তুমি উজ্জ্বল, ৰক্তিম আঁভা।
তুমি যেন সোণোৱালী পথাৰত
লখিমীৰ বুকুত তিৰবিৰাই উঠা,
কোমল ৰঙালী কিৰণ।
চৌপাশে জীপাল কৰা
তুমি যেন বাৰিষাৰ
প্ৰথমজাঁক বৰষুণ।
তুমি জোনাক।
জিলমিলাই থকা এখন জকমক আকাশ।
তুমি ঠিক পূৰ্ণিমাৰ জোনটো।
যি পোহৰাইছা মোৰ উদং আঁচল।
সুদীৰ্ঘ ন মাহৰ মধুৰ অপেক্ষাত
তুমি যেন আন্ধাৰ ফাঁলি
পোহৰ হৈ আহিছা।
আৰু পোহৰাই তুলিছা মোৰ চৌদিশ।
যি পোহৰে জগাইছে নতুন আশা, ন-প্ৰত্যাশা।
দিছে জীৱনত সম্পূৰ্ণতা।
আৰুনো কি লাগিছে?
তুমি পোহৰাই দিয়া বাটেৰে
মই বিছাৰি পাইছো
জীৱনৰ নতুন ঠিকনা।
মাতৃত্ব!!!
ইয়াতকৈ পোহৰ আছে জানো কিবা?
যি তুমি অহা বাট লৈ আহিছা।
সেয়ে
তুমি পোহৰ।
◾অনামিকা দাস
ৰঙিয়া