ভোকৰ আচোৰ- গৌতম মালাকাৰ

©Admin
1
বতাহত তেজৰ গোন্ধ
চকুত তেজৰ টোপাল
পলে পলে ভিন্নতাৰ সুগন্ধ হেৰাল।

বুকুৱে বুকুৱে জ্বলিছে 
বিস্তীৰ্ণ ভোকৰ অনল,
ভোকৰ কোলাহলত অস্থিৰতাৰ হুংকাৰ...

তেজৰ বৰষুণত
মাটিৰ গোন্ধ হেৰাল!
মাটিয়ে শুহিছে
মাটিৰ মানুহৰ তেজৰ টোপাল!

লেলিহান জিভাই চেলেকিছে 
জাতিৰ বাপতিসাহোন গুণাগুণ...

জীৱনদায়িনী পূজা-অৰ্চনাতো
সংহাৰী ভোকৰ আঁচোৰ!
আতংকৰ প্ৰৱাহত উঁটিছে
মিশ্ৰিত ভাস্কৰ্যৰ সপোন!!


   ◾গৌতম মালাকাৰ
         কৰিমগঞ্জ

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. নীল প্ৰজাপতি14 May 2022 at 21:22

    সুন্দৰ ৰচনা।

    ReplyDelete
Post a Comment