সকলো গঢ়ি তুলিব জংগী আন্দোলন..
কলেজ স্কুলে বহুতে কৰিব অমৰণ অনশন
কিন্তু কেতিয়া হব বন্ধ নাৰী নিৰ্যাতন
কোনে কৰিব এই সমাজখন সংশোধন ..
মই এগৰাকী নাৰী
মইয়ে সৃষ্টিকৰ্তা মইয়ে প্ৰকৃতিৰ প্ৰাণ
মোকলৈ কৰে বহুতে অহংকাৰ
তথাপিও মোৰে গৰ্ভত জন্ম লৈ মোকে
কিয়নো কৰা অত্যাচাৰ ...
অশান্ত সভ্যতাৰ উত্থানত যেন
হেৰাই গৈছে মোৰে অস্তিত্ব....
মোৰ দেহৰ তেজেৰে ফাকু খেলি বহু ...
নৰপিশাছে লুকুৱাই ৰাখে তেওঁলোকৰ ৰহস্য ..
হৃদয়ত স্বপ্ন মধুৰ ,মনত বেদনা গধুৰ
ময়েই মমতাময়ী , ময়েই সোন্দৰ্য্য প্ৰতীক
মোক বোজা বুলি গণ্য কৰা সকলে
এদিন মোক বিচাৰি হব ব্যাকুল ......
মই হলো অৰ্ধাঙ্গিনী মইয়ে কঠিনতাৰ প্ৰতীক ,
মইয়ে সমাজৰ সত্বা ......
তথাপিও বহুতে কৰিব খোজে মোক নগ্নতা
পূৰণ কৰিব খোজে মনৰ কাপুৰুষতা...
মোৰ নির্বাক আর্তনাদ চিঞৰত
হৃদয় নগলা মানুহ ৰূপী দানৱে
ক্ষান্ত হয় কৰি মোক হত্যা ....