দেউতাৰ শুকান মৰিশালিটো-দিপশিখা ৰাজকোঁৱৰ

©Admin
2
বাৰীৰ এচুকত দেউতাৰ
শুকান মৰিশালিটো.....
প্ৰতি ক্ষণতে খিৰিকীৰ ফাকেৰে
জুমি জুমি চাই থাকোঁ।
সকলো জানি বুজিও
দেউতাৰ মাত এষাৰ পাবলৈ
অভিমানত উচুপি উঠো
দেউতাৰ শুকান মৰিশালিটোলৈ
নিৰৱে থৰ হৈ চাই থাকিলে
এনে লাগে যেন
দেউতাই মোৰ কাষলৈ আহি
দুচকু মোহাৰি দিব
আৰু মই দেউতাক 
জোৰকৈ সাৱটি ধৰিম।
মই জানো মোৰ হেঁপাহকণ 
কেতিয়াও পূৰ্ণ নহয়
সেয়া কেতিয়াও বাস্তৱ হ'ব নোৱাৰে
তথাপিও অভিমান কৰোঁ 
দেউতাৰ শুকান মৰিশালিটোলৈ চাই।

দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. নীল প্ৰজাপতি20 May 2022 at 09:27

    এক বুজাব নোৱাৰা শিহৰণ ।

    ReplyDelete
Post a Comment