বংগবন্ধুৰ ঢাকাত কি দেখিলোঁ-চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
1
কৰ্ম সূত্ৰে তিনি দিন ধৰি বাংলাদেশৰ ৰাজধানী ঢাকা আৰু ইয়াৰ উপকন্ঠৰ কিছু ঠাই দৰ্শন কৰি  উভতনিৰ আকাশী পথত মোৰ কিছু অভিজ্ঞতা লিখি যুগুতালো । মই অৱগত কৰাব বিচাৰা এই কথাখিনিয়ে পাঠকৰ দৃষ্টিগোচৰ কৰিব বুলি আশা কৰিলোঁ । 
সাধাৰণতে বাংলাদেশ বুলি কলেই আমাৰ ৰাজ্যখনত বাংলাদেশৰ পৰা অনাধিকাৰ প্ৰবজন কৰি থলুৱা লোকৰ মাটি সম্পত্তি দখল কৰি অসমৰ ভাষিক,অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক জীৱনশৈলীক গ্ৰাস কৰি পেলোৱা  ধৰ্মীয় গোৰা অপৰিছন্ন মানুহখিনিৰ কথাই মনলৈ আহে । বাংলাদেশৰ পৰা অনাধিকাৰ প্ৰবেশ কৰি অসমৰ শান্তিপূৰ্ণ পৰিবেশ বিঘ্নিত কৰা বাংলাদেশৰ এই প্ৰবজন কাৰী লোক সকলৰ প্ৰতি আমাৰ সদ্ভাৱ নথকাৰ বাবে বাংলাদেশৰ নামটোও আমি শুনিব নিবিচাৰো। তাতে  প্ৰবজনকাৰী এইসকল বিদেশীক বহিস্কাৰ কৰিবলৈ গৈ প্ৰান হেৰুৱা ৬৮৫ জন বীৰ শ্বহীদৰ কথাই প্ৰতিজন অসমীয়াক আৰু আবেগিক কৰি তোলে । স্বভাৱত আবেগিক আৰু এলেহৱা অসমীয়াই কথাৰ ফুলজাৰি মৰাক  বাদে একো কৰিব নোৱাৰে বুলি প্ৰমাণিত হোৱাৰ পাছত গোজেই গছ হোৱাৰ দৰে প্ৰবজন কৰা এই বাংলাদেশী লোক সমূহে চতুৰতাৰে চৰকাৰী নথি পত্ৰ লৈ থলুৱা হৈ পৰিল।  ফলঃত অসমৰ মাটি কালি এক ইঞ্চিমান নাবাঢ়িল যদিও জনসংখ্যাৰ পৰিমাণ হোৰা হোৰে চক্ৰবৃদ্ধি সুতৰ হাৰত বৃদ্ধি পাইছে । লাহে লাহে কৰ্মবিমুখ অসমীয়াৰ খেতিবাতি আৰু ভেটি বাংলাদেশী লোক সকলৰ হাতলৈ যাবলৈ ধৰিছে । ৰাজনৈতিক মুনাফা লাভৰ কাৰণে তাতে আকৌ কিছুমান পাবত গজা অদূৰদৰ্শী  স্বাৰ্থান্বেষী মানৱদৰদী নেতাৰ নেতৃত্ব বিভিন্ন দল সংগঠনে এই প্ৰবজনকাৰী লোক সকলৰ সুৰক্ষা আৰু অধিকাৰৰ বিষয়েহে অধিক চিন্তা কৰা পৰিলক্ষিত হৈছে । 
কিন্তু মোৰ এই তিনি দিনীয়া বাংলাদেশ ভ্ৰমণ কালত দৃষ্টি গোচৰ হোৱা দেশখনৰ সাম্প্ৰতিক সময়ত পৰিবৰ্তিত ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু সামাজিক চিন্তাধাৰা দেখি আচৰিত হৈছিলো ।
  ইতিহাস ফঁহিয়াই চালে দেখা যায় বাংলাদেশে অতীজৰ  পৰা বহুত ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক প্ৰতাহ্বানৰ সন্মুখীন আহিছে। 
