ফাগুন নামি আহে কোন বাটেৰে | পাপু শইকীয়া

©Admin
0
ধূলিয়ৰি বাটেৰে 
ফুটুকাত শিমলু ফুলৰ চকা ঘূৰে , 
গাঁৱৰ পদুলিয়েদি শৈশৱ নাচে 
উদং পথাৰত গৰুহাল চৰে ।

পলাশ শিমলুৰ ৰঙা বৰণে
আকাশৰ নীলাৰ লগতে
প্ৰতিযোগিতাত নামে ,
নতুনক হাত বাউলি মাতে
গছে - বনে পুৰণি সাজ সলালে ।

হালধীয়া ৰহন সানি পাতে কি কথা ক'লে
শুষ্কতাত খৰমৰণি খাই কাৰ বুকু ভাগে ! 
দিয়া ঢালি ৰং প্ৰেম যমুনাতে । 

এজাক বৰষুণৰ অপেক্ষাত 
পছোৱাচাটি গাতে মেৰাই লৈ
বাট চাই ৰওঁ বসন্তৰ ন- সুবাসলৈ । 

এই যেন হেৰাই যাম নদীৰ পাৰে পাৰে , 
শিমলু চকাটো ফুটুকাত লগাই লৈ , 
দৌৰি দৌৰি যাম অলিয়ে- গলিয়ে । 

ফাগুন নামি আহিল সেই বাটেৰে
দেহা ৰাই-জাই কৰা পছোৱা বতাহে 
ৰঙা বেলিটো কান্ধতে লৈ বিৰিখৰ ডালেৰে ।

              
✍️পাপু শইকীয়া
চিনাতলী (গোলাঘাট)
ভ্ৰাম্যভাষ :৯৮৬৪৫০২৮৭৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)