মন মৰুভূমিৰ মৰীচিকা খেদি-বন্তী দত্ত

©Admin
0
চাহৰ কাপটো হাতত লৈ আগফালে আৰামদায়ক চকী খনত বহি ফুলনি খনলৈ এবাৰ চকু ফুৰাই চাইছোঁ। প্ৰায় এবছৰ মানৰ পিছত ঘৰলৈ আহিছোঁ। আহিয়েই সকলো বোৰ বস্তু চিজিল কৰি মাৰ হাতৰ চাহ কাপ লৈ আগফালে বহিবলৈ আহিছোঁ। ভাগৰুৱা শৰীৰটো চকীখনতে এৰি দি অনুভৱ কৰিছোঁ য'তেই নাথাকো কিয় নিজৰ ঘৰ খনৰ সমান ক'তো হ'বই নোৱাৰে! তাতেই চহৰৰ হুলস্থুলৰ তুলনাত গাঁৱৰ সেউজীয়া বোৰৰ কথাই সুকীয়া। এইবোৰ কথাই ভাবি গুনি বহি আছিলোঁ; এনেতে গেট খন খোলাৰ শব্দ শুনি সেইফালে চাই দেখিলোঁ পাতল সেউজীয়া শাৰী পৰিহিতা এগৰাকী মহিলা মই বহি থকাৰ ফালেই আগবাঢ়ি আহিছে। চিনি পাওঁ যেন লাগিছে যদিও ভালদৰে ধৰিব পৰা নাই। একেবাৰে ওচৰলৈ আহি পোৱাত মই চকীৰ পৰা উঠি দি সেই গৰাকী মহিলাক বহিবলৈ চকীখন আগুৱাই দিলো। মিছিকিয়া হাঁহি এটি মাৰি মোক সুধিলে,
:- ভালে আছনে তই? কেতিয়া আহিলি?
  তেওঁৰ প্ৰশ্নৰ উত্তৰ দি কলো,
:- হ'ল,অলপ সময় হ'ল বাৰু। ভালে আছোঁ মই।
 অন্য একো কথা নুসুধি মনতে ভাবিছোঁ এই গৰাকী বা কোন চিনিয়ে পোৱা নাই। কথা কি পাতিম আৰু? মাক মাতিবলৈ যাবলৈ খোজোঁতেই ভিতৰৰ পৰা মা বাহিৰলৈ ওলাই আহিল। হয়টো মায়ে উমান পাইছিল যে কোনোবা আলহী আহিছে। তেতিয়াই মায়ে চিনাকি কৰাই দি কলে যে এইয়া আমাৰ ঘৰৰ সন্মুখৰ হাজৰিকা বৰ্তাহঁতৰ ঘৰৰ ডাঙৰ ছোৱালী মামুণ বা। আজিলৈকে ভালদৰে ইমান ওচৰৰ পৰা দেখিয়ে পোৱা নাছিলো কাৰণ তাই যিহেতু বেছিভাগ সময়েই ঘৰত নাথাকে, বাহিৰতেই পঢ়া শুনা কৰি চাকৰি কৰিছিল। মাজতে শুনিছিলোঁ তাই বিবাহ বিচ্ছেদ কৰাৰ পিছত ঘৰতেই থাকে বোলে, কিন্তু জনা নাছিলোঁ যে তায়েই এই মোৰ সন্মুখত বহি থকা জনী বুলি। চিনি পোৱাৰ পিছত মই লাহে লাহে দুই এষাৰ কথা পাতিলো। মা লগত এফালে যোৱাৰ কথা পাতি মামুন বা গলগৈ।