এখন প্ৰত্নতাত্ত্বিক গবেষণাৰ প্ৰতিবেদন মতে প্ৰায় চাৰি হাজাৰ  বছৰ পূৰ্বে বাংলাদেশত দ্ৰাবিড় আৰু তিব্বত-বাৰ্মিজ লোকে বসবাস কৰিছিল বুলি বিশ্বাস কৰা হয়।  পিছলৈ আৰ্যসকলৰ আগমনৰ পিছত খৃষ্টাব্দ চতুৰ্থ শতিকাৰ পৰা ষষ্ঠ শতিকালৈ গুপ্ত বংশই বংগত শাসন কৰিছিল।   শশাংকা নামৰ এজন স্থানীয় ৰজাই অতি কম সময়ৰ বাবে অঞ্চলটোত  শাসন কৰিছিল যদিও  তাৰ পাছত  এশ বছৰমান  ধৰি এই অঞ্চলটো শাসক বিহীন  হৈ আছিল । দেশখনৰ ইতিহাসৰ সেই  সময় খিনিক মৎসন্যায় পৰ্ব বুলি কোৱা হয় । ইয়াৰ পাছত  বৌদ্ধ ধৰ্মালম্বী পাল বংশই বংগ দখল কৰাৰ পাছত  এই দেশখনৰ শাসন ব্যৱস্থা পৰৱৰ্তী চাৰিশ বছৰ শাসন কৰিছিল।  প্ৰায় এঘাৰ শ শতিকাৰ অন্তিম ভাগত পাল বংশৰ পতন ঘটাত  হিন্দু ধৰ্মালম্বীৰ সেন বংশই বংগ শাসন কৰিছিল। দ্বাদশ শতিকাত সেন ৰাজবংশৰ ৰজা বল্লল সেনে মা দূৰ্গা অনিন্দ্য সুন্দৰ ঢাকেশ্বৰী মন্দিৰ প্ৰতিষ্ঠা কৰাৰ পিছত ৰাজধানীখনৰ হৈ পৰিছিল ঢাকা।
  ১২০৫-১২০৬ খ্ৰীষ্টাব্দত তুৰস্কৰ মূলৰ সেনাপতি  মহম্মদ বিন বখতিয়াৰ খিলিজীয়ে হিন্দু ৰজা লক্ষ্মণসেনক পৰাস্ত কৰি দেশখনৰ শাসন ব্যৱস্থা নিজৰ হাতলৈ নিছিল ।  
১৫৭৫ চনত টুকাৰোই যুদ্ধত দিল্লীৰ বাদচাহ আকবৰে বংগৰ স্বতন্ত্ৰ শাসক দৌদ খান কাৰানীৰ  পৰাস্ত কৰাৰ পাছতে বংগ মোগল  সাম্ৰাজ্যৰ অধীনলৈ গৈছিল । মোগলে বংগ দখল কৰি ঢাকাত বংগৰ ৰাজধানী পাতি  ইয়াৰ নাম ৰাখিছিল জাহাংগীৰ নগৰ ।
১৭৫৭ খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পলাশীৰ যুদ্ধত  বংগৰ নবাব চিৰাজদ্দৌলাক পৰাস্ত কৰি বংগৰ শাসনভাৰ লাভ কৰিব সমৰ্থ হৈছিল । ইষ্ট  ইন্ডিয়া কোম্পানীৰ শাসন কালতে ১৭৭০ খ্ৰীষ্টাব্দত সমগ্ৰ ভাৰতত সংঘটিত হোৱা মনৱন্তৰ নামেৰে জনাজাত দুৰ্ভিক্ষত প্ৰায় ৩০ লাখ লোকৰ মৃত্যু হৈছিল বুলি কোৱা হয় । ইয়াৰ সৰ্ব সংখ্যক লোক  বংগৰ আছিল  । ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিপ্লৱৰ পিছত বংগৰ শাসনভাৰ প্ৰত্যক্ষভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনলৈ হস্তান্তৰ হোৱাৰ পাছত এজন ভাইচৰয়ক বংগৰ প্ৰশাসনিক দায়িত্বভাৰ প্ৰদান কৰা হৈছিল । 
