নিয়ৰৰ প্ৰেয়সী- বৰ্ণালী গগৈ

©Admin
1
তাই আকৌ ফুলিছে
হয়টো নামিছ শৰৎ,
চৌপাশে বিলাইছে সুগন্ধি
জিলিকিছে জোনৰ ৰূপোৱালী পোহৰত।
নিয়ৰে তাইক চুমি গৈছে
এবাৰ তাই নিয়ৰক কোলাত লৈছে ,
এসময়ত নিয়ৰ কোলাৰ পৰা সৰি পৰিছে!
তাই সৰি গৈ শুভ্ৰতাৰ দলিচা পাৰি 
শৰতক আদৰিছে।
ভালপাই তাই শৰতক
নিয়ৰৰ সতে কৰা ধেমালিবোৰ তাইৰ অতি প্ৰিয় ,
সেইবাবে ৰাতিৰ নিজানত তাই ফুলি উঠে
উৰে নিশা নিয়ৰৰ সতে কথা পাতে ,
দুয়ো সৰি পৰে এখনি জীপাল দলিচা পাৰি
এনেকৈয়ে নামি আহে
স্নিগ্ধ সুবাসৰ নিয়ৰসনা পুৱতি।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment