এটি আধা লিখা কবিতাৰ কথাবোৰ- ভাগ্যশ্রী বৰা

©Admin
2
সপোনবোৰ পোখা মেলিছিলহে মাথোঁ,
আশাবোৰো হৃদয়ত ঠন ধৰি উঠিছিলহে,
কিন্তু,
সময় যে নিষ্ঠুৰ অ'.... 
আবেলিৰ সেই ফিৰফিৰিয়া বতাহজাক 
বলিয়েই আছিল ফিৰফিৰকৈ
লাহে লাহে আন্ধাৰ নামিছিল ধৰালৈ...

কিন্তু, 
তাইৰ হৃদয়ত সেয়া যেন নহয় নিশা!
সূৰ্যোদয়ৰ ক্ষণত ৰাঙলী বেলিটিৰ 
সেয়া যেন ৰূপালী আভা...
ঘৰমুৱা পক্ষীজাকলৈ চাই ৰৈছিল তাই অবিৰতভাৱে একেথিৰে... 
ক্লান্ত নিশ্বাসবোৰ নাছিল তেতিয়ালৈ,
বৈছিল দুটি ওঁঠৰ কোণেৰে এটি মিচিকনি
কলমটো তুলিছিল ডায়েৰীৰ পৃষ্ঠাত 
অব্যক্ত কাহিনীৰ অকথিত কথাবোৰ বোৱাবলৈ,
কিন্তু, সেয়া যেন তাতেই ৰৈ গৈছিল 
আখৰৰ ৰূপত... 
ৰৈ গৈছিল স্তদ্ধ হৈ, 
এটি আধা লিখা কবিতা হৈ.....
◼️ভাগ্যশ্রী বৰা,মৰিগাঁও

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. নীল প্ৰজাপতি25 June 2022 at 08:01

    সুন্দৰ।

    ReplyDelete
  2. বৰ ভাল লাগিল পঢ়ি

    ReplyDelete
Post a Comment