১৯০৫ চনত  ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ব বংগৰ সংখ্যাগৰিষ্ঠ মুছলমান বসতি প্ৰধান অঞ্চল সমূহৰ সৈতে  বিহাৰ, উৰিষ্যাৰ পোন্ধৰ খন জিলা আৰু অসমক সামৰি ঢাকাত ৰাজধানী  পাতি এখন নতুন প্ৰদেশ গঠন কৰিছিল। এই নতুন প্ৰদেশখনৰ সংখ্যাগৰিষ্ঠ লোক মুছলমান সম্প্ৰদায়ৰ আছিল। 
পোন প্ৰথমবাৰৰ বাবে চতুৰতাৰে বৃটিছ শাসন ব্যৱস্থাই বংগ বিভাজন কৰি বছৰ বছৰ ধৰি  সদ্ভাৱনাৰে ভাৰতত বসবাস কৰি অহা হিন্দু আৰু মুছলমান পৰস্পৰৰ মাজত বিষ বাস্প বিয়পাই  দিছিল। এই বিভাজনৰ  পৰিনতিত শিয়াল বুদ্ধিৰ বৃটিছ সকলে ভাৰতীয় মুছলমানসকলক  ধৰ্মৰ ভিত্তিত নিজস্বভাৱে ৰাষ্ট্ৰীয় সংগঠন গঠন কৰিবলৈ উৎসাহিত কৰিছিল। এইয়াই আছিল বৃটিছৰ    ভাৰতীয় নাগৰিক সকলক ধৰ্মৰ ভিত্তিত বিভাজন কৰি স্বাধীনতা সংগ্ৰামক দূৰ্বল কৰি তোলাৰ এক গোপন অভিসন্ধি ।
ইফালে এই বিভাজনৰ সময়ত পশ্চিম বংগত বসবাস কৰা সংখ্যাগৰিষ্ঠ হিন্দু লোক সকল নিজৰ ৰাজ্যখনতে সংখ্যালঘু হৈ পৰিছিল। পাছত ১৯১১ খ্ৰীষ্টাব্দত পশ্চিম বংগৰ হিন্দুসকলৰ প্ৰবল প্ৰতিবাদৰ সন্মুখীন হৈ ভাইচৰয় লৰ্ড হেষ্টিংচে বংগ ভংগ খাৰিজ কৰি বিভক্ত বংগৰ একত্ৰীকৰণৰ কৰিবলৈ বাধ্য হৈছিল।  
কিন্ত দূৰ্ভাগ্যজনক ভাৱে ১৯৪৭ চনত স্বাধীনতাৰ প্ৰাক মুহূৰ্তত  বংগ প্ৰদেশক আকৌ এবাৰ ধৰ্মীয় আধিপত্যৰ ভিত্তিত বিভাজিত হৈছিল।  হিন্দু সংখ্যাগৰিষ্ঠ পশ্চিমবং ধৰ্ম নিৰপেক্ষ উদাৰ বিচাৰধাৰাৰ ভাৰতত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে মুছলমান সংখ্যাগৰিষ্ঠ পূৰ্ব বংগ গোৰা ধৰ্মীয় বিচাৰধাৰাৰ পাকিস্তানত অন্তৰ্ভুক্ত হৈছিল।   ১৯৫৪ চনত পূব বংগৰ নাম সলনি কৰি পূব পাকিস্তান কৰা হৈছিল যদিও পাকিস্তান চৰকাৰে পূব পাকিস্তানৰ অৰ্থনৈতিক আৰু জনগাঁথনিৰ বিকাশৰ বাবে উদাসীন মনোভাৱ পোষণ কৰিছিল। লাহে লাহে পূব পাকিস্তানৰ জনসাধাৰণ পশ্চিম পাকিস্তানৰ মইমতালিত বিতুষ্ট হৈ পৰিছিল । ১৯৫২ চনত পশ্চিম পাকিস্তানে দেশখনৰ ৰাষ্ট্ৰ ভাষা উৰ্দু বুলি ঘোষণা কৰাৰ পাছত 
পুব পাকিস্তানত ভয়ংকৰ ভাষা আন্দোলনৰ সূত্ৰ পাত হৈছিল ।   এই সময়ছোৱাত বাংলাদেশৰ ৰাজনীতিত আৱামি লীগ নামৰ এটা বাংলা জাতীয়তাবাদী দলে আত্মপ্ৰকাশ কৰিছিল । এই দলটোৰ নেতৃত্বতে ১৯৬০ৰ দশকৰ মাজভাগত পোন প্ৰথমবাৰৰ বাবে পূব পাকিস্তানক পশ্চিম পাকিস্তানৰ পৰা স্বাধীন কৰাৰ বাবে  ছয় দফীয়া আন্দোলনৰ সূচনা হৈছিল ।  আৱামি লীগৰ নেতা শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত মুৰ দাঙি উঠা এই প্ৰবল আন্দোলনৰ শংকাত ১৯৬৬ খ্ৰীষ্টাব্দত  তেওঁক কাৰাগাৰত বন্দী হৈছিল।  পুনৰবাৰ ১৯৬৯ চনত  আগৰতলা ষড়যন্ত্ৰ গোচৰত  শ্বেখ মুজিবুৰ ৰহমানক গ্ৰেপ্তাৰ হৈছিল যদিও পূৰ্ব বংগৰ লোক সকলৰ গণ বিদ্ৰোহৰ সন্মুখত তদানীন্তন ৰাষ্ট্ৰপতি আয়ুব খানৰ  সামৰিক প্ৰশাসনে মুজিবক মুকলি কৰি দিবলৈ বাধ্য হৈছিল।
১৯৭০ চনত পূব পাকিস্তানৰ উপকূলীয় অঞ্চলত এক সাংঘাতিক ঘূৰ্ণীবতাহৰ ফলত প্ৰায় ৫ লাখ লোকৰ মৃত্যু হৈছিল।  এই সময়ত পাকিস্তানৰ কেন্দ্ৰীয় চৰকাৰৰ অসহযোগিতা আৰু উদাসীন আচৰণত বাংলাদেশৰ জনতা ক্ষুব্ধ হৈ পৰিছিল।
সেই বছৰতে অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত বাংলাদেশৰ আৱামি লীগে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল যদিও পশ্চিম পাকিস্তানৰ চৰকাৰে নানান অজুহাত দেখুৱাই ক্ষমতা হস্তান্তৰৰ পৰা গা এৰাই চলিছিল।তাৰপাছতে পাকিস্তানৰ তদানীন্তন ৰাষ্ট্ৰপতি জেনেৰেল ইয়াহিয়া খানৰ সৈতে আৱামী লীগৰ শ্বেখ মুজিবুৰ ৰহমানৰ আলোচনা বিফল হোৱাৰ পাছত পশ্চিম পাকিস্তানৰ সেনাই অপাৰেচন চাৰ্চলাইটৰ চলাই বঙালী সকলৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ কৰিছিল।  এই অপাৰেচনত পশ্চিম পাকিস্তানৰ সেনাই প্ৰায় ত্রিশ লাখ লোকক নিৰ্দয় ভাৱে হত্যা কৰিছিল আৰু চাৰিলাখ মহিলাক ধৰ্ষণ কৰিছিল। প্ৰাণৰ মমতাত প্ৰায় এক কোটি লোক ভাৰতলৈ পলাই গৈ পশ্চিম বংগ, ত্রিপুৰা, মেঘালয়, বিহাৰ আৰু অসমত আশ্ৰয় লৈছিল। আৱামি লীগৰ অধিকাংশ নেতা ভাৰতলৈ পলায়ন কৰিছিল।   বাংলাদেশৰ স্বাধীনতা যোদ্ধাসকলে প্ৰায় ন'মাহ সময় পাকিস্তানী সেনাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।  ১৯৭১ খ্ৰীষ্টাব্দৰ ডিচেম্বৰত ভাৰতৰ সহায়ত মুক্তি বাহিনী আৰু বাংলাদেশ সেনাই পাকিস্তান সেনাক পৰাস্ত কৰিছিল।  পশ্চিম পাকিস্তানৰ জেনেৰেল নিয়াজীয়ে ১৯৭১ চনৰ ১৬ ডিচেম্বৰত মিত্ৰশক্তিৰ সেনাধ্যক্ষ ভাৰতৰ জেনেৰেল জগজিৎ সিং আৰোৰাৰ হাতত আত্মসমৰ্পণ কৰিছিল ।
