হঠাৎ~অণুগল্প-মধুকৃষ্ণা দেউৰী শিলপনীয়া

©Admin
0
ৰুবুলে চলাইযোৱা গাড়ীখন হঠাৎ ব্ৰেক মাৰি দিলে ৰাস্তাৰকাষত থিয় হৈ ৰৈ থকা চিনাকি চিনাকি লগা মানুহ গৰাকীক দেখি।হয় তাৰ অনুমান ঠিকেইআছিল। বিছ বছৰৰ পাছত তাইক আজি দেখিছে প্ৰথমবাৰ। ক্লাছ নাইনতে এৰি থৈ অহা 'অনুপ্ৰিয়াক' দেখি তাৰ মনটো সি ক্লাছ টেনত পঢ়ি থকা কথাবোৰলৈ মনত পৰি গ'ল।বেৰৰ জলঙাৰে তাইক চাই থকা মূহুৰ্তবোৰলৈ ।তেতিয়া আমাৰ স্কুলখন বাহঁৰ বেৰ আছিল। এতিয়া যেনিবা পকী হ'ল স্কুল,ৰাস্তা,পদূলি সকলোবোৰ। কিমান ভাল পাইছিল তাইক তাইৰ অজ্ঞাতে। সি তাইলৈ চাই থাকোঁতে চকুৱে চকুৱে পৰিলেই খঙেৰে কেৰাহীকৈ চাই মুখখন ঘূৰাই দিয়া সময়বোৰলৈ । সি আগেয়ে গৈ স্কুলত উপস্থিত থাকি তাই স্কুললৈ অহা বাট চাই থকা সময়বোৰলৈ আৰু এদিন তাইক ভালপোৱা হৃদয়ৰ কথাবোৰ লিখি দিয়া চিঠিখন নোচোৱাকৈ-নপঢ়াকৈ ফালি পানীত উটুৱাই দিয়া দৃশ্যটোলৈ --তেতিয়া বাৰিষাৰকাল ৰাস্তা বুৰি যোৱাপানী মাজে মাজে দ'ঠাইবোৰত সোঁত বৈছিল -- সেই কথাটোলৈ মনত পৰিলে এতিয়াও তাৰ বুকুখন ফাটি যায় যেন কৰে । ইমান নিষ্ঠুৰ , অহংকাৰী আছিল তাই মই বুজিবই পৰা নাছিলো।-- হয় তাই বহুত ধুনীয়া তাইৰ লগৰীয়া বোৰৰ মাজত জিলিকি আছিল তেতিয়া স্কুলৰ বাৰাণ্ডাত প্ৰাৰ্থনা কৰা সময়খিনিত ৰ'দৰ চিকমিকাই থকা কঁকালৰ লৈকে বৈ পৰা কিচকিছিয়া চুলিখিনি ৰামধেনুৰ সাঁতোৰঙেই জিলিকি উঠে। বৰ মৰম লাগিছিল তাইক --খুউব মন যায় তেতিয়া সি আলফুলে হাত বুলাই দি কপালত পুৱাৰ ফিৰফিৰিয়া বতাহে খেলিমেলি লগাই থকা চুলিকেইদাল আঁতৰাই মৰমেৰে তপত চুমা এটা আঁকি দিয়াৰ । তাই এতিয়া আগৰ ৰং নাই চিকমিকাই থকা চুলিখিনিও নাই । বয়সৰ আঁচোৰ পৰিছে মুখত। লাহি পাহি তাই চেহেৰাটো আগতকৈও বহুত শকত হ'ল ---উহঃ কি বোৰ যে মনলৈ আহিছে --পিছফালৰ গাড়ীৰ হৰ্ণৰ শব্দত হম্বিত ঘূৰি আহিল । তাইৰ চকুত চকু পৰাত মুখখন ঘূৰাই দিলে --একেই আগৰ দৰেই-- সিও লাহেকৈ গাড়ীখন চলাই দিলে তাৰ যাত্রা পথলৈ--- 

 ✍️মধুকৃষ্ণা দেউৰী শিলপনীয়া 
  ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)