মলাটৰ আখ্যান

©Admin
0
মলাট আৰু মোৰ ইষ্টান্তিকতা 
এক অনুভৱী সম্বন্ধ বহু দিনৰ,
কিতাপৰ বকলা নহয় সি
এক আচৰিত সম্বন্ধৰ আৱৰণ।।


আশাৰ কিৰণ পৰে যেতিয়া
সেই মলাটৰ মালিন্য পৃষ্ঠাত,
আঁতৰ হয় সেই মলীন আৱৰণ
যেন আশাৰ পৰিপূৰ্ণ প্ৰভাত।।

মলাটৰ কথাই হয় সংগী 
নিসংগ ক্ষণৰ বলাহকত,
বিহ্বলতাবোৰ অসীমত হেৰাই
যাৰ সীমাক কোনেও নিবিচাৰে জীৱনত।।

মলাটৰ কথাৰে কবলৈ গ'লে
“মই এক মুক্ত পৃষ্ঠা, যাৰ সীমা অসীমত”
নীৰৱ ক্ষণৰ উপস্থিতি যেন
মলাটত হয় প্ৰকট!

মলাটেই মোৰ সংগী হয়
হৃদয়ৰ নিৰস অৱস্থাত,
লিখি ৰখা অনুভৱ খিনি
বিম্বিত হয় মলাটৰ পৃষ্ঠাত।।

মলাটৰ ব্যাখ্যা মোৰ বাবে 
জীৱনতুষিনী স্বৰূপ,
আনন্দ দিয়ে, বেজাৰ দিয়ে
মলাটৰ প্ৰভাৱ বিৰূপ।।

মলাটে ভাস্বৰ কৰে
জীৱনৰ সুখ দুখ;
অনন্য প্ৰীতিৰ সম্ভাৰ,
মোৰ হৃদয়ৰ মলাটৰ কথাৰে
ভাস্বৰ মোৰ নীৰৱ সাধনাৰ।।

মোৰ ডায়েৰীৰ মলাটে মাতে মোক
আকৌ অনুভৱ লিখা,
উৰি যোৱা চিত্ পখিলা হৈ
জীয়াৰ আনন্দ লোৱা।।

মোৰ হৃদয়ৰ গৰাকী কোন
মলাটে ভালদৰে জানে,
আশাৰ পখিলী হৈ তাইক
মনে পাব বিচাৰে।।

মলাটৰ আখ্যান নকওঁ আৰু
কৈও নপৰে ওৰ ,
মলাট মোৰ বাবে সদায় বিশেষ 
অনুভৱৰ মিলন সুৰ ।।

কবিৰ পৰিচয়ঃ সুশান্ত দাস , শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)