সংসাৰৰ মেটমৰা ভাৰখন
মোৰ কান্ধত দি থৈ।
পাৰিম জানো মই .....?
তোমাৰ অবিহনে শাওণৰ
পথাৰখন শুৱনি কৰিবলৈ!
পথাৰৰ সৰু-সৰু আলি
পাৰিমনে বাৰু মই!
ভেটা দি ৰাখিব পানী?
অব্যক্ত বেদনাৰ অশ্ৰু -অঞ্জলি
টোপাটোপে পৰে সৰি।
পোনাকনে দেখি কয় -
'মা' তুমি নাকান্দিবা বুলি।
পাৰিমনে বাৰু মই বুজাব তাক
এইয়াইযে নিয়তিৰ পৰিহাস।
তুমি যে গ'লাগৈ চিৰদিনলৈ
মোৰ কপালত আঁকি দিয়া
ৰঙা বেলিটি মচি থৈ !!
✍🏻 মিনাক্ষী দত্ত
মিনাক্ষী দাসৰ কবিতাটি পঢ়ি আপ্লুত হ'লোঁ।
ReplyDelete