লঠঙা গছবোৰত
ন-ন কুঁহিপাতে হাঁহি মাৰিলে ।
আমে মলিয়ালে,
কঠালে মুচি পেলালে,
কুলিৰ কু-উ, কু-উ শব্দই
সকলোকে দিলে
বসন্ত অহাৰ বতৰা ।
ঢোল-পেঁপাৰ লহৰত
লাহৰী গগণা গুজি লৈ
টাকুৰি ঘূৰাদি ঘূৰি নাচিব
ব'হাগৰ নাচনীজনীয়ে ।
শিপিনীৰ তাঁতশালত
প্ৰাণ পাই জিলিকিছে
চানেকিৰ ফুল বচা
মৰমৰ বিহুৱান ।
মানুহৰ খৰাং মনটোত
নৱ-নৱ চিন্তাৰ উন্মেষ ঘটাই
প্ৰাণ ঢালি বিলাই দিলে
ৰঙালীৰ ৰঙীণ ৰং ।
⚫বিশ্বজিৎ সূত
বালিজান, চতিয়া, বিশ্বনাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