বৰষুণ-জিণ্টু চাংমাই

©Admin
1
বুকু কঁপা বিজুলী
মাদল বজোৱা মেঘৰ
বাৰিষাৰ ব্ৰজ আন্দোল।

আকাশৰে নামি আহিল 
সোঁতৰ বিপৰীতে
টোপাল-টোপাল বৰষুণ।

জীৱন নদীৰ সোঁতত 
উটি যায় সময়
কাৰোবাৰ উচুপনি বহুৰাতি উজাগৰে।

বাৰিষাৰ প্ৰবল চাপ
পেটৰ ভোক লুকাই কাপোৰবোৰ নুশুকাই
ৰ'দ আজি লুকুৱাই কোনে?

বৰষুণ বুলিলেই
নহওঁ আজি ৰোমাণ্টিক
প্ৰেমৰ কথা আৰু নকওঁ যেনিবা...!

প্ৰজাই পাতে ৰজা যায়
কথাৰেও বঁটা পায়
যন্ত্ৰণাৰ পৰিধি হয় জানো এনেকুৱা?
◼️জিণ্টু চাংমাই (চামগুৰি:নগাঁও)

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment