ছোৱালী -‌ চেমিমা চুলতানা

©Admin
0
জন্ম হৈয়ে
"ছোৱালীহে হ'ল"ৰে
জীৱন আৰম্ভ কৰে
কিমান যে ঘাট-প্ৰতিঘাটৰ মাজেৰে
জীৱন আগবাঢ়ে। 

অলপ ডাঙৰ হৈয়ে 
এইফালে নাযাবি ;
সেইফালে নাযাবি ;
মানুহে কি ক'ব ? 
সংলাপ বোৰ অভস্ত্য হৈ পৰে
তথাপিয়ো যেন হাৰ নামানি
জীৱন যুদ্ধত আগবাঢ়ে । 

সৰুৰে পৰা ডাঙৰ হোৱা
ঘৰখন এৰি
নতুন ঘৰখনক
আপোন কৰে,
নতুন ঘৰৰ, নতুন দায়িত্বৰ মাজত
নিজকে পাহৰে। 

জীয়াই থাকোঁতেই আনৰ বাবে
নিজকে পাহৰি যায়
নিজৰ বাবে 
কৰিবলৈ লওঁতেই
সমাজৰ চকু যায়। 

মনৰ ভিতৰৰ হাজাৰ দুখক
মনতে হত্যা কৰি 
পুনৰ লাগি যায়
নিজৰ কামত 
আনৰ অসুবিধা নহওক বুলি। 

✍️চেমিমা চুলতানা
     মৰিগাঁও, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)