বৰ্ণিল-গীতালি বৰা

ক'লাৰঙবোৰে বোলে অন্ধকাৰৰ
বোল সানে চাওঁ মেলি দিয়াচোন তোমাৰ 
চুলিকোছা তাত গুজি দিওঁ
 কেইপাহমান ৰজনীগন্ধা।
ক'তা নাইচোন ইয়াত অন্ধকাৰ,
তোমাৰ চুলি আৰু ৰজনীগন্ধাৰ 
সুবাস মিলি বিজুলী বাতি, মমৰ পোহৰ নোহোৱা আউসীৰ নিশাটোতো দেখোন জিলিকাই তুলিছে তোমাৰ উজ্জ্বল চকুদুটা।
কঁপি উঠা তোমাৰ ওঁঠযোৰৰ 
পৰশে কঁপাই তুলিছে মোৰ সৰ্বাঙ্গ।
চোৱাচোন ইয়াত দেখোন চাৰিওফালে পোহৰেই পোহৰ তোমাৰ নাভিত জিলিকি থকা বগা পাথৰটোৰ পোহৰ, 
তোমাৰ ডিঙিৰ মণিডালত 
ওলমি থকা মোৰ নামৰ আখৰটোৰ পোহৰ, তোমাৰ কপালত জিলিকি 
উঠা ফোঁটটোৰ পোহৰ।
কোনে কয় ক'লা মানে অন্ধকাৰ,
বিচাৰি চোৱাচোন ক'লাৰ 
মাজতো বিচ্চুৰণ ঘটিব বিভিন্ন ৰঙতুলিকাৰ।

◾গীতালি বৰা
যোৰহাট

Post a Comment

Previous Post Next Post