অভিমানী পক্ষী তুমি -দ্বীপ দীপাংকৰ লাহন

তুমি তোমাৰ অভিমানেৰে 
কিয় জুখিব খোজিছা 
মোক বাৰে বাৰে
পাৰিবা জানো জুখিব তুমি বিশাল সাগৰৰ গভীৰতা?

অভিমানী হৈ তুমি কিয় ৰ'ব খোজা মোৰ পৰা দূৰে দূৰে,
পাৰিবা জানো তুমি তোমাৰ অভিমানেৰে মোৰ পৰা আঁতৰি যাবলে' ?

মই নকওঁ তুমি অভিমান নকৰিবা বুলি
কৰিবাচোন অভিমান তুমি,
তুমি অভিমান কৰিলে 
মোৰ মনত আশাৰ এপাহি তেজৰঙা গোলাপে কলি মেলে,

তোমাৰ অভিমানে মোক তোমাৰ কাষলৈ হাত বাউলি মাতে।

কেতিয়াবা মৰুভূমিৰ মৰিচিকা বোৰেও
মোৰ বাবে কঢ়িয়াই আনে আশাৰ বতৰা; মৰমৰ ঠিকনা।

তোমাৰ অভিমানৰ পুখুৰীটোত মই এবাৰ সাঁতুৰিব বিচাৰো,
দিবানে তুমি তোমাৰ অভিমানৰ পুখুৰীটোত মোক এবাৰ সাতুৰিবলৈ ?

বুটলি আনিম মই সেই অভিমানৰ পুখুৰীটোৰ পৰা
এটি-দুটি ডৰিকণা, 
মোৰ মনৰ ভিতৰত স-যতনে সাঁচি ৰখা ‘তুমি’ নামৰ একুৰিয়ামটোত সজাবলৈ।

তুমি আহি চুমিবানে শোণিতৰ ৰাঙলী ৰহণ বোৰ,
শোণিতৰ ৰাঙলী ৰহণে শোভিত কৰিব আমাৰ মিলনৰ মধুক্ষণ।

আমি দুয়ো বিচাৰি যাম শান্তিৰ এহাল বনৰীয়া পক্ষী,
যাৰ নাম দিম তুমি আৰু মই।

অভিমানী হৈ থাকিবা তুমি 
মোৰ মনৰ মাজত 
কেতিয়াবা অভিমান কৰি পক্ষী হৈ উৰি নাযাবা তুমি। 

স-যতনে সজা মই 
মোৰ সৰু পঁজাটোত ৰাখিব বিচাৰো যতনেৰে।

অভিমানী পক্ষী হৈ উৰি নাযাবা তুমি দূৰ-দিগন্তলৈ,

মোৰ পুৱতি নিশাৰ সপোনবোৰ পলকতে মৰহি যাব।

মোৰ মনৰ মাজত তুমি সদায়ে 
এটি অভিমানী পক্ষী হৈ ৰোৱা
আজীৱন।

লেখকৰ পৰিচয়ঃ দ্বীপ দীপাংকৰ লাহন

Post a Comment

Previous Post Next Post