 পশ্চিম পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰি পূৰ্ব পাকিস্তান   বাংলাদেশ নামৰ এখন নতুন প্ৰজা গনতান্ত্ৰিক দেশ গঠন হৈছিল । বাংলাদেশত প্ৰথমবাৰৰ বাবে সংসদীয় গণতন্ত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল আৰু শ্বেখ মুজিবুৰ ৰহমানে নৱ গঠিত দেশখনৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।  ১৯৭৩ চনৰ সংসদীয় নিৰ্বাচনত আৱামি লীগে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। কিন্ত সেই বছৰ আৰু ১৯৭৪ চনত পুনৰ দেশজোৰা দুৰ্ভিক্ষই দেশখনৰ অৱস্থা শোচনীয় কৰি তুলিছিল ।  
১৯৭৫ চনৰ ১৫ আগষ্টত শ্বেইখ মুজিব আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকক বাংলাদেশৰ সেনাবাহিনী আৰু তেওঁৰ নিজৰ দলৰ একাংশ ৰাজনীতিবিদে বিশ্বাসঘাতক কৰি কৰিছিল। 
নিজৰ দেশৰ ৰাষ্ট্ৰপিতা তথা বংগবন্ধু খ্যাত শ্বেখ মুজিবুৰ ৰহমানৰ হত্যাত সমগ্ৰ বাংলাদেশ শোকাকুল হৈ পৰিছিল। সৌভাগ্যবশত শ্বেখ মুজিবুৰ ৰহমানৰ  বিদেশত থকা দুয়োজনী নাবালিকা কন্যা হাছিনা আৰু ৰেহেনা বাচি গৈছিল।  বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জেষ্ঠ পুত্রীয়েই হৈছে বৰ্তমান বাংলাদেশৰ  প্ৰধানমন্ত্ৰী । বিগত পোন্ধৰ বছৰ ধৰি সুশাসন প্ৰদান কৰি  জনতাৰ বিপুল আস্থাক বিজয় কৰা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত বাংলাদেশত চলি থকা বিভিন্ন সৰু ডাঙৰ উন্নয়নশীল প্ৰকল্প আৰু কিছু বিশেষ কথা নিজ চকুৰে দেখি অভিভূত হৈছিলো। নিম্নলিখিত মোৰ  সেই চাক্ষুষ  অভিজ্ঞতা খিনিকে আপোনালোকক অৱগত কৰাব বিচাৰিছো।

  ১৷ বৰ্তমান বাংলাদেশৰ জনসংখ্যা হৈছে ১৭ কৌটি আৰু মাটি কালি ১,৪৮,৪৬০বৰ্গ কিলোমিটাৰ । এই মাটি কালিৰ এক তৃতীয়াংশ আকৌ জল নিমগ্ন হোৱাৰ বাবে প্ৰতি বৰ্গ কিলোমিটাৰত জনবসতি অতি ঘন।  সেই বাবে ছাফচিকুণতাৰ দিশত দেশখনৰ অৱস্থা অতি শোচনীয়। 

২। ২০২১-২২ বিত্তীয় বৰ্ষত বাংলাদেশৰ জনমূৰি আয় ২,৮২৪ ডলাৰ বা ২,৪১,৪৭০ বাংলাদেশী টাকালৈ বৃদ্ধি পাইছে, যিটো যোৱা বিত্তীয় বৰ্ষত (২০২০-২১) ২,৫৯১ ডলাৰ আছিল ।
আনহাতে বৰ্তমান মূল্যত ভাৰতৰ জনমূৰি আয় ২০১৯-২০ চনৰ ১.৩২ লাখ টকাৰ তুলনাত  ২০২০-২১ চনত হ্ৰাস পাই ১.২৭ লাখ টকা হৈছিল।  স্থিৰ মূল্যত বিগত বৰ্ষত ভাৰতৰ বাৰ্ষিক জনমূৰি আয় পুনৰ  হ্ৰাস পাই বিগত ২০২১-২২ বর্ষত ক’ভিড হৈছে গৈ মাত্ৰ ৯১,৪৮১ টকা ।

