ফাগুন মানেই আশাৰ বতৰা | পাপু শইকীয়া

Rinku Rajowar
1
এজাক ফিৰফিৰীয়া বতাহ,
ৰ'দালিক কঁপাই শীতল ৰাতি।

হালধীয়া ৰঙচুৱা বৰণে, 
ভৰাই তুলিলে বিৰিখৰ তল, 
লঠঙা ডালত নতুনৰ আদৰণি। 

ফুটুকাত শিমলু ফুলৰ চকা ঘূৰে, 
গাঁৱৰ পদূলিয়েদি শৈশৱ নাচে, 
পলাশ মদাৰৰ ডালত মৌৰ গুণগুণনি। 

ৰাই-জাই কৰা ফপৰা দেহাৰে, 
শীত-গ্ৰীষ্মৰ সন্ধিক্ষণত, 
কাহ পানীলগা ডিঙিৰ চৰচৰণি। 

ফাগুন মানেই 
প্ৰথমজাক বৰষুণত তিতাৰ আমেজ, 
ফাগুন মানেই 
ৰঙৰ মায়া ছটিয়াই, 
ৰঙ বিৰঙ ফাকুৰ দপদপনি। 

ফাগুনে দি যায় 
নতুনৰ সুবাস, 
ফাগুনে কৈ যায় 
প্ৰেয়সীৰ উল্লাস। 

         ✍🏻পাপু শইকীয়া 
        চিনাতলী (গোলাঘাট)

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment