তাই হেনো প্ৰফেছৰ পাছতহে গম পালোঁ | অভিজিত শেনচোৱা

ৰাতিপুৱা গৰম নাছিল যদিও এতিয়া বেলিটোৱে মূৰৰ ওপৰত যেন নিজৰ বীৰত্ব দেখাইছে । যেনে তেনে তলৰ ভিৰ ফালি গৈ ওপৰ মহলাৰ বাৰাণ্ডাত থকা খালি বেঞ্চ এখনত ভাগৰুৱা দেহাটো এৰি দিলো । পৰীক্ষা আছে , স্পৰ্টিং পিন্ধিও আহিব নোৱাৰি , ফৰ্মেল ড্ৰেচ পিন্ধিও গৰমত থাকিব পৰা নাই ! পৰীক্ষা হলৰ বাৰাণ্ডাত পূৰ্বৰে পৰা অপেক্ষাৰত পৰীক্ষাৰ্থীৰ ভিৰ । কোনো কোনো অকলে , কোনো ব্যস্ত নিজৰ মোবাইলটোৰ সৈতে , কোনোজন আকৌ ব্যস্ত চিনাকি কাৰোবাক বিচৰাত । বেঞ্চখনৰ পৰা পিঠিটো আঁতৰাই আনি পোন হৈ বহি ইফালে-সিফালে চকু ফুৰালোঁ । নাই কোনো চিনাকি মুখ মনলৈ নাহিল । তেনেতে কাকতি ফৰিং অহাদি আগমন এগৰাকী পৰীক্ষাৰ্থীৰ । চঞ্চল , হাঁহি থকা মুখ লৈ যেন খুবেই উত্তেজিত তাই । আহি মোৰ কাষতে বহি মোবাইলত ব্যস্ত হৈ থকা ছোৱালী কেইজনীক সুধিলে ৫ নম্বৰ ৰুম কোনটো ? বিৰক্তিৰে আঙুলিয়াই দেখালে তাৰে এজনী ছোৱালীয়ে ।উত্তৰ পাই আকৌ পখিলা উৰাদি তাই উৰি গুচি গ'ল । ছোৱালীকেইজনীয়েও পুনৰ মোবাইলত চকু গুজিল । মাথোঁ মই চাই ৰ'লো তাই যোৱাৰ বাটটো ।  
            গল কথা গুছিল কাহিনী তাতে সামৰিল । পৰীক্ষাৰ সময় আহিল , সকলো নিজৰ নিজৰ ৰুমত সোমালো । ৫ নম্বৰ ৰুমত সোমাই মই মোৰ চিট বিচাৰিবলৈ ধৰিলো । কিছু মুহূৰ্তৰ অন্তত বিচাৰি পালোঁ মোৰ স্থান । কিন্তু এইয়া কি ! মোৰ সন্মুখৰ বেঞ্চত বহি আছে সেই প্ৰাণ চঞ্চলা ছোৱালীজনী । ৫ নম্বৰ ৰুমত তাই আৰু বাকী দুজনীহে মাথোঁ ছোৱালী । পৰীক্ষা দিবলৈ আহিছে যদিও তাই গুৰু-গম্ভীৰ হৈ থকা নাই । ইফালে সিফালে চাই ফুৰিছে । যাকে চিনি পায় তাকে মাতিছে , হাঁহিছে ।খুবেই চঞ্চল , ভাল লাগিল দেখি যেন ফুলে ফুলে উৰি ফুৰা পখিলাজনীহে । পৰীক্ষা আৰম্ভ হ'বলৈ তেতিয়াও কিছু পৰ আছিল । সেই ক্ষণতে মোৰ চিটৰ পৰা মাজে মাজে লক্ষ্য কৰিলোঁ চশমাৰ আঁৰে আঁৰে তাইলৈ । কাণত হীৰা আকৃতিৰ সৰু ফুলি । পিঠিলৈ পৰা চুলি , বাৰেপতি সোঁ-হাতৰ আঙুলিৰে কাণৰ পিছলৈ ঠেলি আছে ফেনৰ বতাহত বাউলি হৈ উৰি ফুৰা চুলি কেইডাল ।  ডিঙিত এডাল লঘু চেইন । ক'লা মাস্ক পিন্ধাৰ বাবে মুখখন পিছে চাব পৰা নগ'ল । তাইৰ ডাঠ পাৱাৰৰ চশমাই ঢাকি ৰখা চঞ্চল মায়াবী চকু দুটিয়ে হাঁহিলে কাষত কিছু আঁচ পৰে । ভাল লাগে দেখি । খুবেই চঞ্চল তাই । আনকি আন ছোৱালীৰ দৰে স্থিৰ-শান্তিৰে বহি থাকিব নোৱাৰে । এবাৰ ইফালে এবাৰ সিফালে যেন বনত খেলি ফুৰা সৰু কণমানিজনীহে । আকৌ মন গলে ৱালত ভেজা দি ক্লাছটোক চাই থকা । মন গলে পিছলৈ ঘূৰা ইত্যাদি নানা কাৰ্যই মন মুহি গ'ল । হয়তো আমনি লাগিছিল।  