যাযাবৰী স্বপ্নৰ লহৰ।
দিৱসৰ অস্থিৰ মন বোৰ
যেন সেমেকি উঠে,
এই বিদায় বেলাত।
অস্থিৰ বেলি টোৱো যেন
শান্ত হৈ সপোন চাবলৈ
শিকাই এই পৃথিৱীক।
নামি অহা গধূলিৰ ওচৰত
বিষাদ মনৰে মৌন হৈ পৰে।
লুকাই থকা জোনাকীৰ
হুংকাৰত যেন লুকাই পৰে।
বিদায় বেলাৰ বেলি টো।
বিদায় বেলাতেই যেন
মৰহি যোৱা মন বোৰ
গজালি মেলিব ধৰে।
অস্থিৰ প্রশ্বাস বোৰ
ফাগুনৰ উৰণীয়া
বতাহ হৈ ধূলি উৰুৱাই।
হাৰ মনা নয়ন দুটিক
ৰঙীন আকাশ দেখুৱায় ।
বিদায় বেলাত ডুবে বেলি।
পদূলিত বহা আইতাৰ পকা
চুলি বোৰত যৌৱন নামে।
গৰু ছাগলীৰে ভৰা পথাৰ খন
আন্ধাৰত নগ্ন হৈ লুকাব ধৰে।
বিদায় বেলাৰ বেলি টো
ডুব যোৱাৰ লগে লগে ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