যাদুকৰী কণ্ঠ লতা মংগেশকাৰ -চিন্ময় ডেকা

©Admin
0
সমগ্ৰ দেশজুৰি শোকৰ ছাঁ বিৰাজমান । নিয়তিৰ সোঁতত হাৰ মানিলে সু-কণ্ঠৰে মোহচ্ছন্ন কৰি ৰখা লগতে শিল্পী সমাজত ৰজন্-জনাই থকা লতা মংগেশকাৰ । তেখেত এতিয়াৰে পৰা আৰু এই পৃথিৱীত নাই । যেন এটি যুগৰ অৱসান । প্ৰায় সুদীৰ্ঘ আঠটা দশকজুৰি ত্ৰিশটাতকৈ অধিক ভাষাত গীত পৰিৱেশন কৰি ভাৰতীয় সংগীতৰ জগতখনত আজিও নিজৰ আধিপত্য বজাই ৰাখিছিল । তেখেতে নিজস্ব শৈলীৰে , গীতত সুৰ-তাল-লয়ৰ মাজেদি মানুহৰ মন , হৃদয়ত সাঁচ বহুৱাবলৈ সক্ষম হৈছে , এগৰাকী সু-কণ্ঠী গায়িকা হিচাপে । বৰ্তমান সমগ্ৰ বিশ্বজুৰি তেখেতৰ যাদুকৰী কণ্ঠৰ শ্ৰোতা বিয়পি আছে । আজি যেন অজস্র শ্ৰোতা মৰ্মাহত । ইহঃ সংসাৰৰ পৰা বিদায় মাগিলে সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰে । অবিচ্ছেদ্য যে , তেখেতক টাইম পত্ৰিকাই ‘ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী’ আখ্যা দিছিল । লগতে 'ভাৰতৰত্ন' সন্মানেৰে সন্মানিত কৰিছিল এইজনা বৰেণ্য যাদুকৰী কণ্ঠৰ লতা মংগেশকাৰক । অৱশেষত ইতিহাস হ’ল এক সোণালী কণ্ঠ । এয়া ভাৰতীয় সংগীত জগতখনলৈ এক অপূৰণীয় ক্ষতি । কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ অৱদান ভাৰতীয় সাংস্কৃতিক জগতখনত অতিকৈ উল্লেখনীয় । অৱশেষত সময়ৰ সন্ধিক্ষণত অৱসান ঘটিল ভাৰতীয় সংগীতৰ এক বৰ্ণিল অধ্যায়ৰ । শ্ৰদ্ধাৰে সোঁৱৰিছো সাম্প্রতিক সময়ৰ নৱপ্ৰজন্মৰ এজন সন্তান হিচাপে । 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)