সংকট কালীন অৱস্থাত ছিনিয়ৰ মাদ্রাছা | হাফিজ বায়েজিদ বোস্তামী

©Admin
0
কালৰ গতিত আমাৰ দেশৰ মাদ্ৰাছা শিক্ষাৰ দুৰ্গতিৰ সীমা অতিক্ৰম কৰা দেখা যায়। এই দুৰ্গতিৰ কাৰণসমূহ বিশ্লেষণ কৰিলে আমি এনেদৰে ক'ব পাৰিম। 

১মঃ- ধৰ্ম, সমাজ, ৰাজনীতি ইত্যাদি সৰ্ববিষয়ত একমাত্ৰ অন্যতম নায়ক আলিম সমাজে গোড়ামী কৰি এই মহৎ কামবোৰ এৰাই চলি তথাকথিত খাদিম, ইমাম আদি "চাহেবান"ৰ হাতত এই মহৎ কৰ্মবোৰ সমৰ্পণ কৰা আনকি উলামা সমাজৰ মাজত নানান বৈষয়িক মতানক্য ঘটাই হ'ল ইয়াৰ সৰ্বপ্ৰথম কাৰণ। ইয়াৰ দ্ধাৰা যে কেৱল মাদ্ৰাছাৰেই ক্ষতি হৈছে তেনে নহয় বৰঞ্চ সমাজৰো শত সহস্ৰ ক্ষতি সাধন হৈছে। অথচ মাদ্ৰাছা শিক্ষাৰে শিক্ষিত কোনো লোকে যদি দুই এটি ডিগ্ৰী লাভ কৰিব পাৰিছে তেনেহ'লে মাদ্ৰাছা শিক্ষা অথবা সমাজৰ উন্নতি অৱনতিৰ প্ৰতি দৃষ্টি দিয়াৰ সময় নাই। চাকৰি এটা কোনোমতে যোগাৰ কৰিব পাৰিলে কোনো বিষয়ত মূৰ ঘমোৱাৰ প্ৰয়োজনবোধ নকৰে। আৰু যদি ডিগ্ৰী লাভ কৰাৰ পাছত ভাগ্যত যদি চাকৰি নাথাকে অথবা উপযুক্ত শিক্ষা লাভ কৰিব নোৱাৰে তেনেহ'লে তেওঁ হ'ব সমাজ সেৱক নাইবা উপৰোক্ত "চাহেবান" সকলৰ মাজৰ এজন। কিন্তু এনে অৱস্থাত অৰ্থাৎ স্বাৰ্থ জড়িত উদ্দেশ্য লৈ তেওঁলোকে সমাজ, ধৰ্ম অথবা দেশৰ কি সেৱা কৰিব পাৰে? অথচ যাৰ নেকি সেৱা কৰাৰ শক্তি সামৰ্থ্যৰ অভাৱ। ঠিক তেনে সময়ত মাদ্ৰাছাৰ দুৰ্গতি নহৈ কি হ'ব? 

২য়ঃ- শিক্ষা বিভাগৰ আঁচনিবোৰেও সমান ভাৱে দায়ী। কিছু দৰ্শক পূৰ্বে আঁচনি প্ৰৱৰ্তন (ব্ৰিটিছৰ চতুৰালী)-ত কৰা হৈছিল। আজিৰ স্বাধীনোত্তৰ যুগতো সেয়া এতিয়াওঁ বাহাল আছে। এই আচঁনিখনত কলা বিভাগৰ বাদে অন্য কোনো বিভাগ নাই। অথচ কলা বিভাগতো কিছুমান বিষয় এতিয়ালৈ সন্নিবিষ্ট কৰা হোৱা নাই। আৰু যিবোৰ বিষয় আছে সেয়া উচ্চ শিক্ষাৰ বাবে যথেষ্ট নহয়। ইয়াৰ বাদেও বৰ্তমানৰ সৈতে অতীতৰ তুলনামূলকভাৱে শিক্ষাদানৰ কোনো ব্যৱস্থা নাই। এই বিষয়াদিবোৰ মধ্যযুগৰ কোনো এজন ৰচয়িতাৰ দুই-এটা গ্ৰন্থই সেই বিষয়ৰ পূৰ্ণজ্ঞান আহৰণৰ বাবে যথোপযোগী বুলি পৰিচালক মহলৰ বিশ্বাস।