এইবাৰ তাই কাষতে বহি থকা লৰাটোক উদ্দেশ্যি এৰিলে প্ৰশ্নবাণ নিজে প্ৰথমে । ক'ত ঘৰ , ক'ত পঢ়িছিল ইত্যাদি ইত্যাদি , সুধি গ'ল প্ৰশ্ন বহু দিনৰ চিনাকি মানুহৰ দৰে , ঠিক যেন সি তেওঁলোকৰ ঘৰৰ এক সদস্য হে । ল'ৰাটোৱে উত্তৰ দি গ'ল যদিও কিন্তু ওলোটাই কোনো প্ৰশ্ন নকৰিলে , যদিওবা কিছু পৰ পিছত তাই নিজে কৈ গ'ল নিজৰ বিষয়ে হাঁহি হাঁহি । পিছৰ চিটৰ পৰা ময়ো শুনি গ'লো প্ৰাণ চঞ্চলা সেই যুৱতীৰ জীৱন গাঁথা । জন্মসূত্ৰে গুৱাহাটীৰ বেলতলাৰ নিবাসী যদিও বৰ্তমান থাকে দৰঙত । B.Sc. কৰিছিল সন্দিকৈৰ পৰা , মাষ্টাৰ্ছ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা , Phd গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা । সন্মুখৰ বেঞ্চত চিনাকি পৰ্ব হোৱা দেখি এইবাৰ মোক মোৰ বেঞ্চৰ পৰীক্ষাৰ্থীজনে মোৰ কি বিষয় সুধিলে । উত্তৰ দিলো । এইবাৰ তাই সেই ল'ৰাক এৰি  পিছলৈ মোৰ পিনে ঘূৰি ল'লে । এইবাৰ মোলৈ প্ৰশ্নবাণ এৰিলে - -"আপুনি শিৱসাগৰৰ নহয়নে ?" মই আচৰিত ! 
-"হয় , পিছে আপুনি কেনেকৈ জানিলে ?" 
-"আপোনাৰ এডমিতটোৰ পৰা হি হি"
            সুবিধা মই এৰি নিদিওঁ । এইবাৰ সুযোগ বুজি ময়ো এৰিলো মোৰ প্ৰশ্নবাণ । কিন্তু আৰম্ভ কৰিবলৈ লওঁতেই প্ৰশ্নকাকত বিলাবলৈ এক্সটাৰনেল আহিল । সুধিব খোজা বহু কথা ৰৈ গ'ল ।
     প্ৰশ্ন কাকতৰ একো আগ-গুৰি বুজি পোৱা নাই । ইপিনে এক ঘণ্টাও যোৱা নাই । ইফালে-সিফালে চকু পকাই থাকোঁতে আকৌ চকু গ'ল সন্মুখৰ বেঞ্চৰ তাইলৈ । গোটেই পৰীক্ষাৰ দুঘণ্টা বেঞ্চ খনত এবাৰ ইফালে এবাৰ সিফালে চটফটাই উৎপাত কৰি মেলি কটালে । তাৰ মাজতে কেইবাবাৰো এক্সটাৰনেলক ইটো সিটো সৰু সুৰা কিবা কিবি সুধিলে (গোটেই ক্লাছটোৰ পৰীক্ষাৰ্থীসকলৰ খিনিৰ ভিতৰত তায়ে কেৱল এনেকুৱা আছিল) । দুঘণ্টা অতিক্ৰম হ'ল , পৰীক্ষা শেষ হ'ল । সকলো বাহিৰলৈ ওলাবলৈ সাজু হ'ল । এক্সটাৰনেলে সকলো উত্তৰ বহী ঠিকে-ঠাকে আছেনে নাই তাকে পৰীক্ষা কৰিবলৈ আমাক ওলাই যোৱাত বাধা দিলে । এইবাৰ মই সুযোগ বুজি কথা পাতিলোঁ । 'পৰীক্ষা কেনে হ'ল' ৰ পৰা আৰম্ভ কৰি উত্তৰ আলোচনা কৰি থাকোঁতেই হঠাৎ মোৰ চকু গ'ল তাইৰ চুলিৰ মাজত লুকাই থকা কণমানি সেন্দুৰকণলৈ । তাই বিবাহিত ! কথাৰ মাজতে তাইৰ পৰা জানিব পাৰিলো যে বৰ্তমান তাই দৰঙৰ কোনোবা এখন কলেজত অধ্যাপনা কৰি আছে । শুনি আচৰিত হ'লোঁ ! এনে এজনী চঞ্চল , চিত্ পখিলি হেন ছোৱালী বোৱাৰী হোৱাৰ লগতে অধ্যাপিকাও । নিজৰে কিবা লাজ লগাৰ দৰে অনুভৱ হ'ল । ইতিমধ্যে এক্সটাৰনেলে সকলোকে যাবলৈ নিৰ্দেশ দিলে । ওলাই আহিবলৈ বহি থকা তেওঁক সুধিলোঁ "কিয় আজি নাযাওঁ বুলি ভাবিছে নেকি হয় ?" আকৌ সেই চঞ্চল হাঁহি মাৰি দুটি চকু সৰু কৰি উত্তৰ দিলে , "যাম ৰ'বা হি হি , এওঁ বা আহি পালেহি নাই" ।


🔴শ্ৰী অভিজিত শেনচোৱা
দেউবিল নপমীয়া গাঁও, শিৱসাগৰ

Post a Comment

Previous Post Next Post