আইমণি খণ্ড নং-৫ | বিটুমনি কোঁছ

আইমণিৰ মাকে পুৱতি পুৱাই ঢাৰি-পাতি এৰি বাহিবন সামৰি গাটো ধুই জুইকুৰা ধৰি ভাত কেইটা ৰান্ধি ল'লে।আজি আইমণিৰ খুড়ীয়েকৰ ভনীয়েক মুনু ৰ বিয়া। বায়েকৰ ওচৰলৈ আহি অনবৰতে তাঁতে সোতে আইমণিৰ মাকক সহায় কৰি দিছিল।এতিয়া বিয়া হৈ গ'লে ক'ত আহিব পাৰিব।কথাষাৰ ভাবি মানুহ জনীৰ চকুহাল সেমেকি আহিল।

কালিয়েই পঢ়া ঠাইতেই টোপনি যোৱা আইমণিক মাকে জগাই-জগাইও ভাত কেইটা খুৱাব নোৱাৰিলে।

আইমণিক মাকে দাংকোলাকৈ বাহিৰলৈ নি দাঁত কেইটা ব্ৰাছ কৰিব দিলে।

আগদিনা দেখা দৃশ্যটো মাকক কবলৈ আইমণিয়ে মুখ মেলোতেই বৰ ব্যস্ততাৰে মাকে তাইক এৰি ভিতৰলৈ সোমাই আহিল।

বানকাঁহী খন আগত লৈ একান্তমনে ভাত খাবলৈ লোৱা দেউতাকক তাই আগদিনা ৰাতি দেখা দৃশ্য টো ক'ব বিচাৰিলে।মাকে মুখপাতি ধৰিলে, চুপ এষাৰ মাত নামাতিবি।সোনকালে ভাত খা।মুনু মাহী বিয়ালৈ সোনকালে যাব লাগিব।সেমনা সেমেনিকৈ ভাত কেইটা খাই তাই উঠি আহিল।বহু কথা কবলৈ আছে।খুড়ীহঁতৰ ভাইটিক ক'বলৈ।মাকে বাপেকে তাইৰ কথা শুনিবলৈ নিবিচাৰে।

বিয়া ঘৰত উদুলি -মুদুলি।মুনু মাহীক আজি বৰ ধুনীয়া লাগিছে।সকলোৱে মুনুমাহীক উপহাৰ দিছে।

আইমণিৰ মাকে লৈ যোৱা কাঁহী বাতিযোৰ আগবঢ়াই দি মানুহ জনী দৌৰি গৈ ওলাই অহা চকুপানী খিনি চাদৰৰ আচলেৰে মচি ল'লেগৈ।

মা মইও বিয়া হ'ম।জীয়েকৰ কথাষাৰ শুনি বুকু ভাঙি ওলাই আহিব খোজা উদগত চকুপানী খিনি সামৰি ওচৰত ৰৈ থকা মহিলা কেইগৰাকীয়ে জীয়েকৰ কথা শুনি হাঁহি থকা হাঁহিত যোগ দিলে।

কেঁচুৱা থকা বাবে খুড়ীয়েকে ভনীয়েকক দৰা ঘৰত থবলৈ যাব নোৱাৰি আইমণিৰ মাকেই যাব লগা হ'ল।ৰাতি বিয়া ঘৰত কষ্ট পাব বুলি খুড়ীয়েকে ওচৰৰ মানুহ এঘৰত শুবলৈ থৈ আহিল।আইমণিক মৰম কৰি নিজৰ লগতেই শুৱাই লোৱা মানুহ জনীক আইমনীৰ ভাল লাগিল।যদিও তাই টোপনি নাহিল।

সকলো শুলে।তাইৰ বিচনাৰ কাষেদি অকনমানি এটা থুপুক-থাপাককৈ অহা-যোৱা কৰি আছে।ইমান মৰম লগা।আইমনীয়ে লাহেকৈ বিছনাৰ পৰা নামি গ'ল।অকনমানিটোৱে তাইলৈ নোচোৱাকৈ বিছনাৰ তলত সোমাল।

আইমণিয়ে চুচৰি বিছনাৰ তলত সোমাই গ'ল।অকনমানিটোৱে তাতেই নাইকিয়া হৈ এইবোৰ দৰ্জাখনৰ কাষত ৰৈ তাইলৈ চালে।

আইমণিয়ে অকনমানিটো দেখি বৰ ভয় খালে।সি ডিঙিটো ঘূৰাই মুখখন পিঠিফালে কৰি ল'লে।তাই বুকুখন ঢপংকৈ উঠিল।পিন্ধি থকা ফ্ৰকটোৱে মুখখন ঢাকি তাই উচুপি উচুপি কান্ধিবলৈ ল'লে।আগলৈ,,,,,,,,,,।

◼️বিটুমনি কোঁছ

Post a Comment

Previous Post Next Post