              গধূলি সময়ত চাহৰ আড্ডা পাতি দেউতাহঁতৰ লগত দিনটোৰ ভাগৰুৱা যাত্ৰাৰ সৰু সুৰা অভিজ্ঞতাৰ কথাবোৰ পাতি আছিলোঁ। অলপদেৰী পিছত এসময়ত মা ভাত বনাবলৈ পাকঘৰলৈ গল। যাওঁতে কৈ গল আজি হেনো মই ভালপোৱা মাছৰ মুৰিঘণ্টা আৰু শেৱালী ফুলৰ খাৰ বনাব। দেউতাই কৃত্ৰিম খং অলপ  আৰু ঈষৎ হাঁহি এটা মাৰি মাক উদ্দেশ্য কৰি কলে,"ছোৱালী আহিছে নহয়,এতিয়া বিধে বিধে ৰান্ধিবা। এনেইটো এলাহ লাগিছে বুলি কৈ সেই পানী পানী দাইল খিনিকেই বনাই খোৱাই থাকিবা মোক।" মায়ে মিচিকিয়াই প্ৰত্যুত্তৰ দি কলে যে," তাই খাই ভালপোৱা বোৰ মই এতিয়াই নুখুৱালে পিছত আকৌ চহৰত গৈ ক'তনো মাকৰ হাতৰ জুতি বিচাৰি পাব।" 
  দেউতাই হ'ব হ'ব তোমাৰলগত কথাত জিকিব নোৱাৰি বুলি কৈ টিভি টো খুলি অসমীয়া ৰেঙণি চেনেলটো লগাই জনপ্ৰিয় ধাৰাবাহিক Beharbari Outpost চাবলৈ লৈছে। মই লাহেকৈ ৰূম লৈ আহি মবাইলটো হাতত লৈ ৱাটচাপ টো খুলি লৈ সেই বিশেষ জনৰ নাম্বৰটোত কিবা মেচেজ আহিছে নেকি চালোঁ। উহঁহো,নাই! মনটো সেমেকি উঠিল! আজিৰ পৰা দুদিনৰ আগতেই মই তেওঁক ফোন কৰিছিলোঁ কথা হবলৈ কিন্তু তেতিয়া ব্যস্ত থকাত ফোনটো ৰিছিভ কৰিব নোৱাৰিলে তেওঁ। মই অলপ সময় ৰৈ ৱাটচাপ টো খুলি তেওঁক মেচেজ এটা দি কৈছিলো,"সময় পালে ফোন এটা কৰিবা।" কিন্তু এতিয়ালৈকে সেই ফোন টো নাহিল আৰু। ফোন টো একাষে থৈ বিছনা খনত পৰি চকু দুটা মুদি দিলোঁ। 
                     প্ৰায় আজি দুমাহ মানৰ আগতে কৰ্মসূত্ৰে যোৱা এটা ভ্ৰমণত তেওঁক লগ পাইছিলো। প্ৰথমাৱস্থাত তেওঁৰ লগত ইমান বেছি  চিনা জনা হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত একেলগে কাম কৰিবলগীয়া হোৱাৰ বাবে অলপমান কথা বতৰা বোৰ পতা হৈছিল। দিন বাগৰি যোৱাৰ লগে লগে আমাৰ মাজৰ সম্পৰ্কটো এটা ভাল বন্ধুত্বৰ সম্পৰ্কলৈ গঢ়ি উঠিছিল। দিনটোৰ কামৰ খতিয়ান, ক'ত আজি কি কি কৰিলোঁ, কোনে কি ক'লে,দিনটোৰ তিতা মিঠা অভিজ্ঞতা,কামৰ কথা,দেশৰ কথা ইত্যাদি এনেকুৱা বহুত কথা আমি পাতিবলৈ ললো। এনেকুৱা হৈ পৰিলে যে সি এদিন মোক নোকোৱাকৈ কৰবাত গলেই মোৰ খং উঠা হ'ল,মই ফোন কৰোঁতে সি ব্যস্ত থাকিলে পিছত মুখ ফুলাই ৰৈ থাকোঁ, অন্য ছোৱালী লগত কথাবোৰ বেছিকৈ পাতিলেই পিছত তাক বহুত গালি পৰা হ'লো। আনকি তাৰ টোপনি যেতিয়া ৰাতি টোপনি নাহে তেতিয়াও যিমান সময় নহওঁক অ'ই বুলি মেচেজ এটা দি কৈ যে সি সাৰে আছে! তাৰ সান্নিধ্য ত থাকি মোৰ ভাল লাগিছিল,আচলতে সি মোক বুজি পোৱাত মোৰ মনটোৱে খিলখিলাই হাঁহিছিল। এনেকৈয়ে দিনবোৰ পাৰ হৈছিল ভালকৈ, কাৰোলগতেই মনৰ কথা খুলি নোকোৱা মই তেওঁক চকু মুদি বিশ্বাস কৰিছিলোঁ আৰু প্ৰতিদিনেই হিয়া উজাৰি সকলোবোৰ কৈছিলো। সি খুব উৎপতীয়া আছিল কিন্তু ওলোটাই সি মোক নাম দিছিল উষ্টাদী বুলি! কামৰ সময়ত খুব ব্যস্ত থাকিবলগা হোৱাৰ বাবে প্ৰায়ে মোৰ ফোন টো ব্যস্ত পাইছিল সি, সেয়ে অন্য এটা নাম দি (ৱেইটিং বাইদেউ) খং কৰিছিল। আৰু এই সকলোবোৰ মাজতে এদিন সি মোক ভালপোৱাৰ প্ৰস্তাৱ দিছিল আৰু অলপো নাভাবি মইও তেওঁৰ প্ৰস্তাৱটোত সন্মতি দিছিলোঁ। যিহেতু আমি বহুত আগৰে পৰাই ভালকৈ তেওঁক বুজি পাইছিলোঁ আৰু দীৰ্ঘ সময় ধৰি এটা ভাল বন্ধুত্বৰ সম্পৰ্কত আছিলোঁ। তাৰপিছত কেইমাহ মান ঠিকে থাকে গ'ল।কিন্তু লাহে লাহে কামৰ ব্যস্ততা বাঢ়ি গ'ল দুয়োটাৰে আৰু এদিন এনেকুৱা হ'ল যে গোটেই দিনটো সি মোক ফোন এটা নকৰিছিল। যিটো ল'ৰাই দিনটোত এবাৰ হ'লেও,এটা হ'লেও ফোন কৰে আজি তাৰ কি হ'ল আকৌ? মইয়ে ফোন কৰিলোঁ সি ফোনটো কাটি পিছত কৰিম বুলি মেচেজ এটা দিলে। মইও ইমান বেছি একো নাভাবি তেনেকৈয়ে থাকিবলৈ দিলো ভাবিলো যে কিবা কামত লাগি আছে চাগে পিছত ফোন কৰিব। কিন্তু পিছদিনা খনো তাৰ এটাও ফোন নাহিল। মনটো খং, ক্ষোভ, অভিমানৰে ভৰি পৰিছিল। তৃতীয় দিনা মই ফোন কৰিলোঁ আৰু সি এনেকুৱা কৈ কথা পাতিলে যেন একো হোৱাই নাছিল। মাত্ৰ তিৰাল্লিছ ছেকেণ্ড কথা পাতি ফোন টো ৰাখি দিলে। এবাৰো নুসুধিলে মই কেনে আছোঁ,কি কৰিছোঁ! এই দুই তিনিদিনতে এনেকুৱা কি হ'ল যে সি মোৰ উপস্থিতিক আওকাণ কৰিছে? সেইদিনাই যি আৰম্ভণি হ'ল সেই দিনাৰপৰা আজিলৈকে তাৰপৰা প্ৰতিদিনেই উপেক্ষিত হৈ আহিছোঁ। তথাপিও সি জানি বুজি নোপোৱা দৰেই মোৰ লগত তেনেকুৱা হৈয়ে থাকিল। আগৰ দৰে কথা নপতা হল,মোক কেয়াৰ নোলোৱা হল,তৰ্ক নকৰা হ'ল মুঠতে চিনাকিৰ পৰা আকৌ অচিনাকি হৈ পৰিলোঁ যেন অনুভৱ কৰিছিলোঁ। কেতিয়াবা অকলশৰীয়া মূহুৰ্তত অনুভৱ হৈ যেন তাৰ লগত চিনাকি হৈয়ে ভুল কৰিলোঁ নেকি? মানসিভাবে মই ভাঙি পৰিছিলো