এই যেন দেখা পাম এতিয়াই!
সদায় এই সময়ত তেওঁক দেখা পাম বুলিয়েই বাৰান্দাত চকী এখন লৈ বহি থাকোঁ মই।
হাতত কিতাপ এখন লৈ থাকোঁ যদিও চকু কিন্তু সেইফালেহে যায় বাৰে বাৰে।
দিনটোত দুবাৰ তেওঁৰ দৰ্শন পাওঁ মই।ৰাতিপুৱা ছয় বজাত বিচনাৰ পৰাই সন্মুখৰ কোঠাটো লৈ চাই দেখা পাওঁ তিতি থকা চুলিখিনি গামোচা এখনেৰে বান্ধি ডাঙৰকৈ সেন্দুৰৰ ফোঁট টি কপালত আঁকি লয়। দীঘলীয়া সেওঁতাত ৰঙা আলিটো বোলাই দি ধূপৰ সুগন্ধিৰে চৌদিশে পবিত্ৰ তাৰ সুবাস বিলাই।
তিনিমহলীয়া অট্টালিকাটোৰ সেই কোঠাতো ধুনীয়াকৈ দেখি থাকে মোৰ কোঠাৰ পৰা।
আঠ বজাত চুলিটাৰি মেলি নিজৰ মানুহজনক কৰ্মস্থলীলৈ বিদায় দিয়ে তেওঁ।
আজি....!
আকাশী নীলা ৰঙৰ শাৰীখনেৰে সৰগৰ পৰীযেন লাগিছে তেওঁক।
নিলাজী বতাহ জাকে গাৰ আচলখন উৰুৱাই নিব খোজে।আউলি, বাউলী চুলিকোচাই বৰ আমনি কৰিছে তেওঁক।আলফুলে যেন আঁতৰাই দিম ।
ধেৎ!কি ভাবিছোঁ মই!
কিনো হৈছে মোৰ মনটো, বুজি নাপাওঁ চোন!
পঢ়াৰ বাবে পাঁচটা বছৰ ঘৰৰ পৰা আঁতৰি আছিলোঁ।মায়ে কোৱা মতে দুবছৰৰ আগতে কাষৰ ফ্লেটটো নৱদম্পতি এহালে কিনি লৈছে। যদিও সিমান এটা আহ-যাহ নাই,দেখিলে মাত এষাৰ দিয়ে কেতিয়াবা।
চহৰ অঞ্চলত চুবুৰীৰ মানুহেও ইজনে সিজনক চিনি নাপায়,কথা পতা দূৰতেই থাকক।
এই সময়খিনিত মোৰ ঘৰত বিশেষ কাম নাই। চাকৰি বিচৰা বা, নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিছোঁ।আজৰি সময়বোৰ কিতাপৰ মাজতেই আৱদ্ধ হৈ থাকিব বিচাৰোঁ।
সৌৱা তেওঁ দেখোন মোলৈ চাই মিচিকিয়াই হাঁহি এটি মাৰিলে!
কিবা এক অনামী শিহৰণে চুই গ'ল মনটো।
ডেকা বয়স! কেনেবাকৈ প্ৰেমত পৰিলোঁ নেকি বাৰু?
কিযে হৈছে মনক দেখোন বান্ধিব নোৱাৰি?
তেওঁ সোমাই গ'ল ভিতৰলৈ ।
মই কিতাপখন মেলি ললোঁ।
কিমান সময় বহি আছিলোঁ কিতাপৰ মাজত সোমাই গম নাপালোঁ।
হঠাৎ এটা শব্দ শুনি চক খাই উঠি চালোঁ,সেই অপৰূপাক।
আজি তেওঁ ৰঙা ব্লাউজৰ লগত ৰঙা পাৰিৰ চাদৰ মেখেলা পিন্ধিছে।কপালৰ ফোঁটতো আজি আৰু অলপ ডাঙৰ কৈ লৈছে!
ইমান ধুনীয়া!
কপালৰ ৰঙা সুৰুযে তেওঁৰ হিয়াৰ ৰক্ত জবাৰ পাহিবোৰ যেন জিলিকাই তুলিছে। চৌদিশে পোহৰ মাথোঁ পোহৰ!
আস: ইমান মধুৰ সময় এয়া!
মই যেন ক্ৰমান্বয়ে হেৰাই গৈছো সেই সুৰুযৰ হেঙুলি আভাৰ মাজত!
গ্ৰীলখনত হাত থৈ এপলক নেত্ৰে চাই আছে পদূলিলৈ।আজি তেওঁলোকৰ বিবাহ বাৰ্ষিকী।ধুনীয়া হাঁহিটোৰে অপেক্ষাৰত তেওঁ প্ৰিয়তমলৈ।
কেৰেচ ্!ধাম!
এটি শব্দ,এক মূহুৰ্তত সকলো শেষ। অফিচৰ পৰা আহি ঘৰলৈ সোমাবলৈ লওঁ তেই তীব্ৰ বেগী এখন ট্ৰাকে মহটিয়াই থৈ গ'ল তেওঁৰ স্বামীক।
মই চাই থাকোঁতেই তেওঁ ঢলি পৰিল।কপালৰ সূৰুযে বিদায় মাগিলে।ঠাইতে জঠৰ হৈ বিকট চিঞৰ এটা মাৰি মই পৰি গলো!
✍🏻মামণি বৰঠাকুৰ
পঢ়ি ভাল লাগিল যদিও প্ৰেমৰ গল্পটো কৰুণাত্মক সমাপ্তিৰ বাবে হোৱা দুখৰ অনুভূতিয়ে মনটো সেমেকাই দিলে ৷ দুখ লাগি গ’ল ৷
ReplyDelete