বৰদোৱা থান | হিৰণ্যময়ী বৰুৱা

Rinku Rajowar
0
শ্ৰী শ্ৰী শংকৰ গুৰুৰ 
বৈকুন্ঠ প্ৰধান ।

শীতৰ ওমাল পুৱা
নিয়ৰত তিতি থাকে
দূবৰিডৰা ।
গুৰু শংকৰ অসমদেশৰ
ধন্যদেশ পুণ্যভূমি
তুমিয়েই দিলা ভকতক জ্ঞান ।
শিলিখাজোপা 
আজিও সাক্ষী হৈ ৰ'ল ।
আলিপুখুৰীও ইতিহাস হৈ ৰ'ল ।

শিক্ষা দিলা তুমি
বিশুদ্ধ ধৰমৰ
জগতত কৰিলে বিস্তাৰ
কীৰ্তন দিলা , দশম দিলা
নামৰ কঠীয়া দিলা গুৰু
বৰদোৱা জিলিকিল
বিশ্বৰ দৰবাৰত
অসম জননীয়ে উশাহ ল'লে
বিশুদ্ধ ধৰমে মান পালে
বৰদোৱা থান গুৰু বৰদোৱা থান ।
চাৰিওফালে চাৰিহাটী
কাষেৰে বৈ যায় নদীখনি
শীতৰ সেমেকা ৰাতি ।
কাব্যগুৰু তুমি শ্ৰী শ্ৰী শংকৰ গুৰু
ভকতক নামেৰে বান্ধিলা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)