যদিওবা হৃদয়ৰ আভ্যন্তৰত কি ভাবনাই গুজৰি গুমৰী আছিল তাক বাহ্যিক প্ৰকাশ কৰি দেখুওৱা নাছিলোঁ। মানি লৈছিলোঁ সি সময় নাপাই কিন্তু যেতিয়া কথা পাতে ইমান অচিনাকী মানুহৰ দৰেনো কিয় কথা হ'ব লাগে! তথাপিও মই কোনোদিনে তাক অকলশৰীয়া হবলৈ দিয়া নাছিলোঁ! সি যিমানে মোৰ পৰা পলাবলৈ চালেও মই তাৰ খবৰ লৈছিলোঁ,আগৰ দৰেই আছিলোঁ যদিও সময় বোৰ বেয়া লগা হৈ পৰিছিল। 
      হঠাৎ চকু দুটা মেলি লৈ হুমুনিয়াহ এটা পেলাই লৈ চুলিখিনি ঠিক কৰি মইও মাক অলপ সহায় কৰি দিও বুলি পাকঘৰত সোমালোগৈ। মন বোৰ কিবা ভাল লগা নাছিল,সেই একেবোৰ কথাকে আজি কিমান দিন যে ভাবি আছোঁ। মা ওচৰলৈ গৈ দেখিলোঁ মায়ে ইতিমধ্যে সকলোবোৰ বনাই শেষ কৰিলেই আৰু ভাত বাঢ়িবলৈ সাজু মাত্ৰ দেউতা আৰু মই আহি খাবলৈ বহিলেই হ'ব। ভাত খাই  থাকোঁতেই ইটো সিটো কথা মা লগত পাতি খোৱা শেষ কৰিলোঁ। দেউতাই লাহেকৈ বিছনা ল'লে গৈ। মই ভাত খোৱা বাচন বৰ্তন ধুই পখালি আজৰি হৈ মা লগত শুবলৈ আহিলো। দিনটোৰ ভাগৰে হেঁচা মাৰি ধৰিছিল কাৰণে বিছনাত পৰাৰ লগে লগে সোনকালেই টোপনিও গলোঁ।
                    ৰাতিপুৱা মায়ে আহি জগাই দিয়াত হে সাৰ পালোঁ।বিছনাৰ পৰা উঠি আহি মুখ হাত ধুই মই চাহ একাপ বনাই পাকঘৰৰ খিৰিকী খনৰ ওচৰতে ৰৈ পাছফালৰ বাৰীখনলৈ চাই চাই চাহ কাপ খাই শেষ কৰিলোঁ। বাৰীখন একেবাৰে ফু মাৰি ভাত খাব পৰাকৈ অতাই পিতাই থৈছে। তেনেতে মা আহি কলেহি,
:-শুনিছ',মই ভাত পানী বনাই থৈ গৈছোঁ তই আৰু দেউতাৰাই বাঢ়ি কৰি সময়ত খাবি।মই অলপ ওলাই যাওঁ, মামুন আহি ৰৈ আছে।
 মইও ও,আঁ কৰি মাৰ কথাত সন্মতি দিলোঁ। মা যোৱাৰ পিছতেই দেউতা আৰু মই ভাত খাই ভাগে ভাগে কামত লাগি গলোঁ। দুপৰীয়া বেলিটো মূৰত লৈ মা আৰু মামুণ বা আহি উলালহি। ইটো সিটো কথা পাতি থাকোতে মায়ে আমাৰ দুজনীক কথা পাতিবলৈ দি কাপোৰ সলাবলৈ গ'ল। অলপ সময় কথা বতৰা হোৱাৰ পিছত মোৰ মনত এটা কৌতূহল জাগি উঠিল যে মামুণ বাৰ কিয় বিবাহ বিচ্ছেদ হল? ভাবি থকা কথাটো কোন সময়ত মোৰ মুখেদি বাহিৰ ওলাল মই তলকিবই নোৱাৰিলোঁ।
:- মামুণ বা, তোমাৰ বিবাহ বিচ্ছেদ কিয় হল? 
