শুভাৰম্ভ -হেমেন হাজৰিকা

©Admin
1
    এটা সতেজ দোকমোকালি
    নিশাটোৰ আৱৰ্জনাখিনি
   ধুৱাই থৈ গ'ল
   এজাক বৰষুণে  ।।

   এজাক দবালপিটা বৰষুণ
   আৰু এটা দোকমোকালি
   কুঁহিপাত বোৰ
   বাহৰ চৰাইকিটা
   আৰু
  মোকো ধুৱাই থৈ গ'ল  ।

  এটা যাত্ৰাৰ শুভাৰম্ভ
  যি যাত্ৰাৰ শেষৰ
  এডৰা সেউজীয়া পথাৰ
  পথাৰ ঢৌৱাই যোৱা বতাহ
 বগলীজাকৰ ঘৰমুৱা যাত্ৰা  ।

 বৰষুণ প্ৰাণীৰ প্ৰাণ
 মোৰ মতে বৰ আপোন
 এটা শুকান দিন
 কাৰো কাম্য নহয়
জীপাল হৈ ৰওক
আমাৰ অনাগত দিন  ।।

   ◾হেমেন হাজৰিকা
      ৰাণী কামৰূপ অসম
     

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. নীল প্ৰজাপতি14 May 2022 at 21:24

    ভাল লাগিল পঢ়ি।

    ReplyDelete
Post a Comment