৩য়ঃ- বিখ্যাত লেখকবোৰৰ গ্ৰন্থ আৰু এটি সমৃদ্ধিশালী কঠিন ভাষা আনকি এনে বিষয়বোৰ অধ্যয়ণ কৰাৰ বাবে উৰ্দু ভাষাক ( Medium of Instruction)ৰূপে ৰখা হৈছে। অথচ যিকোনো বিষয় লাগিলে নহওঁক কিয়? নিজৰ ভাষাত যদি সেয়া অৰ্জন কৰিব নোৱাৰে তেন্তে বেলেগ ভাষাত সেয়া আয়ত্ব কৰা কিমানদূৰ সম্ভৱ, এই কথা সকলোৱে সহজেই বোধগম্য। যাৰ ফলত লাভৰ পৰিৱৰ্তে অধিকাংশ ক্ষতি হোৱাই পৰিলক্ষিত হয়। মাতৃভাষাৰ সৈতে যি শিক্ষাৰ সংযোগ নাই তাৰ অৱস্থা কেনে হ'ব পাৰে,সেয়া কোৱাৰ প্ৰয়োজন নাই। 

৪ৰ্থঃ- মাদ্ৰাছা সমূহৰ শিক্ষা পদ্ধতিও উপযুক্ত বা প্ৰয়োজনীয়ভাৱে উন্নত নহয়-আধুনিক বিজ্ঞান সন্মত নহয়। বহু ঠাইত অৰ্থাৎ বহু বিষয়ত ব্যৱহাৰিক প্ৰয়োজনীয়তা থকা স্বত্ত্বেও তাৰ ব্যৱস্থা আজি পৰ্য্যন্ত কোনো এটা মাদ্ৰাছাত কৰা হোৱা নাই। বৰঞ্চ মান্ধাতা যুগৰ যুক্তি সমূহকেই এতিয়াওঁ শিক্ষা দিয়া হয়। 

৫মঃ- ওপৰত বৰ্ণনা কৰা এনে দূৰৱস্থা সমূহৰ আন এক গৌণ কাৰণ হ'ল যে, আজিৰ অভিভাৱকসকলৰ মাজত অনেকেই যিবোৰ ল'ৰা-ছোৱালী পঢ়া শুনাত মেধা নহয় তেওঁলোকক মাদ্ৰাছালৈ পঠিয়াই। আনকি মেধা সম্পন্ন ল'ৰা-ছোৱালীক ডাক্তৰী, ইঞ্জিনিয়াৰিং কলেজ আদিলৈ পঠিয়াই। ওপৰত বৰ্ণিত অকামিলা বা নিৰ্বোধৰ ভাষা বুলি ভুল ধাৰণাৰ বশীভূত হৈ পঠিয়াই দিয়ে মাদ্ৰাছালৈ। ফলত এটি কঠিন ভাষাৰ শিক্ষাৰ সন্মুখত তিষ্টিব নোৱাৰি অক্ষম মেধা শক্তিবোৰে ঘৰমুখী হৈ পৰে। ফলত মাদ্ৰাছাৰ শিক্ষাৰ বদনাম হয়। মাদ্ৰাছাত যে ভাল শিক্ষাৰ্থী নাই তেনেওঁ নহয়, মাদ্ৰাছাতো আছে অগণন মেধাসম্পন্ন শিক্ষাৰ্থী। কথা হ'ল দুই-এজনে বদনাম কৰিলে সম্পূৰ্ণ অনুষ্ঠানটোকেই দোষাৰোপ কৰা হয়। 

৬ষ্ঠঃ- দেশ-বিদেশত মাদ্ৰাছা শিক্ষাৰ্থী সকলৰ শিক্ষাৰ উন্নতিকল্পে এটি মাদ্ৰাছাৰ সৈতে অন্য এটি মাদ্ৰাছাৰ যোগাযোগ তথা ভ্ৰমণ ব্যৱস্থাৰ সম্পূৰ্ণ অভাৱ। এনে ভাৱৰ আদান প্ৰদান তথা ভ্ৰমণ ব্যৱস্থাৰ আৱৰ্তমানো এই শিক্ষাৰ দুৰ্গতিৰ এটি কাৰণ। অথচ আৰ্থিক ভাৱে দুৰ্বল তথা অৱস্থাহীন শিক্ষাৰ্থীৰ বাবে কৰ্তৃপক্ষৰ ফালৰ পৰা সাহায্য, মেধাবী শিক্ষাৰ্থীৰ বাবে উপযুক্ত বৃত্তি তথা ডিগ্ৰীধাৰীৰ বাবে উপযুক্ত চাকৰিৰ সুবিধা অথবা ব্যৱস্থা নথকাৰ বাবেও এই শিক্ষাৰ দুৰ্গতিৰ এটা কাৰণ। যিহেতু অৱস্থাহীন মেধাবী শিক্ষাৰ্থী সকলে অৰ্থৰ অভাৱত পঢ়া শুনা বাদ দিবলৈ আৰু ডিগ্ৰীধাৰী সকলে চাকৰিৰ অভাৱত বেকাৰ হৈ থকাৰ বাবে মানুহৰ দৃষ্টিত এই শিক্ষাৰ প্ৰতি বিতৃষ্ণা হ'বলৈ বাধ্য। 

