পৃথিৱীক পদ তলত ৰাখিছোঁ
কিন্তু এই আক্ষৰিক সত্যৰ আগত
যুক্তিবোৰ মূৰ্চ্ছিত হয় ।
শিহঁৰিত নিৰ্জনতাত দুৰু দুৰু কঁপি উঠে বুকু,
মেঘৰঞ্জনীৰ আচলৰ ছাঁত ম্লান হোৱা দিনত
সেউজীক মাতে ধূসৰ হাতখনে...
দূৰ প্ৰান্তৰ টুকুৰা-টুকুৰ টিলাৰ ওপৰেদি
বৈ যায় অনৈতিকতাৰ বা ,
অৰণ্যৰ পৰা নাহে বন ফুলৰ সুবাস ।
কিছু তলেদি যোৱা কোনোবা সুন্দৰী ৰমণীৰ
গোলপীয়া ৰোমালখন হঠাতে উৰি গৈ পৰে
কাঁইটীয়া কেক্টাছ বনত,
নিঃশব্দে গুছি যায় অস্তগামী আবেলি
এই যে মুহূৰ্ত , ৰৈ থকা ইয়াৰ কোনো অৰ্থ নাই ।
নিজৰাৰ পানীত উটি যায় সম্ৰাটৰ শিৰাস্ৰন
কমলাৰ কোঁহৰ পাৰাও খহি পৰে বীজ
পৃথিৱীৰ গৰ্ভত ,
দুৰ্বল প্ৰজাপতি দুটি ব্যস্ত নিজ নিজ কৰ্মত
কাঁইটীয়া শুকান গছৰ কাঁইটেও দাবী কৰে
প্ৰকৃতিৰ প্ৰতিনিধিত্ব ....
সকলো দৃশ্যই নিৰপেক্ষ
মই জয়ী হোৱা নাই, হাৰি যোৱা নাই
মই এনেই এজন সাধাৰণ মানুহ.....।
পৰ্বতৰ শিখৰে যেতিয়া পৃথিৱীক পদ তলত ৰাখে
উঠি আহে তলপেটৰ বিষন্ন যন্ত্ৰণা, ক্লান্ত দীৰ্ঘশ্বাস ,
নিৰ্জনতা বোৰেই ক্ষমা প্ৰাৰ্থী অশ্ৰু বানৰ মুহূৰ্তৰ ।
✍️মাৰ্জিনা বেগম , বৰপেটা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