"এইঘৰ...এইঘৰৰ কুকুৰাই গোটেই খন খুচৰি-মুচৰি শেষ। একো এটা বাৰীখনত লগাব নোৱাৰি। এই ফালে গাহৰিৰ উপদ্ৰৱ।আনফালে কুকুৰাৰ ।কোন ফালে কিমান সহ্য কৰিম।মানুহঘৰে অলপ চিন্তা কৰিব লাগে। আমাৰ দৰে দুখীয়া-নিচলাই বাৰীতে দুই এপদ লগায়। তাকে বিক্ৰী কৰি তেল, নিমখকণ, জুইশলা এটা আনে। কথা ক'লে শুনিব লাগে। বুজিবও পাৰে।"
মাৰ এইয়া গোৱালগালি। সিটো পক্ষৰ উত্তৰ নাছিল। যদিও কেঁচা খৰিৰ জুইৰ দৰে ধোঁৱাই ধোঁৱাই জ্বলিছে। " অই বেছি কথা নকবি।" মা তেতিয়া ভাতৰ চৰুত। পাচলি লগাইছে। জেৰুৱা ভাটা ভালকৈ দিবি। আমি নজনাকৈ ওলকি( খুলকি,মুকলি) গ'লে আমি কি কৰিম। দিনত চাওঁ। ৰাতি কেনেকৈ। শুই পৰিলোঁ মানে মৰি পৰিলোঁ।"
দুয়ো ঘৰৰ কাজিয়াবোৰ চলি থাকে। সময়ো। দুদিনমান আহ-যাহ নিষেধ। জুই-পানীও। কিন্তু আকৌ আগৰ অৱস্থা।
ক্ৰমশঃ
◼️ৰাজেন দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