ত্ৰি-স্তৱক | জহিৰুল ইছলাম

©Admin
1
এটি চতৰ গধূলি
মেঘাচ্ছন্ন আকাশ
মৰুভূমিৰ প্ৰান্তত অপেক্ষাৰত এটি ভাগৰুৱা সপোন
এজাক ধুমুহা
ধুমুহাত্তোৰ পঁজাত বিধস্ততাৰ বুৰঞ্জী

স্তৱক ২
এন্ধাৰ 
মাজনিশাৰ শোৱাপাটিত
হৃদয়ৰ খিড়িকী মেলি অনুভৱে যেতিয়া ভিৰ কৰে
শব্দবোৰ হয় বাক্যহীন
এক অব্যক্ততা 

স্তৱক ৩
এটি উন্মাদ নিশা
উজাগৰি উন্মাদনাত 
ভয়াল কৰা কৰা এটি ক্ষণ
উচুপি উঠা কলিজাই
কঁপাই তুলিছে মোৰ শব্দৰ সীমান্ত
যেন এক
বিৰক্তিৰ শাণিত শেল
আৰু!
নেপথ্যত এটি শূন্য আকাশ!

জহিৰুল ইছলাম, গোৱালপাৰা

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. অশেষ ধন্যবাদ থাকিল

    ReplyDelete
Post a Comment