আচম্বিতে এনেকুৱা এটা প্ৰশ্নৰ অৱতাৰণা হোৱাৰ লগে লগে পৰিবেশ টো গহীন হৈ গ'ল। মইও কি কৰো কি নকৰোঁ ভাবি বিমোৰত পৰি শেষত বাক বেয়া নেপাবলৈ ক'লো। বায়ে কিন্তু অলপো বেয়া পোৱা নাছিল। আনকি মোৰ প্ৰশ্নটো শুনি হাঁহি পেলায় মোক কৈছিল যে মই প্ৰশ্নটো সুধি একো ভুল কাম নাইকৰা। আৰু এই প্ৰশ্নটোৰ সন্মুখীন তেওঁ বহুবাৰ হৈছে। আৰু কোনোবাই ইতিকিং কৰি, ঠাট্টা মস্কৰা কৰি কথাবোৰ যেনেকৈ কৈ তাৰ তুলনাত মোৰ স্পষ্ট প্ৰশ্নটোত যথেষ্ট সন্মান সহকাৰে সোধিছোঁ বুলি কলে। মামুণ বায়ে কোৱা কথাবোৰৰ পৰা বুজিছিলোঁ যে তেওঁৰ স্বামীৰ বহুদিনীয়া অবৈধ সম্পৰ্ক আছিল। তেওঁৰ স্বামী যথেষ্ট আত্মকেন্দ্ৰিক আৰু অহংকাৰী আছিল। নিজৰ স্বাৰ্থ পূৰণৰ কাৰনে একো কৰিবলৈ ভয় নকৰিছিল। বাহঁতৰ প্ৰেম বিবাহত হাজৰিকা বর্তা হঁতৰ সমৰ্থন আছিল যদিও ল'ৰাটো ভাল নাছিল কাৰণে বৰ্তা হ'তে সম্পৰ্কটো গঢ়া আগত বাক বহুত বুজাইছিল কিন্তু বায়ে ঘৰৰ কাৰো কথা নুশুনি নিজৰ মতত অটল আছিল আৰু এদিন কোনেও গম নোপোৱাকৈ বিবাহপাশত আবদ্ধ হৈছিল। বিশেষকৈ বায়ে এটা কথা খুব জোৰ দি কৈছিল যে তেওঁৰ কথাবোৰ প্ৰথমাৱস্থাত বুজি পোৱাৰ অভিনয় কৰিছিল মাত্ৰ আৰু শেষত বায়ে বাৰম্বাৰ বুজোৱাৰ পিছতো বহুত বেছি অবুজন হৈ তেওঁৰ স্বামী ঘৰৰ পৰা ওলাই গৈছিল। জীৱনটো ভবাৰ দৰে নহয়,কোন সময়ত কি ঘটনা ঘটিব সেয়া কোনোৱে ঠাৱৰ কৰিব নোৱাৰে। সম্পূৰ্ণ কথাবোৰ কৈ এটা সময়ত মামুণ বায়ে মোৰ হাতত ধৰি মৰমেৰে বুজাই কলে,
:- বুজিছা! আগতে মায়ে মোক কৈছিল মই কোৱা এটাও কথা নুশুন নহয়,এটা সময় আহিব সেই সময়ত অকল মোৰ কথাবোৰ মনত পেলাই কান্দিবিহে তই। আৰু আজিও যেতিয়া মই কোনোবা এজনক খুব বেছিকৈ গুৰুত্ব দিয়াৰ পিছতো বিপৰীত পক্ষৰ পৰা কেৱল উপেক্ষিত হওঁ; তেতিয়াই মায়ে কোৱা এষাৰ কথা মনলৈ আহে, "অধিক ঘনিষ্ঠতাই এটা ভাল সম্বন্ধ নষ্ট কৰে।" 
