হেৰুৱাৰ বেদনা | দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
কলেজৰ পৰা ঘূৰি আহি নিহাই মাকক একে ঠাইতে বহি থকা দেখি আচৰিত হ'ল।ৰাতিও ভালকৈ শুবলৈ এৰিছে মাকে। ক্ষন্তেক ৰৈ নিহাই মাকৰ কাষলৈ গৈ কোমল মাতেৰে ক'লে-" কি হ'ল মা ,তুমি এতিয়াও ইয়াতে বহি আছা।মাকে উচপ খাই উঠি ক'লে-" নহয় অ মাজনী ।দেউতাৰাৰ কাষতে বহি আছিলোঁ। এতিয়া অলপ আগত ইয়াতে বহিছো।পিছে তই ইমান সোনকালেই আহিলি যে।"  তাই গহীনকৈ ক'লে-" অ মা আজি সোনকালেই আহিলো।বʼলা মা দেউতাৰ ওচৰলৈ যাওঁ।"
            
          নিহাই নিজৰ দুৰ্বলতাখিনি কেতিয়াও মাকক জানিবলৈ দিয়া নাই। ভগৱানে তেওঁলোকৰ লগত কিহৰ ইমান পৰীক্ষা লৈছে বাৰু।সৰুৰে পৰা নিহাই মাক দেউতাকৰ লগত ইমান সুখেৰে আছিল।সেই সুখবোৰ যেন লাহে লাহে মলিন হ'ব ধৰিছে।আজি এবছৰেই হ'ল দেউতাকৰ বেমাৰ ভাল নোহোৱা। হস্পিটেললৈ অহা যোৱা কৰোঁতেই দিনবোৰ পাৰ হৈ গৈছে। তথাপিও একো পৰিৱৰ্তন হোৱা নাই দেউতাকৰ।নিশা যিমানেই গভীৰ হয় নিহাৰ বুকুত যেন শোকে খুন্দা মাৰি ধৰে। তাইৰ স্মৃতিৰ মানসপটত ভাঁহি আহে দেউতাকৰ সৈতে কৰা ধেমালিবোৰ, সময়বোৰ। কিন্তু এতিয়া আৰু দেউতাকে কেতিয়াও নিহাৰ লগত ধেমালি নকৰে। স্কুলীয়া ল'ৰা ছোৱালীবোৰক কেতিয়াও খোৱা বস্তু নিদিয়ে। তেওঁ যে এতিয়া মৃত্যুৰ সৈতে যুঁজি আছে।বিছনাত বাগৰি কেতিয়াবা নিহাই চিঞৰি উঠে।মাকে শুনাৰ ভয়ত মুখখন বন্ধ কৰি ধৰে।যিজনী নিহাই ভগৱানক সদায় প্ৰাৰ্থনা কৰিছিল মাক দেউতাকক কুশলে ৰাখিবলৈ। কিন্তু এতিয়া নিহাৰ ভগৱানৰ প্ৰতি ঘৃণা উপজিব ধৰিছে।কিয় ইমান প্ৰতাৰণা কৰিলে তাইৰ লগত।এই কিয় শব্দটোয়ে দোধোৰ মোধোৰত পেলাইছে তাইক।
                         
        পূব আকাশত ৰঙা বেলি জিলিকে আৰু পশ্চিম আকাশত ৰঙা বেলি লহিয়াই।দুখৰ দিনবোৰে নিহাহঁতৰ পিছ নেৰা হ'ল।নিহা ডাঙৰ হৈছে লগতে নীৰৱ ! এনেকৈয়ে পাৰ হৈছে দিনবোৰ সুখ দুখৰ মাজেৰে।
                                      
            ৰাতিপুৱাই মাকৰ চিঞৰত নিহাই টোপনিৰ পৰা সাৰ পালে। দেউতাকৰ উশাহ বন্ধ হৈ গৈছে। গাঁৱৰ মানুহে তেওঁলোকৰ ঘৰ ভৰি পৰিল। সম্বন্ধীয় সকলোলৈকে ফোন কৰা হ'ল।নিহাক ঘৰতে থৈ মাকে ওচৰৰে দদায়েক খুড়ীয়েকহঁতৰ লগত দেউতাকক হস্পিটেললৈ লৈ গ'ল।
                                                   
           সম্বন্ধীয় মানুহ তথা গাঁৱৰ মানুহে ঘৰ ভৰি পৰিল। কিন্তু দেউতাকৰ কোনো খবৰ পোৱা নাছিল নিহাই।গধূলি নিহাক জেঠায়েকে কোলাতে মূৰ থৈ শুবলৈ দিছিল।তাই ইমানকৈ উচুপি উঠিছিল যে তাইক কোনেও কান্দোনৰ পৰা ৰখাব পৰা নাছিল।নিশা ৮ মান বজাত পদূলিমুখত গাড়ীৰ শব্দ শুনি সকলো ওলাই গৈছিল।নিহাই কান্দি কান্দিয়ে শুই গৈছিল।তাই একোৱেই গম পোৱা নাছিল।জেঠায়েকে তাইক জগাইছিল-" নিহা উঠ , দেউতা আহিল নহয়।" তাই ওঁঠত পাতলীয়া হাঁহি লৈয়ে কৈছিল-" দেউতা আহিলে জেঠাই। ক'ত আছে দেউতা। মই দেউতাৰ ওচৰলৈ যাওঁ।"
                                                    
        কিন্তু তাইযে জনা নাছিল দেউতাকৰ যে মৃত্যু হৈছে।জেঠায়েকে কৈছিল-" দেউতা বাহিৰৰ চোতালতে শুই আছে অ বʼল।" 
                                                          কথাটো শেষ নহওঁতেই তাই দেউতাকৰ ওচৰলৈ দৌৰি গ'ল। বাহিৰত সচাঁকৈ দেউতাক শুই আছিল চিৰদিনৰ বাবে।তাই বলিয়াৰ দৰে চিঞৰি চিঞৰি বগা কাপোৰখন আঁতৰাই দেউতাকক চাব বিচাৰোঁতেই তাইক জোৰকৈ সাৱটি ধৰিলে মাকে।মাকক কথা মনলৈ অহাৰ লগে লগে তাই আৰু জোৰকৈ চিঞৰিব ধৰিলে।সকলো শেষ হৈ গ'ল নিমিষতে।দেউতাকৰ মৃত্যুত তাইৰ এখন হাত নাইকিয়া হৈ যোৱা যেন অনুভৱ কৰিলে।যি দুখন হাতৰেই দেউতাকক শুশ্ৰূষা কৰিছিল।সেই দুখন হাতৰেই শেষবাৰৰ বাবে দেউতাকৰ পৰা আশীৰ্বাদ ল'ব বিচাৰিলে।তাইৰ হাতদুখন দেউতাকৰ ভৰিৰ পৰা আঁতৰি নাহিল। তাইৰ মুখৰ পৰা এটা কথাই ওলাই আহিল-" দেউতা........... দেউতা তুমি ঘূৰি আহা........ দেউতা......!"


🔴দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)