সুখ - গীতাঞ্জলি কলিতা

Aditi Tanti
0
হঠাতে আজি এখন বিয়াত মালতীক লগ পাই আচৰিত হৈ গ'লোঁ । এজনী সহজ সৰল ছোৱালীক সেই ৰূপত দেখিলে আচৰিত হ'বৰ কথাই । তাইৰ পৰিপাটী আৰু ধুনীয়া কাপোৰ জোৰ চাই অনুমান কৰিলোঁ তাই এটা ভাল চাকৰিত অধিষ্ঠিত ।
মোৰ হাইস্কুলীয়া দিনৰ কথা মনত পৰিল । প্ৰায় পচিশ বছৰ আগৰ কথা । মালতীক সেই তাহানিতেই স্কুলত লগ পাইছিলোঁ । অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে একেলগে আমি পঢ়িছিলোঁ । দেউতাৰ চৰকাৰী চাকৰি সুত্ৰে সেই চহৰ খনলৈ বদলি হৈ অহা বাবে সেই স্কুলত মোৰ নামভৰ্তি হোৱাত মালতীৰ লগতে ফাৰহানা, অঞ্জুমা, ৰিতাহঁত মোৰ সহপাঠী হৈছিল ।
মালতী আমাৰ ক্লাছৰ সকলোতকৈ দুখীয়া ঘৰৰ ছোৱালী আছিল ।তাইক উৱলি যোৱা ইউনিফ্ৰম যোৰত দেখি মোৰ প্ৰথম দিনাই বেয়া লাগিছিল । তাইৰ লগত কোনেও ভালকৈ কথা বতৰা নাপাতিছিল । তাই পিছৰ বেঞ্চত অকলেই বহিছিল । মই নতুনকৈ অহা বাবে সহপাঠীসকলে আগত বহিব দিছিল । মোৰ বহুত বেয়া লাগিছিল । মই তাইৰ লগত কথা পাতিব চেষ্টা কৰিছিলোঁ আৰু মাজে মাজে তাইৰ লগত ময়ো পিছৰ বেঞ্চত বহিছিলো । দুপৰীয়া জিৰণিৰ সময়ত মায়ে দিয়া টিফিন তাইৰ লগত ভগাই খাইছিলোঁ । এদিন তাইৰ কথা মাক কোৱাত তাইলৈ নতুন দুযোৰ ইউনিফ্ৰম দি পঠাইছিল । তাইৰ আৰু মোৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছিল । লাহে লাহে অইন বান্ধবী ৰিজু ,অঞ্জুমা ৰীতা হতেও তাইৰ লগত বন্ধুত্ব কৰিব আৰম্ভ কৰিছিল । সকলোৱে হাঁহি ফুৰ্টি কৰিছিলোঁ । মালতীয়ে স্কুল ছুটিৰ সময়ত সদায় মৰমৰ চাৱনিৰে মোলৈ চাই বিদায় লৈছিল ।
এদিন আমি সকলোৱে মেট্ৰিক পৰীক্ষা দিলোঁ আৰু প্ৰত্যেক গৰাকীয়ে উত্তীৰ্ণ হৈ বেলেগ- বেলেগ কলেজত ভৰ্তি হৈ আতৰি গৈছিলোঁ ।
       সেইজনী মালতীক আজি এনেদৰে বহু বছৰৰ পিছত লগ পাই নষ্টালজিক হৈ পৰিলোঁ । তাই পৰিধান কৰা অাভিজাত্যৰ সাজপাৰ দেখিও কিছু আচৰিত হলোঁ । দুয়োজনীয়ে কিন্তু কম সময়তে বহু কথা পাতিলোঁ । এটা সময়ত ঘৰলৈ উভতিব ওলালোঁ আৰু উবেৰ এখন বুক কৰিব খোজতেই তাই মানা কৰিলে আৰু মোক থৈ আহিব খুজিলে। মই অলপ হেহু -নেহু কৰাত তাই বুজিব পাৰিলে আৰু দুখ মনেৰে ক'লে সেই স্কুলীয়া জীৱনত মই দিয়া সংগ তাই কেতিয়াও পাহৰিব পৰা নাই আৰু মোৰ মায়ে দিয়া টিফিন খায়েই হেনো তাই বহুত শক্তি লভিছিল । মোক থৈ আহিব পাৰিলে তাই অতিকৈ আনন্দিত হ'ব । মই তাইৰ প্ৰস্তাৱত সন্মতি দি তাইৰ বহু লাখ টকীয়া গাড়ীখনত উঠিলোঁ । বহুত ভাল লাগিল । মোৰ সহজ সৰল বান্ধবী জনী আজি নিজৰ জোৰত পঢ়া শুনা কৰি হাকিম হৈছে । তাইৰ মুখ খনলৈ চাই মোৰ এনেকুৱা লাগিল তাই যেন খুউৱ সুখ অনুভৱ কৰিছে মই তাইৰ গাড়ীত উঠা বাবে ।

            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)