৭মঃ- মাদ্ৰাছাৰ পাঠ্যতালিকাৰ মাজত অন্তৰ্ভুক্ত কিছুমান পুস্তিকাৰ বহু বছৰ ধৰি ছপাঁ আৰু প্ৰকাশ বন্ধ। যিহেতু পৰীক্ষা দিবই লাগিব। তেনে তালিকাভুক্ত পাঠ্যক্ৰম অনুসাৰে কৰা প্ৰশ্ন উত্তৰবোৰেও অৱতাৰণা কৰে। আনফালে মাদ্ৰাছাবোৰৰ লাইব্ৰেৰী সমূহৰো প্ৰয়োজনীয় পুস্তক উপলদ্ধ নাই, আনকি অনেক মাদ্ৰাছাৰ লাইব্ৰেৰীৰ নামত এটি কিতাপো নাই। ইয়াৰ বাদেও মাদ্ৰাছাৰ পাঠ্যপুস্তকৰ ইমানেই মূল্য, ধনী ব্যক্তিৰ কৃপণতা আৰু  কিছু অভিভাৱকে আৰ্থিক অভাৱত কিনিব নোৱাৰে।
  
৮মঃ- কোৰ-আন, হাদীছৰ পৰা নৈতিক শিক্ষা অৰ্জন কৰি এজন মাদ্ৰাছা শিক্ষাৰ্থীয়ে তাৰ ওপৰত আমল কৰা যিমান প্ৰয়োজন সেইখিনিও অভাৱ হোৱাৰ ফলত এই শিক্ষাৰ দুৰ্গতিৰ আন এক কাৰণ।

   এই সমূহ কাৰণৰ বাবেই মাদ্ৰাছা শিক্ষা, শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ মানদণ্ড দিনক দিনে মন্দাৱস্থালৈ ঢাপলি মেলিছে। চৰকাৰৰো কিজানি তেনেবোৰ বিষয়ৰ প্ৰতি দৃষ্টিগোচৰ হৈ মাদ্ৰাছা সমূহ বন্ধ কৰাৰ প্ৰস্তুতি চলাইছে। কিছু বছৰ ধৰি মাদ্ৰাছা বৰ্ড সমূহৰ বিশেষকৈ অসমৰ বি.এ আৰু এম.এম পৰীক্ষাৰ ফলাফল দুই এজনৰ বাহিৰে শোচনীয় ভাৱে পৰিদৃষ্ট হৈছে। হাইমাদ্ৰাছা (মেট্ৰিক) পৰীক্ষাৰ ফলাফলো আশানুৰূপ নহয়। যাৰ ফলত চৰকাৰেও ইয়াৰ প্ৰতি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হৈছে। 

