হেৰুওৱাৰ যাতনা-ড° আৰাধনা বৰুৱা

মোৰ উপজা গাওঁখনৰ
পঁজাবোৰৰ উৰুখা ছাল নাইকিয়া হ'ল
বগীতামৰ চিকমিকনি
ভ্ৰাম্যভাষ, দূৰদৰ্শনৰ সণ্ঢালনিয়ে
দ্ৰুতভাৱে
গঞা ৰাইজক নতুন সপোন দেখুৱালে ! 

সাতামপুৰুষীয়া মৰম-চেনেহৰ ডোলডালতো
যেন ঘূণে ধৰিলে !

দ' পথাৰত ভূঁই ৰোৱা ছোৱালীজাকৰ
ঔ-ফুলীয়া হাঁহি ক'ত হেৰাল !

কেঁকোৰা-নাঙলৰ সীৰলুত সপোন সিঁচা পাহুৱাল ডেকাহঁতৰ
সৰিয়হ ফুল বৰণীয়া উৎসাহো ঢুকাল !

পুঠি-খলিহণাৰে এমুঠি 
উদৰ পূৰাই
তামোলৰ সেলেঙি বোৱাই 
বাই-চাইকেলত শাক-পাত বোজাই
বুধবৰীয়া হাটলৈ যোৱা
সৰু দাইটি, কণল'ৰাৰ চিন-মোকাম নোহোৱা হ'ল !

বৰনামঘৰৰ তিথি-পৰৱ বুলি
মাহেক-পষেকৰ আগৰ পৰা
হাউচ কৰি পিঠা-পনাৰ যোগাৰ কৰা
খুড়ী, বৰমাহঁতৰ মনবোৰো সেঙেটা পৰিল !

আগলি পথাৰত টেঙাবল খেলা
কিশোৰ জাকো নোহোৱা হ'ল 
পদুমণি বিলত জাকৈ বাবলৈ যোৱা
সোণপাহীহঁতৰ 
দেখাদেখি নাইকিয়া হ'ল !

কৰ্তব্যৰ তাগিদাত
দূৰণিত থাকি
মনৰ জপাত সাঁচি সামৰি ৰখা 
তাহানিৰ সেই সোণসেৰীয়া দিনবোৰ
প্ৰাণৰ আপোন গাওঁখনৰ 
গঞা-জ্ঞাতিৰ সন্ধানত
মই হাবাথুৰি খালো !
কিবা এক ৰিঙা ৰিঙা ভাৱে
মোক বিহ্বল কৰি তুলিলে !

✍️ ড° আৰাধনা বৰুৱা
যোৰহাট
                                 

Post a Comment

Previous Post Next Post