উন্নয়নৰ নামত দুৰ্নীতি
আস্থাৰ নামত মিথ্যাচাৰ,,
ভোট বেচা কিনাৰ প্ৰতিযোগিতা।
নেতাৰ দপদপনিত,
বিশ্বাস আৰু আশা বোৰ মৰহি গ'লেও যাওঁক।
দেশৰ অৰ্থনীতি থৰকবৰক,
এমুঠি অন্নৰ তাড়নাত
দেশৰ জনসাধাৰণ।
নি:কিনৰ সমাধিত নেতাৰ টিঘিলঘিলনি
বানপানী,খৰাং কিম্বা মাৰি মৰক,
নিৰ্বাচনী সভা হ'বই লাগিব।
মূল্য বৃদ্ধি হ'লেও হওঁক
নেতাৰ লাহ বিলাহ
অব্যাহত থাকিবই লাগিব।
নীতি নিয়ম, আইন কানুনৰ অৰ্থ
নাই।
দুৰাচাৰ, চলি থাকিব।
সততা ন্যায়,সাম্য ধোঁৱাচাঙত,
ধৰ্ষণ অত্যাচাৰ অনাচাৰৰ
জয়জয় ময়ময়।
গণতন্ত্ৰ অসাৰ,
ভৱিষ্যত প্ৰজন্ম বিপন্ন।
নীৰৱ নিস্তব্ধ চৌদিশ,
কুটিলতা, পংকিলতাৰ গ্ৰাসত
গণতন্ত্ৰ।
সমাজব্যৱস্থা, অৰ্থব্যৱস্থা
অসাৰ।
হেঁপাহ নিস্তেজ,
আজিৰ গণতন্ত্ৰ এক সংঘাত।
উত্তৰ নিমিলা অংক,
লক্ষ্যবিহীন গণতন্ত্ৰ।