জীৱনৰ অন্তিম যাত্রা
কিয় স্বজিলা তুমি সৃষ্টি কর্তা!!
বিষাদৰ আকুলতা
ঘূৰি নাহে কোনোদিন,
ৰঙীন ৰঙীন সপোন
ভাগিছে মনৰ দাপোন,
গুচি গ'ল বহু মনৰ আপোন।
শত্ শত্ আশা
হৈছে মাথোঁ নিৰাশা,
ভষ্ম হোৱা শিখা
মনৰ বহু অপেক্ষা,
শেষ হোৱা সপোনৰ ভৰসা।
এই অন্তিম বিদায়
এই অন্তিম বিদায়,
চলি থাকিবনে সদায়!!
নাশ হোৱা পর্য্যায়
দুখী হৃদয়ে বিনাই,
এয়াই মানুহৰ জীৱন জনম আৰু মৰণ,
ঈশ্বৰৰ চৰণত লভিলো শৰণ।
শেষ হ'ব সেই অতীতৰ দিন।
নাই আৰু বেছি দিন
এদিন হ'বা বিলীন
হৃদয়ৰ সেই মৌনতা,
শোকাকুল পৰিবেশৰ এই জনতা।
জীৱনৰ শেষ দিন
মাটিৰ মানুহ আমি মাটিতে বিলীন।
এয়াই নেকি জীৱনৰ সমীক্ষা!
বুজাব নোৱাৰা কিছু ভাষা।