সামাজিক মাধ্যম বনাম সমসাময়িক সমাজ ব্যৱস্থা-বিকাশ বেদিয়া

©Admin
1
সাম্প্ৰতিক বহলভাৱে প্ৰচলিত সামাজিক মাধ্যমৰ প্ৰভাৱ সমাজ জীৱনৰ ওপৰত ক্ৰমান্বয়ে বাঢ়িছে। কেতিয়াবা ভাল আকৌ আন কেতিয়াবা বেয়া। সামাজিক মাধ্যমত সমাজৰ বহু লোকৰ ব্যস্ততা দেখা যায় । সাম্প্ৰতিক চ'চিয়েল চাইটৰ প্ৰভাৱ ইমানেই দ্ৰুত গতিত বাঢ়িছে কিছু বছৰৰ পিছত হয়তো আন মাধ্যমকো চেৰ পেলাব আৰু প্ৰচাৰৰ ক্ষেত্ৰত এক নতুন মাত্ৰা লাভ কৰিব। সামাজিক মাধ্যমৰ প্ৰভাৱ সমাজ জীৱনত ইমানেই পৰিছে যে বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতাও কমি গৈছে। সামাজিক মাধ্যম বিশ্বস্তৰত জনপ্ৰিয়তা লাভ কৰাত বোধ হয় যে প্ৰচলিত বৈদ্যুতিক মাধ্যম সমূহলৈ ভাবুকি অহাৰ সম্ভাৱনা প্ৰবল। বৰ্তমান সামাজিক মাধ্যমৰ যোগেদি বহুতো লোকৰ উপাৰ্জনৰ পথ মুকলি হৈছে। আধুনিক প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলশ্ৰুতিত সামাজিক মাধ্যম যোগাযোগৰ ক্ষেত্ৰত এক শক্তিশালী মাধ্যম।
প্ৰচলিত জনপ্ৰিয় সামাজিক এপ ফেচবুক, টুইটাৰ, ইউটিউব আদিৰ জৰিয়তে বহুতো নতুনত্ব জ্ঞান আহৰণ কৰিব পাৰি। সমাজৰ প্ৰতিটো স্তৰৰ লোকে যোগাযোগৰ মাধ্যম হিচাপে সামাজিক মাধ্যমক ব্যৱহাৰ কৰি আহিছে। উল্লেখযোগ্য যে সামাজিক মাধ্যমৰ ইতিবাচক দিশৰ লগতে নেতিবাচক ফলো দিনক-দিনে দ্ৰুত গতিত বৃদ্ধি পাইছে। বহু লোকে সামাজিক মাধ্যমসমূহ অপব্যৱহাৰ কৰাৰ ফলত সমাজ জীৱনত নেতিবাচক প্ৰভাৱ পৰিছে। বহু লোকে ভূৱা তথ্য দি প্ৰলোভিত কৰে,অপপ্ৰচাৰত লিপ্ত থাকে এচাম লোকে এইবোৰ সমাজ জীৱনত নেতিবাচক প্ৰভাৱ পেলাইছে। কিছুমান ঠাইত গোষ্ঠীগত সংঘৰ্ষ সামাজিক মাধ্যমৰ ফলত হৈছে। সৌ সিদিনা কাৰ্বি আংলংত দুজন যুৱকক এচাম লোকে হত্যা কৰিলে এই সকলোবোৰ সামাজিক মাধ্যম অপব্যৱহাৰৰ ফলতেই হৈছে। সেয়েহে আমি সকলোৱে সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে।
বৰ্তমান সামাজিক মাধ্যম অবিহনে আমাৰ জনজীৱন শূণ্য। সামাজিক মাধ্যম ৰাতিপুৱা শুই উঠাৰ পৰা দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ। বৰ্তমান নৱ প্ৰজন্ম সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত সমস্যা হোৱা দেখা যায়।আমি প্ৰতিজন লোক জনা দৰকাৰ যে মাত্ৰ এটা শব্দৰ বাবে সমাজ কুলষিত কৰি তুলিব পাৰে। সেয়েহে আমি নেতিবাচক দিশসহ পৰিহাৰ কৰা উচিত।নিজ তথা সমাজৰ সহায়ক হোৱাৰ বাবে বাৰ্তা প্ৰেৰণ কৰিব লাগে। অভিভাৱক সকলে নিজ সন্তানৰ ওপৰত দৃষ্টি দিয়াৰ প্ৰয়োজনীয়তা আছে। সেয়েহে সামাজিক মাধ্যমৰ কুফল পৰিত্যাগ কৰিব লাগে আৰু সকলোৱে সুস্থ সবল সমাজ প্ৰৱৰ্তনৰ দিশত অগ্ৰসৰ হ'ব লাগে।

✍️বিকাশ বেদিয়া 

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. অলেখ ধন্যবাদ জনাইছোঁ সমূহ বিষয়ববীয়া লৈ

    ReplyDelete
Post a Comment