         কেতিয়াবা হাঁহি উঠে নিজৰ মূৰ্খামিৰ ওপৰত! মই সেইজন মানুহক গুৰুত্ব দিবলৈ চাইছোঁ,সেইজন মানুহৰ জীৱনত প্ৰিয় হবলৈ চাইছোঁ, সেইজন মানুহে অৱহেলা কৰাত চকুপানী টুকিছোঁ যিজন মানুহে মোৰ লগত আজিলৈকে এটা সঁচা সম্পৰ্ক গঢ়িয়েই নাপালে। মাথোঁ নিজৰ কপটতাৰে মোৰ হৃদয়ৰ সঁচা অনুভূতিৰ সৈতে খেলিলে। আৰু তেনেকুৱা এটা সম্পৰ্কত অহাৰ প্ৰয়োজনেই বা ক'ত যত সম্পৰ্ক টো জীয়াই ৰাখিবলৈ এজনে কষ্ট কৰে, সম্পৰ্ক টো জীপাল কৰি ৰাখিবলৈ এজনেহে চেষ্টা কৰে! যিকোনো এটা সম্পৰ্ক গঢ়াৰ সময়ছোৱাত সচেতন ভাৱেই মানুহে গঢ় দিয়ে সেয়ে এশ এটা প্ৰতিশ্ৰুতি দিয়ে। কিন্তু লাহে লাহে সময় দিব নোৱাৰাৰ কথা,দিনক দিনে ৰুক্ষ ব্যৱহাৰ, আমি যিমানে আগ্ৰহী হওঁ কথা বোৰ পাতিবলৈ তেতিয়াই ফালৰি কাটি গুছি যোৱা এইবোৰ কিয় হয়? দুয়োজনেই টো সিদ্ধান্ত লয় একেলগে ভালদৰে থকাৰ,পৰস্পৰে প্ৰতিশ্ৰুতি দিয়ে কোনোদিনে সলনি নোহোৱাৰ তাৰপাছতো এই যে সময় সলনি হোৱাৰ লগে লগে পৰিৱৰ্তনৰ অজুহাত দেখুৱাই মানুহবোৰ সলনি হয় সেইয়াই কি বুজাই বাৰু? এনেকৈ এজনৰ ভাৱ অনুভূতিৰ লগত কিয় খেল খেলা হয়? এই খেলবোৰ খেলাৰ সলনি স্পষ্টকৈ কৈ দিলেই হৈ ন যে আমনি নকৰিবলৈ,তেওঁৰ জীৱনৰ পৰা গুছি যাবলৈ!
আচলতে কি হয় জানানে, ভুল আমাৰ! আমি তেনেকুৱা সুযোগ দিও, সুবিধা দিও আমাক এনেকুৱা অৱস্থা কৰি যাব পৰাকৈ। যেতিয়া লৈকে তেওঁলোকৰ অবহেলাই মানসিক ভাবে আমাক ভাঙি নেপেলাই তেতিয়ালৈকে আমি সেই মানুহখিনিক হৃদয়ৰ পৰা হেঁপাহেৰে গুৰুত্ব দিয়ে ই থাকোঁ। তেওঁ লোকৰ গাত দোষ দি জানো কিবা লাভ হব?কাৰণ এনেকুৱা সময়ও আহিছে য'ত নেকি তেওঁ লোকৰ আচাৰ ব্যৱহাৰে আমাক সকিয়াই দিয়ে যে আমি অনাদৃতা হৈ পৰিছোঁ তেওঁৰ ওচৰত বা আমনিদায়ক হৈ পৰি ছোঁ! তথাপিও তেওঁ লোকৰ প্ৰতি থকা আগ্ৰহ বোৰক নেওচি যোৱাৰ ইচ্ছা ও শক্তি নাথাকেই। আৰু এটা সময়ত এই সকলোবোৰ সহ্য কৰাৰ সীমা পাৰ হৈ যায় আৰু আমি অতিষ্ঠ হৈ পৰো। সেয়েহে এনেকুৱা এটা সময়ও আহে যত আৱেগে বিৱেকৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয়। শেষত এটাই বুজিলো যে আত্ম প্ৰেম ও আত্ম সন্মানৰ খাতিৰত সেইবোৰ মানুহৰ পৰা আঁতৰি অহাই ভাল যিবোৰ মানুহে তেওঁ লোকক নিস্বাৰ্থ ভাৱে ভালপোৱা মানুহবোৰক আৰু সেইসকলৰ ভালপোৱাক সযতনে ৰাখিব নোৱাৰে। সেইকাৰণে মই সেই সকলোবোৰ এৰি থৈ আহিলো! এতিয়া বুজিলা নহয় ছোৱালীজনী?
