হঠাৎ অহা বৰষুণজাকে তাইক আবেগিক কৰি তোলে । তাই যে অধীৰ আগ্ৰহেৰে বাট চাই থাকে সেই বৰষুণৰ দিনবোৰলৈ । যিয়ে তাইৰ মনটো জীপাল কৰি তোলে ।আপোন পাহৰা হৈ বৰষুণত তিতি হৃদয়ৰ সমস্ত দুখ তাই নোহোৱা কৰিব বিচাৰে । বৰষি অহা বৰষুণজাকত মিহলি হয় তাইৰ অনেক অশ্ৰু , যিবোৰ বৰষুণৰ টোপালবোৰে ঢাকি ৰাখে । যেতিয়া হাঁহিৰ আঁৰত থকা চকুলো বোৰ লুকুৱাব নোৱাৰা হৈ পৰে । তেতিয়াই বৰষুণৰ দিনবোৰলৈ অপেক্ষা কৰে । কাৰণ , তাই নিবিচাৰে তাইৰ দুখবোৰ আনে দেখি তাইক সহানুভূতি দেখুওৱাটো ।
✍️দীপ্তি কুমাৰ
ছাত্ৰী, ছিপাঝাৰ মহাবিদ্যালয় (দৰং)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