ভাললগা সময়-দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
আকাশৰ ধুনীয়া জোনটোক
প্ৰাণ ভৰি চোৱাৰ হেঁপাহেৰে
চোতালখনত নিৰৱে বহি থাকিলে
সঁচাকৈ মনটো ভাল লাগে।
চাৰিওফালৰ সেউজীয়া গছৰ
ফিৰ-ফিৰিয়া বতাহজাক আৰু
আকাশত উৰি ফুৰা পক্ষীজাকৰ শব্দ শুনি
ডায়েৰীৰ উকা পৃষ্ঠাত সৃষ্টি হোৱা
অনুভৱৰ দলিছাখন চাই
মনটো বেছিকৈ অনুভৱী হৈ পৰে।
আকাশত জিলিকি থকা
জোনটোৰ সৈতে বাৰ্তালাপত
বিলীন হৈ সন্মুখৰ সকলো
ধোঁৱা যেন দেখি পাওঁ
কেৱল জোনটোৰ ছাঁয়া
সন্মুখত উদ্ভাসিত হয়
ভাললগা মধুৰ সময়বোৰ
হৃদয়ত স্মৃতি হৈ সদায়
জীপাল হৈ থাকে ।

         
✍️দিপশিখা ৰাজকোঁৱৰ।( পিউ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)