*মাদ্ৰাছা শিক্ষাৰ প্ৰয়োজনীয়তা-

     কালৰ গতিত আমাৰ দেশত মাদ্ৰাছাৰ সীমা অতিক্ৰম কৰিলেও অতীত মাদ্ৰাছা সমূহৰ দৰে কলা, বিজ্ঞান, কাৰিকৰী আদি বিভিন্ন বিষয়ৰ শিক্ষা দিয়াৰ ব্যৱস্থা বৰ্তমান নাথাকিলেও যিবোৰ অৱশিষ্ট আছে সেয়াও কম নহয়। অন্ততঃ কলা শাখাৰ সমস্থ বিষয়বোৰ নাথাকিলেও যথেষ্ট বিষয়ৰ শিক্ষাদানৰ ব্যৱস্থা এতিয়াওঁ আছে। বৰ্তমানো মাদ্ৰাছা শিক্ষা বহুমুখী নোহোৱাৰ বাবে বহুতৰেই আক্ষেপ। সত্য কথা ক'বলৈ গ'লে মাদ্ৰাছা শিক্ষা বহুমুখী হোৱা নিতান্তই আৱশ্যক। কিন্তু আৱশ্যকতা যেতিয়া অনাৱশ্যকৰূপে কোৰ-আন, হাদীছৰ প্ৰকৃত জ্ঞান নথকা ব্যক্তি এজনৰ তত্বাৱধানত পৰিচালিত হয় তেন্তে আমাৰ কি কৰিবলগীয়া আছে! এটি বিষয় বিশেষভাবে উল্লেখযোগ্য যে, ধৰ্মীয় শিক্ষা ব্যতিত অন্যান্য শিক্ষাৰ বাবে যথেষ্ট শিক্ষা প্ৰতিষ্ঠান পৃথক পৃথকভাৱে গঢ়ি উঠিছে যদিওঁ ধৰ্মীয় শিক্ষাৰ বাবে তেনে কোনো বৃহৎ প্ৰতিষ্ঠান বিশ্ববিদ্যালয়ৰ সমপৰ্যায়ৰ দৰে গঢ়ি উঠা নাই। সংস্কৃত টোল হিন্দু সকলৰ বাবে, খ্ৰীষ্টান মিচনেৰী খ্ৰীষ্টান সকলৰ বাবে আৰু মুছলমান সকলৰ বাবে মাদ্ৰাছাই একমাত্ৰ ধৰ্মীয় অনুষ্ঠান। ভিন্ন ধৰ্মাৱলম্বী সকলৰ ধৰ্মীয় প্ৰতিষ্ঠানবোৰ জাক-জমকতাৰে পৰিচালিত হৈছে আনকি মুছলমানৰ ধৰ্মীয় প্ৰতিষ্ঠান বোৰত তলা লগোৱাৰ যোঁজা চলোৱা হৈছে। এয়াই নেকি হয় এখন ধৰ্ম নিৰপেক্ষ দেশৰ নীতি। যুগ সাপেক্ষে কেৱল ধৰ্মীয় শিক্ষা লৈ যদিও বৰ্তমান পৃথিৱীত চলিবলৈ অসুবিধাজনিত তথাপিওঁ নিজস্ব ধৰ্ম, মুছলমানত্ব তথা নিজৰ ঐতিহ্য বজায় ৰাখিবলৈ হ'লে মাদ্ৰাছা শিক্ষাৰে শিক্ষিত হোৱা একান্ত প্ৰয়োজন। আজিৰ ভাৰতত মাদ্ৰাছা ব্যতিত ধৰ্মীয় শিক্ষাৰ বাবে কোনো প্ৰতিষ্ঠান নথকাত সমাজত এই প্ৰকাৰ অমূল্য শিক্ষাৰ প্ৰতি যি কৰ্তব্য, যি প্ৰয়োজনীয়তা, যি সুবিধা তথা যিবোৰ ব্যৱস্থাৰ প্ৰতি অৱজ্ঞা কৰা হৈছে সেয়াই হৈছে মাদ্ৰাছা। মাদ্ৰাছা সমূহত ধৰ্মীয় ধ্বজা সিৰোন্নত কৰি ৰাখি আজি বহু বছৰ ধৰি জীৱন্ত হৈ আছে মুছলমান সমাজ তথা মাদ্ৰাছা শিক্ষাৰ্থীৰ ওপৰত ভৰষা কৰিয়েই। সেয়েহে ক'ব লাগিব যে, মুছলমান আৰু মাদ্ৰাছা শিক্ষাৰ মাজত যি সম্বন্ধ আছে সেয়া চিৰদিন, চিৰ প্ৰয়োজনীয় তথা চিৰ বাঞ্ছিত। সম্প্ৰতি মুছলমান সমাজৰ মুছলমানত্ব আৰু ইছলামত্ব সম্পূৰ্ণৰূপে নাথাকিলেও যি পৰিমাণ বাকী আছে সেয়া কেৱল এই মাদ্ৰাছা শিক্ষাৰ বদলীকৰণতেই আছে। যি ন'হলে হয়তো আজিৰ দিনত আমি প্ৰকৃত পক্ষে মুছলমান হৈ থকা তথা ধৰ্মীয় তহজীব আৰু তমদ্দুন বজায় ৰখা ইমানদিন সম্ভৱ নহ'লে হয়। সেয়েহে এক কথাত ক'বলৈ গ'লে এই শিক্ষাৰ প্ৰয়োজনীয়তা কেৱল বৰ্তমানৰ বাবেই নহয় বৰঞ্চ ক্বিয়ামত লৈকে এজন মুছলমান জীৱিত থকা পৰ্যন্ত এই শিক্ষা আৱশ্যকীয়-অলঙ্ঘনীয়। কিয়নো মহানবী হজৰত মহম্মদ মোস্তফা (চঃ)-ৰ আদেশ-- প্ৰত্যক মুছলমান স্ত্ৰী-পুৰুষৰ ওপৰত দ্বীনি (ধৰ্মীয়) শিক্ষা অৰ্জন কৰা ফৰজ (একান্ত পালনীয় কৰ্তব্য)।"

