এটি জীয়া কবিতা ,
জ্বলি জ্বলি জীয়াই আছোঁ
যেন অগ্নিদগ্ধ শলিতা ।
সকলো হেৰাই গ'ল
সপোনবোৰ পৰি ৰ'ল,
নিঠৰুৱা দুচকুৱে আজিও
আপোনজনলৈ বাট চাই ৰ'ল ।
হেৰুৱা অতীতে আমনি কৰেহি
স্মৃতি বোৰকে সুঁৱৰি ,
ভগ্ন হৃদয়ত সপোনৰ অভাৱ
কেনেকৈ লওঁ নতুনক আদৰি ?
সপোন বোৰ ভাগিল বুলিয়েই
স্মৃতি জানো যাবা পাহৰি ?
আপোন জন হেৰাল বুলিয়েই
ল'ব পাৰি জানো বেলেগক আদৰি ?
✍️ শান্তনু হাজৰিকা
বিশ্বনাথ চাৰিআলি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