৩ ৷  ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা লাভৰ বাবে বাংলাদেশত ৫৩খন ৰাজহুৱা বিশ্ববিদ্যালয়, ১১২ খন স্বীকৃতিপ্ৰাপ্ত চিকিৎসা মহাবিদ্যালয়, ১০৫খন ইন্জিনীয়াৰিঙ কলেজ, ৩১৯২খন কলেজ আৰু সৰ্বমুঠ ২৩৫০০ খন হাইস্কুল আৰু ১০৮৫১৫ খন প্ৰাথমিক স্কুলৰ লগতে ৬০০০ খন কোৱামি মাদ্ৰাছা আৰু ৭০০০খন আলিয়া মাদ্ৰাছা আছে।  আলিয়া মাদ্ৰাছাত বিজ্ঞান, গনিত, ইংৰাজী আৰু বঙালী ভাষা পঢ়ুৱা হয় । আনহাতে কোৱামি মাদ্ৰাছাত অকল ইংৰাজী আৰু গনিত শিকোৱা হয়। ইয়াৰ উপৰিও বাংলাদেশত পাঁচখন টেক্সটাইল বিশ্ব বিদ্যালয় আৰু একচল্লিশ খন  টেক্সটাইল কলেজ আছে। 

৪৷ বাংলাদেশৰ কপাহী কাপোৰ যঠেষ্ট উন্নত মানদণ্ডৰ বুলি জনা যায় । সমগ্ৰ বিশ্বত বাংলাদেশৰ কপাহী কাপোৰৰ চাহিদা বহুত বেছি। অনুকূল জলবায়ুৰ বাবে কপাহো যঠেষ্ট উৎপাদন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশে কপাহ আৰু মৰাপাটৰ খেতিৰ বাবে এক সেউজ বিপ্লৱ আৰম্ভ কৰি পৃথিৱীৰ বিভিন্ন দেশলৈ কপাহী কাপোৰ ৰপ্তানি কৰিব সক্ষম হৈছে ।
বিগত সাত বছৰত বাংলাদেশৰ কাপোৰ উদ্যোগে বাৰ্ষিক ৰাজহ ১৯ বিলিয়ন ডলাৰৰ পৰা ৩৪ বিলিয়ন ডলাৰলৈ প্ৰায় ৭৯%  বৃদ্ধি হৈছে ।  ইয়াৰ ফলত দেশখন বিশ্বৰ দ্বিতীয় বৃহত্তম কাপোৰৰ ৰপ্তানিকাৰক হিচাপে পৰিগণিত হৈছে, বাংলাদেশৰ মুঠ ৰপ্তানিৰ আয়ৰ ৮০ শতাংশই এই খণ্ডটোৱে লাভ কৰিছে । হা-মীম হৈছে বাংলাদেশৰ সৰ্বাধিক জনপ্ৰিয় কাপোৰৰ ব্ৰেণ্ড। 
৫। তুলনাত্মক ভাৱে দুখীয়া বাংলাদেশৰ ৰাজপথত বিভিন্ন নামী দামী জাপানীজ গাড়ীবোৰ দেখি মনত বহুত প্ৰশ্নৰ উদয় হৈছিল।  পাছত গম পাইছিলো যে  জাপানৰ ব্যৱহাৰ হোৱা গাড়ী আৰু বিভিন্ন যন্ত্ৰ পাতি বাংলাদেশলৈ আমদানি কৰা হয় । এই গাড়ী আৰু যন্ত্ৰ পাতিবোৰ  জাহাজ যোগে জাপানৰ পৰা চিট্টাগঙ বন্দৰলৈ অনা হয়। ঢাকাৰ ওচৰৰ আসুলিয়াত থকা ব্যৱহৃত গাড়ী আৰু যন্ত্ৰ পাতিৰ পাইকাৰী বজাৰ খনত গৈ  জাপানৰ নামী দামী গাড়ীবোৰ একেবাৰে পানীৰ দামত বিক্রী হৈ থকা দেখি বুজিছিলো যে বাংলাদেশী সকলে আঠুৱা চাই ঠেং মেলিব জানে। 
 