*আৰবী ভাষাৰ কুটনৈতি মূল্য-

    ভাৰতীয় গণতন্ত্ৰ এটি ধৰ্ম নিৰপেক্ষ তথা গোষ্ঠী নিৰপেক্ষ দেশ। সকলোৰ সৈতে শান্তিপূৰ্ণ সহ অৱস্থান তথা বন্ধুত্বপূৰ্ণ যোগাযোগ বজায় ৰখাটোৱেই হ'ল ইয়াৰ উদ্দেশ্য। পৃথিৱীৰ অন্যান্য দেশবোৰৰ লগত ই যেনেদৰে বন্ধুত্ব বজায় ৰাখিব বিচাৰে ঠিক তেনেদৰেই বন্ধুত্ব আৰবীয় ৰাষ্ট্ৰসমূহৰ লগতো সম্পৰ্ক বজায় ৰাখিব লাগিব। অধিকাংশ বৰ্তমান আন্তৰ্জাতিক সঙ্কটাৱস্থাত বিশেষকৈ ভাৰতৰ কাশ্মীৰ, আৰব-ইজৰাইল যুদ্ধৰ ক্ষেত্ৰত আৰবীয় সকলৰ লগত আমাৰ যোগাযোগৰ প্ৰয়োজনীয়তা আৰু অধিক বৃদ্ধি পাইছে। 
   বৰ্তমান বিশ্বত সৰু-বৰ প্ৰায় ২০ খন আৰবী ভাষীক ৰাষ্ট্ৰ আছে। সেই সমূহৰ প্ৰত্যেকটিৰ লগত আমাৰ সম্পৰ্ক বজায় ৰাখিবই লাগিব। এই সম্পৰ্ক জীয়াই ৰাখিবলৈ হ'লে আৰবী ভাষাৰ জ্ঞান থকাৰ অনেক প্ৰয়োজন। আৰবীয় ৰাষ্ট্ৰবোৰত থকা আমাৰ দূতাবাস সমূহে প্ৰয়োজনীয় লোকৰ ইণ্টাৰভিউৰ ক্ষেত্ৰতো যথেষ্ট সংখ্যক লোকৰ অভাৱ ঘটে। কেতিয়াবা মানুহৰ অভাৱত ইণ্টাৰভিউ পৰ্যন্ত লোৱা নহয় বুলিও আমি শুনি আহিছো। তাৰ বাদেও অৰ্থনীতিৰ ফালৰ পৰাও আৰবীয়ান সকলৰ সৈতে সু-সম্পৰ্ক গঢ়ি তোলা একান্ত প্ৰয়োজন। 
   বৰ্তমানৰ ধৰ্মবোৰে ধৰ্মীয় গোড়ামী বাদ দি বিজ্ঞান সন্মত গৱেষণাত স্থান লাভ কৰিছে। গৱেষণাৰ বাদেও আজি কালি দেশে দেশে আন্তৰ্জাতিক ধৰ্মীয় সভাও অনুষ্ঠিত হয়। সেইবোৰতো প্ৰতিনিধিত্ব কৰাও আমাৰ বাবে প্ৰয়োজন আছে। 

   মুঠতে বিশ্বত আধুনিক শিক্ষাৰ যিমান প্ৰয়োজন আছে ঠিক তেনেদৰে ধৰ্মীয় শিক্ষাৰো সমানেই প্ৰয়োজন আছে। যুগ-যুগ ধৰি চলি অহা কোনো এটি ধৰ্মীয় প্ৰতিষ্ঠানক হঠাৎ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা মানে এচাম ধৰ্মীয় লোকৰ অন্তৰত আঘাত সনা। সেয়া এটি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ বাবে কেতিয়াওঁ হ'ব নোৱাৰে।

  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)