সৌ সিদিনালৈ সি ঠিকেই আছিল। আমি দুয়ো ন'লে-গ'লে লগা বন্ধু। শোকে হিয়া ঢাকুৰী কান্দোনত ভাগি পৰিছিলো মৰ্মান্তিক খবৰটি শুনি। ঠিক কাল সন্ধিয়া ম'বাইলটোত ডাটা অন কৰিছিলোঁ মাত্র। লগৰ সমনীয়াৰ ওৱাটছআপৰ ষ্টেটাছেৰে উভয় নদী হৈছিলহি মোৰ ম'বাইলটি। মই হতাশ হৈ থমকি ৰ'লো এটি মাত্র ক্ষণত। তাৰ খবৰটি শুনি। শুনিছো মহামাৰী ক'ৰনাই কাল হ'ল জীৱনত।
মোৰ কি কৰোঁ কি নকৰোঁ লাগিল! ফোন এটি কৰিবলৈ মনত অকান্ত অযুত দ্বিধা, মই বলিয়া হৈ পৰিলোঁ। প্ৰকাশ কৰিব নোৱাৰোঁ তাহানিৰ জীয়া প্ৰতিচ্ছবি। আজি সেই সময় কণ স্মৃতিত সজীৱ হৈ আছে। মনলৈ আহিলে নিজেই দুটি অশ্রুৰ পানী নিগৰে। জীৱনটোত কিমান সপোন দেখিছিল সি। ঘৰ খনৰ ডাঙৰ ল'ৰা হোৱা হেতুকে, কঠোৰ শ্রম কৰি হ'লেওঁ সি পঢ়িছিল। কিয়নো নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান আছিল সি, নিমিষতে স্তব্ধ হৈ ৰ'ল। সপোনৰ ঘৰ খন আজি লঠঙা গছৰ দৰে পৰি গ'ল। সি তাৰ ভনীজনীকলৈ কিমান সপোন দেখিছিল, নিগাজিকৈ ছবি আঁকিছিল হৃদয়ত! আজি সকলো চাৰখাৰ। মাক- দেউতাকৰ বুকু সুদা কৰি গ'ল দূৰণিলৈ, মাত এষাৰো দিব নোৱাৰিলে! কি যন্ত্রণাময় জীৱন।
এজোপা ৰঙা গোলাপৰ পাহিৰ দৰে হঠাতেই মৰহি গ'ল। ধৰি ৰাখিবলৈ সাহস কণ, কাৰোৰে সাধ্য নাই যান্ত্রিকতাৰ যুগৰ পৃথিৱীটো, কাল কৰ'নাৰ আগ্ৰাসনত নিমিষতে যেন ধোঁৱাই নিলে এটি জীৱ শ্ৰেষ্ঠ মানুহৰ প্ৰাণ।
✍️চিন্ময় ডেকা, টংলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