৭৷ সাম্প্ৰতিক শ্বেখ হাছিনাৰ চৰকাৰে  জাপান আৰু মধ্য এছিয়াৰ ধনী দেশ সমূহৰ সহায়লৈ পৰিবহন, শিল্প, শক্তি আদিৰ লগতে দেশখনৰ আন্তঃগাঁঠনিৰ সবলীকৰণৰ বাবে যঠেষ্ট আগভাগ লোৱাৰ কথা জানিব পাৰিছিলো । দেশখনৰ শ্বাহ জালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভৰি থৈয়েই  ওচৰতে নিৰ্মাণৰত হৈ থকা বিশালাকাৰ আনটো বিমানবন্দৰ দেখিয়েই বুজিব পাৰিছিলো যে বাংলাদেশে প্ৰগতিৰ পথত খোজ পেলাইছে।  বিমানবন্দৰৰ পৰা হোটেললৈ আহি থাকোতেই চকুত পৰিছিল ঢাকাৰ তেজগাঁৱৰ মহখালী আৰু কমলাপুৰ হৈ কুটুবখালীৰ সৈতে শ্বাহজালাল বিমানবন্দৰক সংযোগী সাতচল্লিচ  কিলোমিটাৰ দৈৰ্ঘ্যৰ  ঢাকা এলিভেটেড এক্সপ্ৰেছৱে প্ৰকল্পৰ কাম । 
আসুলিয়াত যোৱাৰ সময়ত দেখিছিলো  জাপানৰ সহযোগত উত্তৰা আৰু মোতিজীল সংযোগী বিশ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেত্র ৰেল প্ৰকল্পৰ কাম । আমি যিটো সময়ত কা আন্দোলন কৰি জাপানৰ প্ৰয়াত প্ৰধানমন্ত্ৰী চিনজো আবে অসমলৈ 
অহাৰ হেঙাৰ হৈছিলো তেতিয়া তেওঁ বাংলাদেশক মেট্ৰ ৰেল প্ৰকল্প উপহাৰ দি জাপানলৈ উভতিছিল। 
মোৰ এই সীমিত বাংলাদেশ ভ্ৰমণ কালত দেশখনত নিৰ্মাণ হৈ থকা ২.৪ গিগাৱাট  ৰূপ পুৰৰ একমাত্ৰ পাৰমাণৱিক শক্তি উৎপাদন কেন্দ্ৰটো চোৱাৰো সৌভাগ্য ঘটিছিল। 
মূৰৰ ওপৰত তিনিদিন ধৰি ৰাজধানী ঢাকা আৰু ইয়াৰ উপকন্ঠৰ অঞ্চল সমূহত ভ্ৰমণ কৰাৰ সময়ত আমাৰ অসমলৈ প্ৰব্ৰজন কৰা বাংলাদেশী লোক সকলৰ বিপৰীতে  ঢাকাত সংখ্যক মহিলাকহে বোৰ্খা পৰিধান কৰা দেখিছিলো । পুৰুষৰ সমানে সমানে মাৰ্জিত ভাবে শাৰী, চুড়িদাৰ আৰু হিজাব পৰিহিত মহিলা সকল বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানলৈ যোৱা দেখিছিলো। বৰ্তমান বাংলাদেশত নাৰীৰ শিক্ষা আৰু কৰ্ম সংস্থাপনৰ প্ৰতি অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে । বৰ্তমানৰ আৱামী লিগ চৰকাৰখনে  যৌন উৎপীড়ন আৰু বিবাহ বিচ্ছেদৰ প্ৰতিৰোধ কৰাৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰা লগতেজন্ম নিয়ন্ত্ৰণৰ আৰু নাৰী সৱলীকৰণ প্ৰতিও সমাজত সচেতনতা জগাই তুলিছে ।
এটা কথা অকপট ভাৱে স্বীকাৰ কৰিব লাগিব যে  বাংলাদেশী সকল কঠোৰ পৰিশ্ৰমী । সময়ৰ অপব্যৱহাৰ নকৰি সকলো সময়তে দুপইচা আৰ্জনৰ কথা চিন্তা কৰে । প্ৰতিটো শুকুৰবাৰ ৰাষ্ট্ৰীয় বন্ধৰ দিন যদিও বেচিভাগ বেচৰকাৰী প্ৰতিষ্ঠান খোলা ৰখা দেখা গৈছিল। প্ৰতিস্থান সমূহৰ প্ৰাৰ্থনাৰ গৃহতে কৰ্মচাৰী সকলক নামাজ পাঠ কৰি পুনৰ কামত লাগি যোৱা দেখিছিল। ধৰ্ম আৰু কৰ্ম দুয়োটাকে সমান্তৰাল কৈ পালন কৰি যোৱা দেখি অনুপ্ৰাণিত  হৈছিলো।  