গভীৰ নিশাই লৈ আহে
এটি নিস্তব্ধ নিশা!
নিশাৰ কোলাহলত
বিচাৰি ফুৰোঁ সপোনৰ
পৰি জনীক।
সপোনৰ দেশত লগ পাওঁ
সপোনৰ পৰিক ,
কিন্তু সাৰ পাই খেপিয়াই
চাওঁ বিছনাখনত
কিন্তু নাপাওঁ মই বিচাৰি।
নিস্তব্ধ নিশাৰ নিজান জগত
নিদ্ৰাৰ কোলাত লাল কাল
হৈ বিচাৰোঁ বিছনাত
সপোনৰ পৰিজনীক
প্ৰতিটো নিস্তব্ধ নিশাই বিচাৰোঁ
সপোনৰ পৰি জনীক
নাপালেও বিচাৰোঁ
নিজান নিশাত।
বিচাৰি ভাগৰি পৰিলে
মোৰ হিয়াখন উচুপি উঠে
এই নিস্তব্ধ নিশাত!