আজাৰ ১ম খণ্ড | কল্যাণ মৰাণ

Rinku Rajowar
0
মহামাৰী হ'ল মানৱ সভ্যতাৰ উত্থান-পতনৰ ইতিহাসৰ এক এৰাব নোৱাৰা অংগ। এনে মহামাৰীক কেন্দ্ৰ কৰি বিশ্ব সাহিত্যৰ লগতে বিভিন্ন আঞ্চলিক ভাষাৰ সাহিত্যত বহুতো কালজয়ী ৰচনাৰ সৃষ্টি হৈছে। আলবেয়াৰ কেমুৰ “প্লেগ” বোধহয় এইসমূহৰ ভিতৰত সকলোতকৈ জনপ্ৰিয় য’ত প্লেগ মহামাৰীৰ ভয়াবহতাৰ বহু তৰপীয়া ছবি বর্ণিত হৈছে। 

       ড° ধ্ৰুৱজ্যোতি বৰা অসমীয়া সাহিত্যৰ এক চিনাকি নাম।তেখেতৰ লেখনিত সমাজৰ নিম্নবৰ্গীয় মানুহৰ অৱস্থানৰ প্ৰতি সচেতন দৃষ্টি আৰু এওঁলোকৰ সততে উপেক্ষিত কণ্ঠস্বৰ বাহিৰলৈ উলিয়াই অনাৰ প্ৰচেষ্টা চকুত পৰে।  কাল্পনিক কথনৰ মাজেৰে প্রান্তীয় ইতিহাস অধ্যয়নত সিদ্ধহস্ত বৰাই ৰচনা কৰা অন্যতম উপন্যাস “আজাৰ”ৰ কাহিনীয়ে মোৱামৰীয়া বিদ্ৰোহৰ উকমুকনিৰ সময়ৰে পৰা ভাৰতবৰ্ষৰ স্বাধীনতালৈকে, চেগা-চোৰোকাকৈ এই বিস্তৃত সময়ছোৱা সামৰি লৈছে। ছশ ছয়ষষ্ঠি পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ এই উপন্যাসখন তিনিটা খণ্ডত বিভক্ত৷ ড: ধ্ৰুৱজ্যোতি বৰা বৃত্তিত এজন চিকিৎসক হোৱা বাবে ৰোগৰ পেথ’লজিকেল দিশটোৰ সম্যক জ্ঞানৰ এক সমন্বিত ৰূপ “আজাৰ”ৰ মন কৰিবলগীয়া বৈশিষ্ট্য হৈ  পৰিছে।মহামাৰীৰ এনে এক বহুমাত্ৰিক সামাজিক ইতিহাসকেই উন্মোচিত কৰিছে ড: ধ্ৰুৱজ্যোতি বৰাৰ ২০১৭ চনত প্ৰকাশিত “আজাৰ” উপন্যাসখনিয়ে।
          
         মহামাৰীৰ দৰে প্ৰসংগৰ সাহিত্যত উপস্থাপনৰ ক্ষেত্ৰত এক মন কৰিবলগীয়া দিশ হ’ল- এইসমূহৰ বিজ্ঞানসন্মত বা বিদ্যায়তনিক গৱেষণাত উপেক্ষিত হৈ‌ ৰোৱা সামাজিক-ৰাজনৈতিক চৰিত্ৰৰ প্ৰতি পাঠকৰ দৃষ্টি‌ আকৰ্ষণ। তথ্যভিত্তিক অধ্যয়নে যদি কোনো এটা মহামাৰীৰ কাৰণ,‌ লক্ষণ,‌ চাৰিত্ৰিক বৈশিষ্ট্য আৰু নিৰাময়ৰ উপায় সম্পৰ্কে আলোচনা কৰে তেন্তে সাহিত্যৰ পাতত এইসমূহে একো‌ একোটা বিশিষ্ট ৰূপ লাভ কৰে আৰু ইয়ে মানৱীয় সম্পৰ্ককে আদি কৰি এখন‌ সমাজৰ ভিন্ন দিশতো কিদৰে প্ৰভাৱ পেলায় তাৰ আভাস দিয়ে।