শুকুৰবাৰে ব্যস্ত ঢাকা মহানগৰীৰ কোনো ৰাস্তা পথত যানযটৰ সৃষ্টি কৰি নামাজ পঢ়া নেদেখিলো।   প্ৰায়বোৰ মছজিদত নিয়মানুবৰ্তিতাৰে নামাজ পাঠ কৰা দেখিলো। কোনো মছজিদতে উচ্চ প্ৰাবল্যৰ শব্দত মাইকত নামাজ পঢ়া শুনা নাছিলো । বৰঞ্চ নৱী মহম্মদলৈ কৰা নামাজৰ সৰল আৰু পবিত্ৰ শব্দই মনলৈ পৱিত্ৰতা নমাই আনিছিল। 
মোৰ যাত্ৰা কালত দুই এজন বাংলাদেশী নাগৰিকক সাক্ষাত কৰা সময়ত আমাৰ দৰে তেওঁলোকৰ মাজতো অতিথিক আপ্যায়ন  কৰা পৰম্পৰা আছে । অতিথিক চাহ জলপান নুখুৱাকৈ নেৰে ।
এইবোৰ দেখি শুনি এটা কথা অনুভৱ কৰিছিলো যে সচৰাচৰ আমি ভবাৰ দৰে  বাংলাদেশ খন আজি ইমানো  পিছ পৰি থকা নাই। 
 সাম্প্ৰতিক সময়ত ধৰ্মীয় গোড়ামি পৰা আতঁৰি দেশখনে শিক্ষা, ব্যৱসায়, পৰিবহন,যোগাযোগ, শিল্প আৰু উদ্যোগ, পৰ্যটনৰ বিকাশ প্ৰতি যঠেষ্ট আগভাগ লোৱা দেখা গৈছে । বংগবন্ধু তথা বাংলাদেশৰ ৰাষ্ট্ৰপিতা প্ৰয়াত শ্বেখ মুজিবুৰ ৰহমানৰ জেষ্ঠ কন্যা শ্বেখ হাছিনাৰ নেতৃত্ব এসময়ৰ দৰিদ্ৰ দেশ খনে আজি প্ৰগতিৰ দিশত সো সোৱাই আগুৱাই যাব ধৰিছে 
। ইয়াৰ পৰা এটা কথা বুজিব পৰা গৈছে যে এখন দেশ বিকাশৰ পথত আগুৱাই যাবলৈ হলে এজন দূৰদৰ্শী শাসকৰ লগতে দেশখনৰ নাগৰিক সকলো ধৰ্মীয় গোড়ামিৰ পৰা আঁতৰি আহি দেশৰ উন্নয়ন আৰু বিকাশৰ প্ৰতি সচেতন হোৱাৰ অতি  প্ৰয়োজন। আজিৰ প্ৰগতিশীল বাংলাদেশে  ধৰ্মীয় আস্থাক দেশৰ বিকাশৰ হেঙাৰ হ'বলৈ নিদি অনুপ্ৰেৰণা আৰু আত্মবিশ্বাসৰ আধাৰ হিচাপে লোৱা উচিত বুলি প্ৰমাণ কৰি দিছে । একমাত্র গোড়া ধৰ্মীয় চিন্তাধাৰাই জীৱনৰ লক্ষ্য নহয় । পৃথিৱীৰ সকলোবোৰ ধৰ্ম গ্ৰন্থতো  একমাত্র ধৰ্মীয় হোৱাৰ বিপৰীতে ধাৰ্ম্মিক আৰু কৰ্মমূখী হ'বলৈ উপদেশ দিয়া হৈছে।  ৰাষ্ট্ৰধৰ্ম হৈছে পৰম ধৰ্ম গতিকে , আহঁকচোন আমি সকলোৱেই ধৰ্মীয় গোড়ামিৰ পৰা আঁতৰি এখন বিকশিত ভাৰত গঠনত নিজৰ সাধ্যাতীত অৰিহণা আগবঢ়াই যাওঁ । 

ধন্যবাদ  ।

◾ চুমিন্দ্ৰ চৌধুৰী,
সাহিত্য অভিযন্তা
নয়ডা, উত্তৰ প্ৰদেশ।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. নীল প্ৰজাপতি4 August 2022 at 19:10

    সুন্দৰ আৰু সাৱলীল বৰ্ণনাই আকাশ চুইছেগৈ।

    ReplyDelete
Post a Comment