নাৰী আৰু সমাজ-বন্তী দত্ত

সমাজৰ বিকাশত মহিলাসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । দৰাচলতে , এইটোৱেই একমাত্ৰ দিশ যিয়ে নিৰ্ধাৰণ কৰে যে সমাজ এখন শক্তিশালী আৰু সৌহাৰ্দপূৰ্ণ হয় নে নহয় ? মহিলাসকল হৈছে সমাজৰ মেৰুদণ্ড । যি সমাজে মহিলাসকলক সুৰক্ষা , সন্মান আৰু শ্ৰদ্ধা নকৰে তেওঁলোকৰ সভ্য হোৱাৰ কোনো দাবী নাই ।
          ভাৰতীয় সমাজত এগৰাকী মহিলাৰ বাবে ঘৰ এখন স্বামীৰ দ্বাৰা নিৰ্মিত এটা ধুনীয়া দুৰ্গ। কিন্তু এইটো মহিলাগৰাকীৰ স্বাধীনতাৰ এক বাধা । ভাৰতীয় সমাজত মহিলাসকলক ৰাণীৰ দৰে ব্যৱহাৰ কৰা হয় , তেওঁলোকে ঘৰৰ কোনো বস্তুৰ বাবে ঘৰৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই , তেওঁলোকৰ গোটেই পৃথিৱী কেৱল ঘৰত কেন্দ্ৰীভূত । কিন্তু এয়া মহিলাসকলৰ বাবে ঘৰ এটা বিলাসী কাৰাগাৰৰ দৰে । আমি এনে এখন সমাজত বাস কৰোঁ য'ত মানুহে কম চিন্তা কৰে আৰু অধিক কথা কয় যিটো সম্পূৰ্ণ ৰূপে বেয়া ।
এগৰাকী মহিলাক সমৰ্থন কৰাৰ বিপৰীতে আন এগৰাকী মহিলাই তেওঁক কিছুমান অৰ্থহীন মন্তব্যৰ দ্বাৰা তললৈ টানি আনে !
ভাৰতীয় সমাজ অনুসৰি -
কিশোৰী :- এজনী ছোৱালী যাক আপুনি বিশ্বাস কৰিব নোৱাৰে । যদি তাই ল'ৰাবোৰৰ সতে কথা পাতে , ছোৱালীতকৈ ল'ৰাবোৰৰ লগ বেছি লয় তেতিয়া তাই চৰিত্ৰহীনা হৈ পৰে সমাজৰ সংকীৰ্ণ মানসিকতাৰ মানুহখিনিৰ ওচৰত ।
বিধৱা :- তেওঁ তেওঁৰ স্বামীৰ একমাত্ৰ মৃত্যুৰ কাৰণ । ভাৰতীয় সমাজ অনুসৰি তেওঁ তেওঁৰ স্বামীৰ জীৱন শেষ হোৱাৰ কাৰণ হোৱা বাবে তেওঁক ডাইনী আখ্যা দিয়া হয় ।
ভাৰতীয় সমাজত প্ৰতিগৰাকী ছোৱালীৰ জন্ম হৈছে নিয়ম নামৰ পুথি এখন লৈ । সমাজে লিখা নিয়মবোৰ যেনে - আমি কি খাইছো , কি পিন্ধিছো , কাৰ লগত কথা পাতিব লাগে , কাৰ লগত নালাগে , ক'ৰবালৈ ওলাই গ'লে কিমান সময়ত ঘৰত আহি পাব লাগে , প্ৰতিমান সহিতে কাৰ লগত কেনে ধৰণৰ আচাৰ-ব্যৱহাৰ কৰিব লাগে ইত্যাদিবোৰ । কৈ শেষ কৰিব নোৱাৰা কঠোৰ ৰক্ষণশীল নিয়ম কিছুমানে সাঙুৰি আছে নাৰীসকলক ।
এই যে নাৰীবাদ মহিলা সকলক শক্তিশালী কৰাৰ বিষয়ে নহয় । মহিলাসকল ইতিমধ্যে শক্তিশালী হৈছেই । পৃথিৱীয়ে সেই শক্তিক অনুভৱ কৰাৰ ধৰণ সলনি কৰিবৰ বাবেহে বা কৰাৰ বিষয়েহে নাৰীবাদৰ জন্ম হৈছে । যেতিয়া মহিলা সকলৰ বিকাশ হ'ব , তেতিয়াহে সমাজৰ সকলোবোৰ লাভালাভ আৰু পৰৱৰ্তী প্ৰজন্মবোৰৰ জীৱনত এক উন্নত আৰম্ভণি হ'ব ।
             
     

Post a Comment

Previous Post Next Post