আনিছে অনুভৱৰ টোপোলা,
দিব আনন্দ অপৰিসীম।
আশাৰ বৰষুণজাক
লৈ আহিছে আকৌ
পূৰ্ণ হব আশা,
ফাগুন প্ৰেয়সী কবিৰ।।
মনৰ নিভৃত কোণত
ৰাখিছে চাপ,
ফাগুনৰ পছোৱা জাকে।
নীৰৱতাৰ জয়গান গাইছে আকৌ
ফাগুন প্ৰেয়সী সৰাপাতে।।
কিন্ কিনিয়া বৰষুণ দিছে
নীৰৱতা কঢ়িয়াই আনিছে,
আনিছে নীসংগতাৰ বলাহক।
আশাৰে অপেক্ষা কৰা
সৰাপাতৰ প্ৰিয় সখা,
ফাগুন আহিছে
বিলাব নতুনত্ব প্ৰাচীনতাৰ ৰূপত।।
বৰষুণ দিছে
সৰিছে পানীৰ টোপাল
যেন মুকুটা সৰিছে ধৰাত।
অনাবিল আনন্দ দিব
মুকুটাৰ পৰশে
সানিব অনুভৱ এমুঠি আশাৰ।।
বৰষুণৰ মুকুটা বৰ প্ৰিয় মোৰ
নাজানো কি আছে তাত!
প্ৰিয় প্ৰিয় মাথোঁ প্ৰিয়
দিয়ে শান্তি মনৰ নিজানতাত!.....
ফাগুনৰ সৰাপাতে
দিয়ে আশাৰ উদ্ৰেক,
আঁতৰাই মনৰ প্ৰাচীনতা।
সৰাপাতৰ লগত সৰে
বাৰিদৰ পানীৰ টোপাল,
যাৰ নাম দিলো
মোৰ স্বপ্ন নগৰীত
বৰষুণৰ মুকুটা।।
বৰষুণে ধুৱাই নতুনৰ সাজ পাৰ পিন্ধাওক প্ৰকৃতিক। কবিতাটো পঢ়ি ভাল লাগিল।
ReplyDelete