     একান্তমনেৰে কথাখিনি শুনি থকা মই মোৰ দুপিয়াই বুজি পোৱাৰ ইংগিত দিলোঁ। বায়ে অলপ সময় বহি গলগৈ। কিন্তু যোৱাৰ আগতে মোক বাৰে বাৰে বুজাই থৈ গল যাতে মই কেতিয়াও যিকোনো পৰিস্থতিতে নিজক,নিজৰ শুদ্ধতা,সততাক,ভালপোৱাক এনেকুৱা কিছুমান মানুহৰ বাবে অপচয় নকৰোঁ যিবোৰ মানুহে মোৰ অস্তিত্বক,মোৰ ব্যক্তিত্বক,মোৰ ভালপোৱা বোৰক বুজি নাপায়। আচলতে সেইসকল লোকক হাজাৰ কাকুতি মিনতিৰেও বুজাব নোৱাৰি যদিহে তেওঁ লোকে নিজে বুজিবলৈ চেষ্টা নকৰে। কোনোবাই আমাৰ অনুভূতিৰ লগত খেলা খেলিছে যদি সেইসকল লোকৰ ওচৰৰ পৰা আঁতৰি অহাই ভাল।বায়ে কোৱা কথাখিনি উপদেশ কিম্বা পৰামৰ্শ কি বুলি লওঁ থুতামুজা খাইছিলো হ'লেও এটা কথাত সংকল্পবদ্ধ আছিলোঁ যে মই জীৱনৰ যিকোনো কথাত বায়ে কোৱা সেই কথাখিনিক মানি চলিম।
         মনটো অকণমান ভাল লাগিল। গান এটি গুণগুণাই মই কাপোৰ জাপি জাপি মনতে ভাবিলো যে মোৰ বিশেষ জনৰ ওচৰত উপেক্ষিত হোৱাৰ পিছতো কেতিয়াও আৰু পাৰ হৈ যোৱা সময়ৰ কথা ভাবি বা মোৰ পৰা আঁতৰি যোৱা মানুহ বোৰৰ কথা ভাবি মন বেয়া নকৰোঁ। এটা চিৰন্তন সত্যক কোনেও নমনাকৈ থাকিব নোৱাৰে যে যিজনে আঁতৰি যোৱাৰ মানসেৰে আহে তেওঁ কোনোদিনে যিমান জোৰ কৰিলেও,যিমান মৰম দিলেও,যিমান গুৰুত্ব, হেঁপাহ দি আঁকোৱালি ল'লেও বুজিব নোৱাৰে।স্বাৰ্থ সিদ্ধি হ'ল মানেই তেওঁ লোকে সকলো সম্পৰ্ক ত্যাগ কৰে। মনৰ আবেগবোৰ নিয়ন্ত্ৰণ কৰিবলৈ শিকিছোঁ। এটা কথা আজি মইও মানিবলৈ বাধ্য হলোঁ যে পৰিৱৰ্তন হৈছে জীৱনৰ একমাত্ৰ ধ্ৰুৱক বস্তু। 
                                      
✍️ বন্তী দত্ত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)