কিন্তু এদিন মোৰ ফোনত এটা গুৰু- গম্ভীৰ পুৰুষ কণ্ঠত ফোন আহিল। মই চেভ নোহোৱা ফোনকল আহিলেও কিন্তু প্ৰায়েই ৰিচিভ কৰোঁ ,কাৰণ কোনোবা আপোন মানুহৰ বিপদৰ খবৰো থাকিব পাৰে।
সিদিনাও কৰিছিলোঁ। সিফালৰ পৰা গদ গদ কণ্ঠেৰে মোক ক'লে, আপুনি অনামিকা চৌধুৰী নহয়--------নে
মই কʼলো হয় হয়, আপুনি কোনে ক'লে বাৰু?
মই অভিনৱ বৰুৱাই কৈছোঁ।
মই সুধিলো ,কিবা ক'ব নেকি বাৰু?
নহয়--------
মানে, মই আপোনাৰ লিখনি পঢ়ি ভাল পাওঁ, সেয়েহে এবাৰ আপোনাৰ লগত কথা পাতিব মন গ'ল।
অ' ধন্যবাদ জনালোঁ তেতিয়া হ'লে। কিন্তু,শুনক মহাশয়, আজিৰ পৰা এই ধৰণৰ কথা লৈ ফোন নকৰিলে ভাল পাম।
কাৰণ মই বহুত ব্যস্ত মানুহ।
অ' হয় নেকি?
তেতিয়া হ'লে নিশ্চয় আপোনাৰ মোক বায়োডাটা দিবলৈও সময় নাথাকিব ? মই আপোনাক আচলতে চৰকাৰে দিয়া লেখক সম্বৰ্ধনা বঁটাটোৰ বাবেহে জনাবলৈ ফোন কৰিছিলোঁ।
যদি সময়ৰ অভাৱ, তেতিয়া হ'লে এৰো দিয়ক।
◾জ্যোৎস্না ৰানী বেগম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