        এনে এক বহুমুখী চৰিত্ৰৰ মহামাৰী কলা-আজাৰ বা ক’লাজ্বৰ- যিয়ে প্ৰাক-ঔপনিবেশিক তথা ঔপনিবেশিক অসমৰ ভৌগোলিক, সামাজিক আৰু অৰ্থনৈতিক দিশ নিৰ্ণয়ত বিশেষ প্ৰভাৱ পেলাইছিল আৰু এই‌ মহামাৰীয়ে সমাজৰ প্ৰান্তীয় জীৱনৰ গাঁথনিৰ বৈচিত্ৰ্য কিদৰে উদঙাই দিছিল, তাৰেই মননশীল অধ্যয়নৰ ফলশ্ৰুতি‌ হৈছে- “আজাৰ”।উপন্যাসিক হিচাপে ড° বৰাই বিশেষভাৱে বাচি লোৱা মায়ামৰা সম্প্ৰদায়ৰ সামাজিক অৱস্থানত এই আজাৰে সৃষ্টি কৰা যুগচেতনা- যি সমকালীন স্বাধীনতা আন্দোলনৰ বিদ্ৰোহী চেতনাৰে সংপৃক্ত হৈ পৰিছে আৰু কাহিনীৰ তৃতীয় প্ৰজন্মৰ অনুসন্ধিৎসু মনৰ এই পৰিৱৰ্তন আৰু পৰিঘটনাৰ প্ৰতি আকৰ্ষণে উপন্যাসখনক এক বহুমাত্ৰিক আলোচনাৰ থলী হিচাপে গঢ়ি তুলিছে। ক’লাজ্বৰ এই উপন্যাসৰ মূল বিষয়বস্তু যদিও ই এক আজাৰৰ চৰিত্ৰতে সীমাৱদ্ধ হৈ ৰোৱা নাই, বৰং বহুতৰপীয়া সমকালীন সামাজিক ব্যৱস্থাৰ ই এনে এক ৰূপক হিচাপে চিহ্নিত হৈছে যে ইয়াৰ গতিৰেই মূল কাহিনীত বৰ্ণিত তিনিটা প্ৰজন্মৰ জীৱনৰ গতি নিৰ্ধাৰিত হৈছে।

      ঘৃণাই ডকাইতে ধৰ্মীয় আৰু জাতিগত বৈষম্যৰ বিৰুদ্ধে আৰম্ভ কৰা বিদ্ৰোহৰ বীজ তেওঁৰ আজোনাতি বুঢ়াদেউতাৰ সময়লৈকে কিদৰে শিপাই আছিল তাৰেই পটভূমিত ওঠৰশ শতিকাৰ গোলাঘাটৰ ধনশিৰিৰ পাৰত মোৱামৰীয়া বিদ্ৰোহৰ উকমুকনিৰ বৰ্ণনা বুঢ়াদেউতাৰ অতীত ৰোমন্থেনেৰে আগবঢ়োৱাৰ সমান্তৰাল ভাৱে তেওঁৰ  পো-বোৱাৰী নীলকান্ত আৰু যশোদাৰ তথা নাতি মণিময়ৰ   জীৱনৰ গতি ঔপনিবেশিক শাসনৰ শেহৰফালে অহা ন ন সামাজিক পৰিৱৰ্তনে কেনেকৈ নিৰ্মাণ কৰিছে  তাৰ এক জীৱন্ত ছবি এই উপন্যাসত অংকিত হৈছে। এই সুদীৰ্ঘ সময়ৰ বহুৰঙী চিত্ৰণত ক’লাজ্বৰ স্বাভাৱিকভাৱেই এক এৰাব নোৱাৰা উপাদান ‌হৈ পৰিছে। ঘিণাই‌ আৰু তাৰ সংগী পলৰীয়া বিদ্ৰোহীসকলে ৰজাঘৰৰ অত্যাচাৰৰ‌‌ পৰা হাত সাৰিবলৈ ধনশিৰিৰ পাৰৰ হাবিয়ে বননিয়ে লুকাই ‌ফুৰাৰ মাজতে মহামাৰীয়ে উচন কৰি পেলোৱা ‌গাঁওবোৰৰ  জনপ্ৰাণীহীন ঘৰবোৰ দেখা পাইছে। তেনে‌ এক বৰ্ণনা অধ্যায় নং:১১ ত এনেদৰে আগবঢ়োৱা হৈছে-

      “ঘৰটোৰ ভিতৰত পৰি আছিল এটা মানুহ, এজনী মাইকী আৰু এটা পোৱালি। এটাইকেইটা মৰা, আৰু শৱকেইটা গেলিবলৈ ধৰিছে বেয়াকৈ। এটাইকেইটা মৰা শৱ তেনেই খীণাই-শুকাই হাড়ে-ছালে লগা মানুহৰ শৱ। গাৰ মঙহবোৰ যেন জহি-পমি নাইকিয়া হৈ গৈছে। গাৰ ছালখন ফিটফিটীয়া হৈ হাড়ৰ ওপৰত যেন লিপিত খাই লাগি পৰিছে। শিয়ালকেইটাই ল’ৰা পোৱালিটোৰ গাটো খাবলৈ আৰম্ভ কৰিছিল।"

ক্ৰমশঃ


✍🏻কল্যাণ মৰাণ
তৃতীয় ষান্মাসিক
বুৰঞ্জী বিভাগ,ডিব্ৰুগড় বিশ্ববিদ্যালয়।
ফোন: ৯১০১২৫৩৩৭৯

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)