ঞ আৰম্ভ কৰিছিল। বহু অৰ্থ লুভী বিষয়াই আগ পিছ নাভাবি মৈদাম বোৰ খহাই চাহ খেতি কৰিলে।লগতে অসমত পথ,ৰেল লাইন স্থাপন কৰোঁতেও বহু মৈদাম ধ্বংস হ'ল। এইক্ষেত্ৰত সেইকালৰ ইতিহাসৰ প্ৰতি সদা সচেতন ইংৰাজ তথা দেশীয় লোকে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে,যাৰ বাবে বহু মৈদাম ধ্বংসস্তুপত পৰিণত হ'ল।

কিন্তু বৰ্তমানো অসমৰ পৰা মৈদাম একেবাৰে নিচিহ্ন হৈ যোৱা নাই। চৰাইদেউত এতিয়াও কেইবাটাও মৈদাম অক্ষত অৱস্থাত আছে। গতিকে যদি প্রত্নতত্ববিদ, ইতিহাসবিদ তথা চৰকাৰৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰে তেন্তে নিশ্চিতভাৱে মৈদামে পিৰামিডৰ ভাৰতীয় সংস্কৰণ বুলি আন্তঃৰাষ্ট্ৰীয় মৰ্য্যদা পাব। কিন্তু তাৰ বাবে লাগিব সৎ  প্ৰচেষ্টা আৰু উন্নত গৱেষণাৰ।




সহায়ক গ্ৰন্থ:
১. আহোমৰ দিন - হিতেশ্বৰ বৰবৰুৱা
২. ইতিহাসে সোঁৱৰা ছশতা বছৰ - সৰ্বানন্দ ৰাজকুমাৰ
৩. The Comprehensive History of Assam- H.K.Barpujari
৪. A comprehensive History of Assam- S.L.Baruah



          
           
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)